চিলেট মহিলা চিকিৎসা মহাবিদ্যালয় (Sylhet Women's Medical College) (চমুকৈ SWMC) হৈছে ২০০৫ চনত স্থাপিত হোৱা বাংলাদেশৰ এখন ব্যক্তিগত চিকিৎসা বিদ্যালয়। এই বিদ্যালয়খন কেৱল নাৰী ছাত্ৰীসকলৰ বাবে। চিলেট মহিলা চিকিৎসা মহাবিদ্যালয় হৈছে চিলেটৰ মাজমজিয়াত ১ লাখ ৩০ হাজাৰ বৰ্গফুট মাটিত নিৰ্মিত ৩টা উচ্চ অট্টালিকা থকা এটা পাঠদান আৰু চিকিৎসাৰ সুবিধা থকা বিদ্যালয় আৰু চিকিৎসালয়।১
ই কেন্দ্ৰীয় চিলেটৰ মিৰবক্সত’লাত অৱস্থিত। ইয়াৰ পূৰ্বে ই স্কুল অৱ মেডিকেল চায়েন্সৰ অধীনত শ্বাহজালাল ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি (SUST)ৰ সৈতে জড়িত আছিল যদিও ২০১৯ চনৰ হিচাপত ই এতিয়া চিলেট মেডিকেল ইউনিভাৰ্চিটি (SMU)ৰ অধীনত আছে।
ই মহিলাৰ বাবে দেশৰ দ্বিতীয় শ্ৰেষ্ঠ চিকিৎসা মহাবিদ্যালয়। ২০২০ চনৰ লোকপিয়ল অনুসৰি বিশেষজ্ঞতাৰ ক্ষেত্ৰত চিলেট বিভাগৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় আছিল।২ ভাৰত, নেপাল, মধ্যপ্ৰাচ্য, কানাডা, যুক্তৰাজ্য আৰু অধিক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰীসকলে এই মহাবিদ্যালয়ত পঢ়িব আহে।
ইয়াত পাঁচ বছৰীয়া অধ্যয়নৰ পাঠ্যক্ৰমৰ জৰিয়তে চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক (এমবিবিএছ) ডিগ্ৰী লাভ কৰা হয়। স্নাতক হোৱাৰ পিছত এবছৰৰ ইণ্টাৰশ্বিপ সকলো স্নাতকৰে বাবে বাধ্যতামূলক। এই ডিগ্ৰী বাংলাদেশ মেডিকেল এণ্ড ডেণ্টেল কাউন্সিলে স্বীকৃতি প্ৰদান কৰিছে।
ইতিহাস
২০০৫ চনত হলি চিলেট হোল্ডিং লিমিটেডে (HSHL) কলেজখন স্থাপন কৰে, আৰু পিছৰ বছৰত চিলেট মহিলা চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰে। ২০০৬ চনত নিৰ্দেশনা আৰম্ভ হয়, আৰু ২০০৭ চনত চিকিৎসালয়খন মুকলি কৰা হয়।৩ এইচ.এছ.এইচ.এলে কেম্পাছত ডেণ্টেল কলেজ আৰু ৪ বছৰীয়া নাৰ্চিং কলেজ যোগ কৰাৰ মনস্থ কৰিছে।৪
কেম্পাছ

মহাবিদ্যালয়খন কেন্দ্ৰীয় চিলেটৰ মিৰবক্সতোলাৰ চৌহাটা পইণ্ট আৰু নোয়া ছাৰাক পইণ্টৰ প্ৰধান ছেক্সনসমূহৰ মাজত অৱস্থিত। ৩ একৰ (১.২ হেক্টৰ) ভূমিত দুটা মূল অট্টালিকা আছে: এটা উচ্চ অট্টালিকাত কলেজখন আৰু আনটোত সংশ্লিষ্ট ৬২৫ বিছনাযুক্ত শিক্ষণ চিকিৎসালয় আছে।৫
সংগঠন আৰু অনুষদ
এই মহাবিদ্যালয়খন স্কুল অৱ মেডিকেল চায়েন্সৰ অধীনস্থ শ্বাহজালাল ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি (SUST)ৰ সৈতে জড়িত আছিল।৬৭ ২০১৯ চনৰ পৰা ইয়াৰ সংযোগ সলনি হৈ চিলেট মেডিকেল ইউনিভাৰ্চিটি (SMU) ৰ লগত সাংযোগ হৈছে।
শৈক্ষিক দিশ
কলেজখনে বাংলাদেশ মেডিকেল এণ্ড ডেণ্টেল কাউন্সিলৰ (বিএমডিচি) অনুমোদিত পাঁচ বছৰীয়া অধ্যয়নৰ পাঠ্যক্ৰম আগবঢ়ায়, যাৰ ফলত SUSTৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক (MBBS) ডিগ্ৰী লাভ কৰা হয়। চূড়ান্ত পেছাদাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বাধ্যতামূলক এবছৰৰ ইণ্টাৰশ্বিপ লব লগা হয়। চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰিবলৈ বিএমডিচিৰ পৰা পঞ্জীয়ন লাভৰ বাবে ইণ্টাৰশ্বিপ হৈছে পূৰ্বচৰ্ত।৬৮ ২০১৪ চনৰ অক্টোবৰ মাহত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তি আৰু টিউচন মাচুলৰ সীমা নিৰ্ধাৰণ কৰিছিল যে পাঁচ বছৰীয়া পাঠ্যক্ৰমৰ বাবে মুঠ ১,৯৯০,০০০ বাংলাদেশী টকা (২০১৪ চনৰ হিচাপত ২৫,৭৫০ আমেৰিকান ডলাৰ)।৯
মহাবিদ্যালয়খনত কেৱল মহিলা ছাত্ৰীকহে নামভৰ্তি কৰা হয়।৬ বাংলাদেশৰ সকলো চিকিৎসা মহাবিদ্যালয়ত (চৰকাৰী আৰু ব্যক্তিগত) এমবিবিএছ কাৰ্যসূচীত বাংলাদেশীৰ নামভৰ্তি কেন্দ্ৰীয়ভাৱে স্বাস্থ্য সেৱা সঞ্চালকালয় (ডিজিএইচএছ)ৰ দ্বাৰা পৰিচালিত হয়। ই সমগ্ৰ দেশতে একেলগে লিখিত বহু পছন্দ (MCQ)ৰ প্ৰশ্ন পৰীক্ষা অনুষ্ঠিত কৰে। এই পৰীক্ষাত লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীসকলক নামভৰ্তি কৰা হয় যদিও মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণপত্ৰ (এছ এছ চি) আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণপত্ৰ (এইচ এছ চি) পৰ্যায়ৰ গ্ৰেডেও ভূমিকা পালন কৰে।১০ ২০২০ চনৰ জানুৱাৰী মাহলৈকে মহাবিদ্যালয়খনত বছৰি ১০০জন ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অনুমতি দিয়া হৈছে, বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০% আসন অবাংলাদেশী ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই ভাৰত, নেপাল আৰু অন্যান্য দক্ষিণ এছিয়াৰ দেশৰ।
লগতে চাওক
- বাংলাদেশৰ চিকিৎসা মহাবিদ্যালয়ৰ তালিকা
তথ্যসূত্ৰ
- ↑ SWMC · Home. www.swmc.edu.bd
- ↑ Bangladesh Medical College Ranking 2020 · MBBS Study in Bangladesh
- ↑ (2013). Prospectus. Sylhet Women's Medical College. পৃ. 6–7
- ↑ HSHL. Sylhet Women's Medical College
- ↑ (2013). Prospectus. Sylhet Women's Medical College. পৃ. 8–9
- ↑ Sylhet Women's Medical College and Hospital. World Directory of Medical Schools
- ↑ Schools. Shahjalal University of Science & Technology
- ↑ List of Recognized medical and dental colleges. Bangladesh Medical & Dental Council
- ↑ (27 October 2014). Govt to fix maximum fees. New Age
- ↑ Admission Procedure. Sylhet Women's Medical College
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিলেট মহিলা চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩৪০০৩ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।