প্ৰিয় মালতী (Priyo Maloti; বিকল্প শিৰোনাম: Whispers of a Thirsty River)১ ২০২৪ চনৰ এখন বাংলাদেশী অপৰাধমূলক নাট্যধৰ্মী ছবি। এটা সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ২ শংখ দাসগুপ্তই কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে। পৰিচালনাও শংখ দাসগুপ্তৰ।৩ অ'টিটি প্লেটফৰ্ম চ'ৰকিৰ সহযোগত ফ্ৰেম পাৰ ছেকেণ্ডে এই ছবিখন নিৰ্মাণ কৰিছিল। ইয়াত মেহজাবীন চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৪ ইয়াত মাতৃত্বৰ ওচৰ চাপি অহা এগৰাকী মহিলা মালতীৰ যাত্ৰাৰ কাহিনী বৰ্ণিত হৈছে। মালতীৰ স্বামী পলাশৰ এক বিধ্বংসী জুইত মৃত্যু হোৱাৰ পিছত তেওঁৰ জীৱনে এক মৰ্মান্তিক ৰূপ লয়।৫
২০২৪ চনৰ ২০ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱা এই ডাঙৰ পৰ্দাৰ ছবি এখনত মুখ্য অভিনেত্ৰী হিচাপে মেহাজাবীন চৌধুৰী, পৰিচালক হিচাপে শংখ দাসগুপ্ত আৰু প্ৰযোজক হিচাপে আদনান আল ৰাজীবৰ আত্মপ্ৰকাশ আছিল।৬
বৰকত হোছেইন পলাশৰ চিনেমেট'গ্ৰাফী আৰু ৰুছলান ৰহমানৰ আৱহ সংগীতৰ সৈতে ছবিখনে দৰ্শকক মালতীৰ জীৱনৰ উত্থান-পতনত নিমজ্জিত কৰি ৰখাত সফল হৈছে আৰু দৰ্শকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছে।৭
সন্মান
২৩তম ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিয় মালতী ছবিখনক বাংলাদেশ পেনোৰামা শাখাত FIPRESCI বঁটাৰে সন্মানিত কৰা হয়।৮
তথ্যসূত্ৰ
- ↑ (2024-11-05). শোবিজ – মেহজাবীনেৰ 'প্ৰিয় মালতী'-এৰ ওয়াৰ্ল্ড প্ৰিমিয়াৰ কায়ৰোতে
- ↑ অনলাইন, চ্যানেল আই. (2024-12-20). 'প্ৰিয় মালতী' দেখে দৰ্শকেৰ চোখ ছলছল!. Channel I Online
- ↑ (2024-12-06). Mehazabien set to debut on silver screen with 'Priyo Maloti'. The Business Standard
- ↑ প্ৰতিবেদক, বিনোদন. (2024-12-13). বড় পৰ্দায় আসছেন মেহজাবীন. Prothomalo
- ↑ (2025-02-06). Priyo Maloti holds a mirror to society. The Business Standard
- ↑ (2024-12-20). কেমন হলো মেহজাবীনেৰ প্ৰথম সিনেমা 'প্ৰিয় মালতী'?. thedailycampus.com
- ↑ (2024-12-31). মাল্টিপ্লেক্সে মেহজাবীনেৰ 'প্ৰিয় মালতী'ৰ দাৰুণ খবৰ. Barta24
- ↑ 23rd DIFF concludes; 'Priyo Maloti' wins Best Film for Bangladesh. unb.com.bd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয় মালতী” প্ৰবন্ধৰ সংশোধন ৫৭৫৫৬৯ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।