অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভয়া হিৰন্ময়ী

অভয়া হিৰন্ময়ী (জন্ম ২৪ মে' ১৯৮৯) হৈছে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেখেতে মালায়ালম আৰু তেলেগু ভাষাত বহুকেইটা গীত বাণীবদ্ধ কৰিছে। মালায়ালম ভাষাৰ ছবি গোড়ালোচনাত কণ্ঠদান কৰা কয়িকড়ে শীৰ্ষক গীতটিৰ বাবে এইগৰাকী কণ্ঠশিল্পীয়ে ২০১৭ চনৰ এছিয়াভিছন ছবি বঁটা-প্ৰদান অনুষ্ঠানত "সংগীতত উৎকৃষ্টতা"…

হালনাগাদ: ২৫ জুলাই ২০২৫ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অভয়া হিৰন্ময়ী (জন্ম ২৪ মে' ১৯৮৯) হৈছে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেখেতে মালায়ালম আৰু তেলুগু ভাষাত বহুকেইটা গীত বাণীবদ্ধ কৰিছে।১ মালায়ালম ভাষাৰ ছবি গোড়ালোচনাত কণ্ঠদান কৰা কয়িকড়ে শীৰ্ষক গীতটিৰ বাবে এইগৰাকী কণ্ঠশিল্পীয়ে ২০১৭ চনৰ এছিয়াভিছন ছবি বঁটা-প্ৰদান অনুষ্ঠানত "সংগীতত উৎকৃষ্টতা" সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সৃষ্টিশীল বাতাৱৰণৰে সমৃদ্ধ, থিৰুৱনন্তপুৰুমৰ এটা পৰিয়ালত অভয়াই জন্মলাভ কৰিছিল। হিৰন্ময়ীয়ে সংগীতৰ কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাছিল। সংগীতৰ প্ৰাথমিক শিক্ষা তেখেতে গ্ৰহণ কৰিছিল মাতৃ লতিকাৰ পৰা। মাতৃ লতিকা আছিল সংগীতত এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলা। তাৰ লগতে তেখেত অধ্যাপক নেয়াটিংকাৰা এম.কে. মোহনচন্দ্ৰনৰ শিষ্যা আছিল। হিৰন্ময়ীয়ে খুড়ায়েকৰ পৰা পৰোক্ষভাৱে সংগীতৰ উচ্চ শিক্ষা লৈছিল। অধ্যাপক খুড়ায়েকে স্বাতী থিৰুনাল সংগীত মহাবিদ্যালয়ত সংগীতৰ পাঠদান কৰিছিল। অভয়াৰ দেউতাক জি. মোহনে দূৰদৰ্শন কেন্দ্ৰত কাৰ্যসূচী প্ৰযোজক অথবা প্ৰগ্ৰাম প্ৰডিউছাৰ হিচাপে কাম কৰিছিল।১

থিৰুৱনন্তপুৰুমতে ডাঙৰ-দীঘল হোৱা হিৰন্ময়ীয়ে কাৰ্মেল স্কুলত পঢ়া-শুনা কৰিছিল। সংগীতত কেৰিয়াৰ এটা গঢ়াৰ পূৰ্বতে তেখেতে অভিযান্ত্ৰিকত নামভৰ্তি কৰিছিল। অৱশ্যে শিক্ষা সমাপ্ত নহ'ল। সংগীতশিল্পী গোপী সুন্দৰৰ সৈতে অভয়া হিৰন্ময়ীয়ে লিভ্-ইন সম্পৰ্কত আছিল। ২০১৮ চনৰ জুলাই মাহত তেওঁ ঘোষণা কৰিলে যে-এই বিশেষ সম্পৰ্কটোৱে ন বছৰ অতিক্ৰম কৰিছে।৩

কৰ্মজীৱন

হিৰন্ময়ীয়ে ২০১৪ চনত কেৰিয়াৰ আৰম্ভ কৰে। তেখেতে মালায়ালম ছবিত সহকাৰী/সহযোগী কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছিল।৪ তেখেতৰ প্ৰথমটো গীত আছিল "নাকো পেণ্টা নাকো টাকা"; য'ত তেখেতে স্বাহিলী উপভাষাত সহযোগী কণ্ঠ হিচাপে কণ্ঠদান কৰিছিল।৫ তাৰ পিছত তেখেতে "থান্নে থান্নে" গীতটোত কণ্ঠদান কৰে। ২০১৫ চনৰ "টু কাউণ্ট্ৰিছ" নামৰ এই ছবিখনৰ সংগীতকাৰ আছিল গোপী সুন্দৰ। গোপী সুন্দৰে হিৰন্ময়ীৰ কণ্ঠটোক এইটো গীতত "ইণ্টাৰলিউড" হিচাপে ব্যৱহাৰ কৰিছিল। একেটা বছৰতে তেখেতে "চ'টি জিন্দেগী" নামৰ তেলেগু ভাষাৰ গীতটোতো কণ্ঠদান কৰিছিল।৬ ২০১৬ চনত তেখেতে কণ্ঠশিল্পী কাৰ্তিকৰ লগত "জেমছ এণ্ড এলিছ" ছবিখনৰ গীত এটি গায়। ২০১৭ চনত "গোড়ালোচনা" শীৰ্ষক ছবিত গোৱা "কয়িকড়ে" গীতটো খুব কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ উঠে। এই গীতটোৰ সুৰ ৰচিছিল তেখেতে দীৰ্ঘদিনীয়া সহযোগী গোপী সুন্দৰে। এইটো গীতেই তেখেতলৈ প্ৰথমটো "এছিয়াভিছন" বঁটা লৈ আহিছিল। গীতটিৰ পৰিৱেশনত দেখুউৱা পাৰদৰ্শিতাৰ বাবে তেখেতক এইটো বঁটাৰে বিভূষিত কৰা হৈছিল।৭২

গীত

বৰ্ষছবিগীতগীতিকাৰRef
২০১৪নাকো পেণ্টা নাকো টাকানাকো পেণ্টা নাকো টাকাগোপী সুন্দৰ৪
২০১৫বিশ্বাছম, এথেল ইলামনৌ ফোলাক্কিংগোপী সুন্দৰ৪
২০১৫মল্লী মল্লী ইদি ৰাণী ৰজোচোটি জিন্দেগীগোপী সুন্দৰ৬
২০১৫টু কাউণ্ট্ৰিছথান্নে থান্নেগোপী সুন্দৰ৪
২০১৬জেমছ এণ্ড এলিছমঝায়ে মঝায়েগোপী সুন্দৰ৪
২০১৭সত্যজ্ঞান নিন্নে থেডিভাৰুমগোপী সুন্দৰ৪
২০১৭গোড়ালোচানাকয়িকড়ে ছংগোপী সুন্দৰ৪
২০১৭টু কাউণ্ট্ৰিছচেলিয়া চেলিয়া ভিড়িপোকে কালালাগোপী সুন্দৰ৮

তথ্যসূত্ৰ

  1. ↑ Sathyendran, Nita. (2016-06-23). Notes of a Bohemian kind. The Hindu
  2. ↑ James, Anu. Asiavision Movie Awards 2017: Deepika Padukone, Dulquer Salmaan, Manju Warrier, Tovino Thomas grace event (PHOTOS). International Business Times, India Edition
  3. ↑ (14 February 2019). Singer Abhaya Hiranmayi in a live-in relationship with Gopi Sundar. Mathrubhumi
  4. ↑ List of Malayalam Songs by Singers Abhaya Hiranmayi. en.msidb.org
  5. ↑ Naku Penta Naku Taka music review - Times of India. The Times of India
  6. ↑ Music Review: Malli Malli Idhi Rani Roju - Times of India. The Times of India
  7. ↑ (2017-11-08). Magic behind Koikode song. deccanchronicle.com/
  8. ↑ (2017-12-13). 2 Countries (Original Motion Picture Soundtrack) - EP by Gopi Sundar on Apple Music

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভয়া হিৰন্ময়ী” প্ৰবন্ধৰ সংশোধন ৫২৭১১৪ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।