ৰাছিয়াৰ ব্যক্তি
৫৬ প্ৰবন্ধ
-
এলজে জানোভনা পেইমুৰু
এলজে জানোভনা পেইমুৰু ( Elze Janovna Paemurru), জন্ম: ৩০ মাৰ্চ ১৯১৭ চন আৰু মত্যু: ১৪ জুন ১৯৯৫ চন, যি এলছ আৰ্নে নামেৰেও পৰিচিত; ছোভিয়েট ইউনিয়নৰ সময়ত এগৰাকী ইষ্ট'নিয়ান সুৰকাৰ, পিয়ানোবাদক আৰু শিক্ষাবিদ আছিল।
-
এলভিৰা আমাজাৰ
এলভিৰা আমাজাৰ (ইংৰাজী: Elvira Amazar; ১৮৯০ৰ দশক – ৭ ফেব্ৰুৱাৰী, ১৯৭১) এগৰাকী চাৰ্বিয়াত জন্মগ্ৰহণ কৰা ৰাছিয়ান-আমেৰিকান ছপ্ৰানো গায়িকা আৰু অভিনেত্ৰী আছিল। তেওঁক ভেৰা আমাজাৰ বা ইলেন আমাজাৰ নামেৰেও জনা গৈছিল। ১৯১৭ চনত "চিজকেক" হিচাপে বৰ্ণনা কৰা প্ৰথমখন ছবিৰো তেওঁ বিষয় আছিল।
-
এলমিৰা আবদ্ৰাজাকোভা
এলমিৰা ৰাফাইলভনা আবদ্ৰাজাকোভা (ইংৰাজী: Elmira Rafailovna Abdrazakova; জন্ম: ৭ অক্টোবৰ ১৯৯৪) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৩ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৩ আৰু মিছ ৱৰ্ল্ড ২০১৩ প্ৰতিযোগিতাত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
ক্সেনিয়া চুখিনোভা
ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা (ইংৰাজী: Ksenia Vladimirovna Sukhinova; জন্ম: ২৬ আগষ্ট ১৯৮৭) এগৰাকী ৰাছিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ ৱৰ্ল্ড ২০০৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ৰাছিয়ান মহিলা আছিল।
-
চিংগিজ আইৎমাতভ
চিংগিজ আইৎমাতভ এজন কিৰগিজস্তানৰ জনপ্ৰিয় লেখক আছিল। কিৰগিজস্তানৰ হ'লেও তেওঁ মূলতঃ ৰাছিয়া ভাষাত বেছিকৈ লিখা মেলা কৰিছিল।
-
ছাৰা আলেকজেণ্ড্ৰি
ছাৰা আলেকজেণ্ড্ৰি ( Sara Alexandri) ৰাছিয়াত জন্মগ্ৰহণ কৰা এগৰাকী শিল্পী আছিল, যিয়ে তৈল চিত্ৰকলাৰ বাবে পৰিচিত আৰু তেওঁ ইটালীত প্ৰশিক্ষণ লোৱাৰ পিছত নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় ইংলেণ্ডত কটায়। তেওঁৰ জন্ম হৈছিল, ২২ অক্টোবৰ ১৯১৩ চন আৰু মৃত্যু হৈছিল ২৮ এপ্ৰিল ১৯৯৩ চনত।
-
ছ’না নুৰিয়েভা
ছ’না নুৰিয়েভা ( ১৫ ডিচেম্বৰ ১৯১৫ – ১৯৮৬) এগৰাকী ছোভিয়েট বিমানচালক, ইউ এছ এছ আৰৰ উচ্চতম ছোভিয়েটৰ প্ৰথম সমাৱৰ্তনৰ ডেপুটি, প্ৰথম আজাৰবাইজানী মহিলা বিমানচালকসকলৰ ভিতৰত অন্যতম আছিল।
-
জাৰা
জাৰিফা পাছায়েভনা মগয়ান (Зарифа́ Паша́евна Мгоя́н; জন্ম: ২৬ জুলাই ১৯৮৩), যি জাৰা (За́ра) নামেৰে পৰিচিত, এগৰাকী য়েজিদি-কুৰ্ড মূলৰ ৰাছিয়ান পপ গায়িকা, অভিনেত্ৰী আৰু সামাজিক কৰ্মী। তেওঁক ২০১৬ চনত ৰাছিয়ান ফেডাৰেচনৰ সন্মানীয় শিল্পী উপাধি প্ৰদান কৰা হৈছিল।
-
টলমাচেভি ভগ্নীদ্বয়
টলমাচেভি ভগ্নীদ্বয় (ৰুছ ভাষাত Сёстры Толмачёвы) হ'ল আনাস্তাছিয়া আন্দ্ৰেয়েভ্না টলমাচেভা (ৰুছ ভাষাত: Анастасия Андреевна Толмачёва) আৰু মাৰিয়া আন্দ্ৰেয়েভ্না টলমাচেভা (ৰুছ ভাষাত Мария Андреевна Толмачёва) (জন্ম ১৪ জানুৱাৰী ১৯৯৭, কুৰ্স্ক) তেওঁলোক ৰাছিয়াৰ যমজ গায়িকা আৰু অভিনেত্ৰী।
-
টাইচিয়া আফ'নিনা
টাইচিয়া কিৰিলোভনা আফ'নিনা (Taisia Afonina; ১৩ মে' ১৯১৩ – ১৯ এপ্ৰিল ১৯৯৪) এগৰাকী ছোভিয়েট চিত্ৰশিল্পী আৰু জলৰঙী চিত্ৰকাৰ আছিল। তেওঁ লেনিনগ্ৰাডত বাস কৰিছিল আৰু কৰ্মক্ষেত্ৰও তাতেই আছিল।
-
ডিমিট্ৰী মেণ্ডেলিভ
ডিমিট্ৰী ইভানোভিচ মেণ্ডেলিভ (Дми́трий Ива́нович Менделе́ев; ৮ ফেব্ৰুৱাৰী ১৮৩৪ – ২ ফেব্ৰুৱাৰী ১৯০৭) আছিল এজন ৰাছিয়ান ৰসায়নবিদ, যিজনে পৰ্যাবৃত্ত তালিকা বা মৌলসমূহৰ পৰ্যায়বদ্ধ সূচীৰ আধুনিক ৰূপ প্ৰস্তুত কৰিছিল।
-
নিকোলাই অষ্টৰভস্কি
নিকোলাই আলেক্মেভিচ অষ্ট্ৰয়ভষ্কি (Nicolai Alekseyevich Ostrovsky) হ'ল সমাজতান্ত্ৰিক বাস্তৱতা যুগৰ লেখক। নিকোলাই অষ্ট্ৰয়ভষ্কিৰ এখন বিখ্যাত উপন্যাস হ'ল 'পাগত উঠা তীখা' ( How the Steel was Tempered)। এই উপন্যাসখন বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।
-
নীনা ৰুছাকোভা
নীনা ইভানভনা ৰুছাকোভা ( ইংৰাজী: Nina Ivanovna Rusakova; ২৫ জানুৱাৰী ১৯১৫ – ১২ নৱেম্বৰ ১৯৯৭) প্ৰথম মহিলা পৰীক্ষামূলক পাইলটৰ ভিতৰত অন্যতম আৰু ইউ এছ এছ আৰৰ সন্মানীয় পৰীক্ষা পাইলট উপাধিৰে সন্মানিত একমাত্ৰ মহিলা।
-
পিওটাৰ ইলিচ চালইকভস্কি
পিওটাৰ ইলিচ চালইকভস্কি (ইংৰাজী: Pyotr Ilyich Tchaikovsky; ৰাছিয়ান: Пётр Ильи́ч Чайко́вский; জন্ম: ৭ মে ১৮৪০ – মৃত্যু: ৬ নৱেম্বৰ ১৮৯৩) এজন খ্যাতনামা ৰাছিয়ান সংগীতজ্ঞ আৰু ৰোমাণ্টিক যুগৰ অন্যতম মহান গীতিকাৰ আছিল। তেওঁৰ ৰচনাবোৰত গভীৰ আবেগ, অলংকৃত সংগীতবিন্যাস আৰু ৰাছিয়ান লোকধ্বনিৰ সংমিশ্ৰণ দেখা যায়।
-
পোলিনা গেলমেন
পোলিনা ভ্লাদিমিৰভনা গেলমেন (ৰাছিয়ান: Поли́на Влади́мировна Ге́льман, ইউক্ৰেইনীয়: Полі́на Володи́мирівна Ге́льман; ২৪ অক্টোবৰ ১৯১৯ – ২৫ নৱেম্বৰ ২০০৫) আছিল এগৰাকী ৪৬ নং তামান গাৰ্ডছ নাইট বোম্বাৰ এভিয়েশন ৰেজিমেণ্টৰ সৰ্বমহিলা ফ্লাইট নেভিগেটৰ যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মুঠ ৮৫৭ বাৰ যাত্ৰা কৰাৰ…
-
পোলিনা পোপোভা
পোলিনা আলেকজেয়েভনা পোপোভা (ইংৰাজী: Polina Alexeyevna Popova; জন্ম: ১ জুন ১৯৯৫) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৭-ৰ মুকুট লাভ কৰিছিল।
-
পোলিনা মাকোগণ
পোলিনা আলেকজেণ্ডাৰভনা মাকোগণ (১৯১৯ – ১৯৪৩) ছোভিয়েট এয়াৰ ইউনিট ৪৬ নং গাৰ্ডছ নাইট বোম্বাৰ এভিয়েশন ৰেজিমেণ্টৰ স্ক্ৱাড্ৰন কমাণ্ডাৰ আছিল, যাক নাইট উইচ বুলিও কোৱা হয়।
-
ভেলেণ্টিনা পনোমাৰিয়াভা
ভেলেণ্টিনা লিঅ’নিড’ভনা পনোমাৰিয়াভা ( Valentina Leonidovna Ponomaryova; জন্ম: কোভালেভস্কায়া [Ковалевская]; ১৮ ছেপ্টেম্বৰ ১৯৩৩ – ৮ নৱেম্বৰ ২০২৩), এগৰাকী ছোভিয়েট ৰাছিয়ান মহাকাশচাৰী, পাইলট আৰু বিজ্ঞানী।
-
ভেলেণ্টিনা ষ্টুপিনা
ভেলেণ্টিনা চাৰ্গেভনা ষ্টুপিনা (৪ জুন ১৯২০ – ২২ আগষ্ট ১৯৪৩) আছিল এগৰাকী ছোভিয়েট-ৰাছিয়ান পাইলট, বিমান নেভিগেটৰ আৰু ১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৫৮৮ নং নাইট বোম্বাৰ ৰেজিমেণ্টৰ যোগাযোগৰ মুৰব্বী, যাৰ পিছত তেওঁৰ ভূমিকা গ্ৰহণ কৰিছিল খিউয়াজ ডস্পানোভাই।
-
ভেলেন্টিনা তেৰেস্কোভা
ভেলেণ্টিনা ভ্লাদিমিৰোভনা তেৰেস্কোভা (জন্ম ৬ মাৰ্চ ১৯৩৭) এগৰাকী ৰাছিয়াৰ অভিযন্তা, ৰাজ্যিক ডুমাৰ সদস্য আৰু প্ৰাক্তন ছোভিয়েট মহাকাশচাৰী। ১৯৬৩ চনৰ ১৬ জুনত ভষ্টক ৬ ত একক অভিযান উৰুৱাই তেওঁ মহাকাশৰ প্ৰথম গৰাকী মহিলা আছিল।
-
ভ্লাডিছলাভা ইভটুশেংকো
ভ্লাডিছলাভা ইভটুশেংকো (ইংৰাজী: Vladislava Evtushenko; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৫ ৰ প্ৰথম ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক মিছ ইউনিভাৰ্ছ ৰাছিয়া ২০১৫ হিচাপে নিযুক্ত কৰা হৈছিল।
-
মহান পিটাৰ
মহান পিটাৰ (Пётр Великий, Pyotr Velikiy; ৯ জুন ১৬৭২ – ৮ ফেব্ৰুৱাৰী ১৭২৫) আছিল ৰাছিয়াৰ জাৰ আৰু পাছত প্ৰথম সম্ৰাট। তেওঁ ৰাছিয়াক আধুনিকীকৰণৰ দিশে আগবঢ়াইছিল আৰু ইউৰোপীয় মডেলত ৰাষ্ট্ৰ আৰু সমাজ গঠন কৰিছিল।
-
মাৰিয়া নেষ্টেৰেংকো
মাৰিয়া পেট্ৰিভনা নেষ্টেৰেংকো ( Mariya Petrivna Nesterenko; ১৯১০ – ২৮ অক্টোবৰ ১৯৪১) এগৰাকী ছোভিয়েট পাইলট আছিল, যিয়ে বায়ুসেনাত মেজৰ পদবীলৈ উন্নীত হৈছিল আৰু এনকেভিডিৰ মুৰব্বী লাভ্ৰেণ্টি বেৰিয়াৰ বায়ুসেনাৰ এটা পাৰ্জৰ বলি হোৱা ছোভিয়েট ইউনিয়নৰ হিৰো পাভেল ৰাইচাগভৰ পত্নী হোৱাৰ বাবে ফাঁচি দিয়াৰ…
-
মিখাইল শ্বলখভ
মিখাইল শ্বলখভ (সম্পূৰ্ণ নাম: মিখাইল আলেক্সাণ্ডাৰভিচ শ্বলখভ,, ৰাছিয়ান: Михаил Александрович Шолохов), জন্ম ১৯০৫ – মৃত্যু ১৯৮৪) এজন ৰাছিয়াৰ ঔপন্যাসিক আৰু ১৯৬৫ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আছিল।
-
মৰিয়াম আৰ্ছাকি আছলামাজিয়ান
মৰিয়াম আৰ্ছাকি আচলামাজিয়ান; ২০ অক্টোবৰ ১৯০৭ – ১৬ জুলাই ২০০৬ এগৰাকী ছোভিয়েট আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল আৰু আৰ্মেনিয়ান এছ এছ আৰৰ পিপলছ আৰ্টিষ্ট (১৯৬৫) আৰু ছোভিয়েট ইউনিয়নৰ পিপলছ আৰ্টিষ্ট (১৯৯০) হিচাপে স্বীকৃতি লাভ কৰিছিল।
-
লিঅ’নিড ৰগ’জভ
লিঅ’নিড ইভান’ভিচ ৰগ’জভ (Леонид Иванович Рогозов; ১৪ মাৰ্চ ১৯৩৪ – ২১ ছেপ্টেম্বৰ ২০০০) এজন ছোভিয়েট চিকিৎসক যি ১৯৬০-৬১ চনত ষষ্ঠ ছোভিয়েট এণ্টাৰ্কটিকা অভিযানত অংশগ্ৰহণ কৰিছিল।