অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিতা কুপ্পুস্বামী

অনিথা কুপ্পুস্বামী (Anitha Kuppusamy) এজন তামিল লোক-সংগীত আৰু কৰ্ণাটক সংগীতশিল্পী আৰু টেলিভিচন হোষ্ট তেওঁৰ 'নাতুপুৰা পট্টু' নামত পৰিচিত, যি এটা 'তামিল লোকশিল্প'। অনিতা অলপ বয়সৰ পৰাই গায়ক হোৱাৰ আগ্ৰহী আছিল। গান গোৱাৰ উপৰিও অনিতা ভালেমান টেলিভিচন ৰিয়েলিটি শ্ব'ত বিচাৰক হিচাপে দায়িত্ব পালন কৰিছিল।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২১ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

অনিথা কুপ্পুস্বামী (Anitha Kuppusamy) এজন তামিল লোক-সংগীত আৰু কৰ্ণাটক সংগীতশিল্পী আৰু টেলিভিচন হোষ্ট তেওঁৰ 'নাতুপুৰা পট্টু' নামত পৰিচিত, যি এটা 'তামিল লোকশিল্প'। অনিতা অলপ বয়সৰ পৰাই গায়ক হোৱাৰ আগ্ৰহী আছিল। গান গোৱাৰ উপৰিও অনিতা ভালেমান টেলিভিচন ৰিয়েলিটি শ্ব'ত বিচাৰক হিচাপে দায়িত্ব পালন কৰিছিল। অনিতা ৰন্ধা কাৰ্য্যৰ বিষয়ত কিছুমান গ্ৰন্থ ৰচনা কৰিছে আৰু টিভিত কুকাৰি (ৰন্ধা) শ্ব' পৰিৱেশন কৰিছে।

জীৱনী

অনিতা বেংগালুৰুত জন্মগ্ৰহণ কৰিছিল আৰু 'মেট্টুপলায়মত' ডাঙৰ-দীঘল হৈছিল। তেওঁ সৰু কালৰ পৰাই সংগীত তথা গানত আগ্ৰহী আছিল আৰু তেওঁৰ পৰিয়ালক সংগীতশিল্পী হিচাপে তেওঁৰ পেচা অনুসৰণ কৰিবলৈ স্বীকাৰ কৰিছিল। তেওঁ সংগীতত বি.এ. কইম্বাতুৰৰ 'অবিনাশী লিঙ্গাম কলেজৰ' পৰা পাচ কৰে। অনিতা চেন্নাইৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু কৰ্ণাটিক সংগীতত এম.এ. লয়।১২

তেওঁৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ সহপাঠী পুষ্পভনাম কুপ্পুস্বামীৰ লগত সাক্ষাৎ কৰিছিল আৰু সিহঁত বিভিন্ন প্ৰতিযোগিতা তথা কনচাৰ্টত একেলগে গান গোৱা আৰম্ভ কৰিছিল। শেষ লৈকে এই দম্পতীৰ বিবাহ হয়। তেওঁ তেওঁৰ স্বামী পুষ্পভনাম কুপ্পুস্বামীৰ পৰা এটা তামিল লোকশিল্পী "নট্টুপুৰ পট্টু" শিকিছিল।১

পেচা

অনিতাৰ মূল লক্ষ্য আছিল তামিল লোকশিল্প, "নট্টুপুৰা পট্টু"ত। তেওঁৰ স্বামী পুষ্পভনাম কুপ্পুস্বামীৰ লগত তেওঁ ভাৰত আৰু বিদেশত প্ৰায় ৩,০০০ কনচাৰ্ট কৰিছে।৩

অনিতা এইচ.আই.ভি/এইড্‌ছ, যৌতুক, ধূমপান, মদ্যপান, মহিলা শিশু হত্যাকাণ্ড, শিশুশ্ৰম, মহিলাৰ বাবে শিক্ষাৰ গুৰুত্ব আৰু স্তন্যপানৰ বিষয়ত বিশেষভাৱে সচেতনতা সৃষ্টি কৰিবলৈ তেওঁৰ গীতত সামাজিক বাৰ্তাবিলাক একত্ৰিত কৰিছে।১

ইয়াৰ আগত অনিতাৰ লক্ষ্য আছিল মূলধাৰাৰ প্লেব্যাক গায়ক হৈ উঠা। কিন্তু কনচাৰ্টৰ বাবে তেওঁৰ ওচৰা-উচৰি ভ্ৰমণৰ কাৰণে তেওঁ প্লেব্যাক গীতত মনোনিৱেশ কৰিব লোৱাৰিছিল।৩

ডিস্ক'গ্ৰাফী

লোক এলবাম

  • মান্নু মানক্কধু
  • মন ভাচম
  • মন ওচাই
  • কাৰিশাল মন
  • ছোলাম বেধাইকাইল
  • মেহম কৰুক্কুদ্দি
  • কালথু মেদু
  • উৰক্কুৰুভি
  • গ্ৰামাথু গীতম
  • কত্তুমাল
  • আদিয়াথি ডাঞ্চ ডাঞ্চ
  • ওথাইয়াধিপ্পাধাইল
  • থানজভুৰু মন্নেদুথু
  • নট্টুপুপুৰ মনাম

চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে

চলচ্চিত্ৰগীতসংগীত পৰিচালকউপ-গায়ক
ভাল্লি ভাৰা পোৰা"পন্নু ৰমবা জৰুথান"কে. এচ. মনি অইলপুষ্পভনম কুপ্পুস্বামী
আৰাছিয়াল"আৰাছিয়াল আৰাছিয়াল"বিদ্যা সাগৰপুষ্পভনম কুপ্পুস্বামী
কৰিছাকত্তু পুভ"কুছানূৰু"ইলায়াৰাজাপুষ্পভনম কুপ্পুস্বামী

ব্যক্তিগত জীৱন

অনিতা পুষ্পভানম কুপ্পুস্বামীৰ লগত বিবাহ কৰিছিল সিয়ো এজন গায়ক তথা এই দম্পতীৰ দুজনী ছোৱালী পল্লবী আগৰৱাল এজন ডাক্তৰ আৰু মেহা।১

তেওঁ ২০১৩ চনৰ চেপ্তেম্বৰৰ অল ইণ্ডিয়া অনা দ্ৰাবিড় মুন্নেত্ৰ কাজগম ৰাজনৈতিক দলত যোগ দিছিল।৪৫

তথ্যসূত্ৰ

  1. ↑ Transcending boundaries. The Hindu
  2. ↑ Biographu
  3. ↑ My First Break – Anitha Kuppusamy. The Hindu
  4. ↑ (3 September 2013). AIADMK welcomes newcomers. The Hindu
  5. ↑ AIADMK welcomes newcomers

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা কুপ্পুস্বামী” প্ৰবন্ধৰ সংশোধন ২৯৭৬৩৮ (১৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।