অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিতা গোয়েল

অনিতা গোয়েল (ইংৰাজী: Anita Goel) হৈছে এগৰাকী আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰু চিকিৎসক। নেন'জৈৱপদাৰ্থবিজ্ঞান, বিশেষকৈ আণৱিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে তেখেতে সমগ্ৰ বিশ্বতে পৰিচিতি লাভ কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অনিতা গোয়েল (ইংৰাজী ভাষা: Anita Goel) হৈছে এগৰাকী আমেৰিকান পদাৰ্থ বিজ্ঞানী আৰু চিকিৎসক। নেন'জৈৱপদাৰ্থবিজ্ঞান, বিশেষকৈ আণৱিক বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে তেখেতে সমগ্ৰ বিশ্বতে পৰিচিতি লাভ কৰিছে।১

শিক্ষা

অনিতা গোয়েলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ন'বেল বঁটাপ্ৰাপ্ত বিজ্ঞানী ডুডলেই আৰ. হাৰ্ছবেখৰ তত্ত্বাৱধানত তেখেতে গৱেষণাকাৰ্য সমাপ্ত কৰে। তেখেতৰ গৱেষণাপত্ৰৰ শিৰোনাম আছিল-Single Molecule Dynamics of Motor Enzymes Along DNA. বিশ্বখ্যাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞানত ডিষ্টিংছনসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাত তেখেতৰ তত্ত্বাৱধায়ক আছিল ন'বেল বঁটা বিজয়ী ষ্টিভেন ছু। হাৰ্ভাৰ্ড-এমআইটিৰ স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ(Health Sciences and Technology, HST) যুটীয়া শাখাৰ পৰা তেখেতে এটা এম.ডি.(ডক্তৰ অৱ মেডিছিন) ডিগ্ৰীও লাভ কৰে। ২৩৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ peoplepill.com/people/anita-goel/
  2. ↑ Archived copy
  3. ↑ (2005). 2005 Young Innovators Under 35. Technology Review
  4. ↑ Dr. Anita Goel - Studying DNA Using Physics

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিমহিলা পদাৰ্থ বিজ্ঞানীচিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা গোয়েল” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৫৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।