অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰিডা পিণ্টো

ফ্ৰিডা ছেলেনা পিণ্টো (Freida Selena Pinto, জন্ম: ১৮ অক্টোবৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। ফ্ৰিডাক সাধাৰণতে আমেৰিকান আৰু ব্ৰিটিছ ছবিত দেখা যায়। মুম্বাইতে লালিত-পালিত হোৱা ফ্ৰিডাই খুব কম বয়সতে অভিনয়ৰ লগত ঘনিষ্ঠতা স্থাপন কৰি লৈছিল আৰু ভৱিষ্যতে এগৰাকী অভিনেত্ৰী হ'বলৈ সংকল্পবদ্ধ হৈছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফ্ৰিডা ছেলেনা পিণ্টো (Freida Selena Pinto, জন্ম: ১৮ অক্টোবৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। ফ্ৰিডাক সাধাৰণতে আমেৰিকান আৰু ব্ৰিটিছ ছবিত দেখা যায়। মুম্বাইতে লালিত-পালিত হোৱা ফ্ৰিডাই খুব কম বয়সতে অভিনয়ৰ লগত ঘনিষ্ঠতা স্থাপন কৰি লৈছিল আৰু ভৱিষ্যতে এগৰাকী অভিনেত্ৰী হ'বলৈ সংকল্পবদ্ধ হৈছিল। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ মহাবিদ্যালয়ত এগৰাকী শিক্ষাৰ্থী হিচাপে ফ্ৰিডাই অপেছাদাৰী নাটকত ভূমুকি মাৰিছিল। স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে এগৰাকী মডেল আৰু পৰৱৰ্তী সময়ত এগৰাকী টেলিভিছন পৰিৱেশিকা হিচাপে কৰ্মৰত হয়।

প্ৰাৰম্ভিক জীৱন

১৯৮৪ চনৰ ১৮ অক্টোবৰ তাৰিখে বোম্বাইত ফ্ৰিডা পিণ্টোৰ জন্ম হয়।১ তেখেতৰ মাতৃ আছিল ছেইণ্ট জনছ ইউনিভাৰ্ছেল স্কুলৰ অধ্যক্ষ ছিলভিয়া পিণ্টো আৰু পিতৃ আছিল বৰোডা বেংকৰ জ্যেষ্ঠ শাখা পৰিচালক ফ্ৰেডেৰিক পিণ্টো। ফ্ৰিডাৰ জ্যেষ্ঠ ভগ্নী শ্বেৰনে এনডিটিভিত কাম কৰিছিল।২

মালাড়ত থকা কাৰ্মেল ছেইণ্ট জোছেফ স্কুলত পিণ্টোৱে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে।৩ পৰৱৰ্তী সময়ত তেখেতে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজত অধ্যাপনা কৰে। তেখেতে ইংৰাজী সাহিত্যক মুখ্য আৰু মনোবিজ্ঞান তথা অৰ্থনীতিক গৌণ বিষয় হিচাপে গ্ৰহণ কৰিছিল।৪৫ কলেজত ফ্ৰিডাই অপেছাদাৰী নাটকত অংশগ্ৰহণ কৰিছিল।৪ অৱশ্যে ২০০৫ চনত স্নাতক ডিগ্ৰী অৰ্জন নকৰালৈকে তেখেতে অভিনয় আৰু মডেলিঙৰ কামত মনোনিৱেশ কৰা নাছিল।৬

কৰ্মজীৱন

২০০৮ চনত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্লামডগ মিলিয়নেৰিৰ কলা-কুশলীৰ সৈতে ফ্ৰিডা পিণ্টো
২০০৮ চনত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্লামডগ মিলিয়নেৰিৰ কলা-কুশলীৰ সৈতে ফ্ৰিডা পিণ্টোছবি: Slumdog_Millionaire_screening_at_Ryerson.jpg: Jeff Karpala derivative work: Bill · CC BY-SA 2.0

২০০৭ চনত পিণ্টোৰ মডেলিং এজেন্সীয়ে তেখেতৰ লগতে আন ছগৰাকী মডেলক ডেনি বয়লৰ 'শ্লামডগ মিলিয়নেৰি' নামৰ ছবিখনৰ শীৰ্ষ অভিনেত্ৰীৰ অডিশ্যনৰ বাবে বাছনি কৰে।১৪ ছমহীয়া কঠোৰ অডিশ্যনৰ অন্তত ফ্ৰিডাক ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ 'লতিকা'ৰ বাবে নিৰ্বাচিত কৰা হয়। তেখেতৰ বিপৰীতে জামাল নামৰ পুৰুষ চৰিত্ৰটোত অভিনয় কৰিছিল দেৱ পেটেলে।৭ ছবিখনে ৮১সংখ্যক অস্কাৰ বঁটাত সৰ্বাধিক সফল ছবি হিচাপে পৰিগণিত হয়। সৰ্বমুঠ দহটা বঁটাৰ বাবে মনোনয়ন লাভ কৰা ছবিখনে আঠটা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। তাৰে মাজত 'শ্ৰেষ্ঠ ছবি'ৰ বঁটাটোও অন্তৰ্ভুক্ত।৮ পিণ্টোৱে "পাম স্প্ৰিংগছ্ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ"ত 'যুগান্তকাৰী অভিনয়'ৰ শিতানত বঁটা লাভ কৰে।৯ ইয়াৰ লগতে ফ্ৰিডাই "স্ক্ৰীন এক্টৰছ গিল্ড"ত অসাধাৰণ অভিনয়ৰ বঁটা অৰ্জন কৰে।১০ ফ্ৰিডা পিণ্টোক ৬২সংখ্যক বাফ্‌টা বঁটাৰ সহ-অভিনেত্ৰীৰ শিতানলৈও মনোনীত কৰা হয়।১১

'শ্লামডগ মিলিয়নেৰি'ৰ সফলতাৰ পাছত পিণ্টোৱে দুখন কলাত্মক ছবিৰ লগত চুক্তিবদ্ধ হয়।১২১৩ এণ্ডি এলেনৰ কমেডি-ড্ৰামা "You Will Meet a Tall Dark Stranger" (২০১০)১৪ ফ্ৰিডাই এণ্টনিঅ' বেণ্ডাৰাছ, জোছ ব্ৰলিন, এন্থনি হপকিনচ, অনুপম খেৰ আৰু নাওমি ৱাটছৰ দৰে অভিনয়-শিল্পীৰ সৈতে অভিনয় কৰে।১৫ ইয়াৰ পিছত ফ্ৰিডাই 'Miral' (২০১০) নামৰ ছবিখনত অভিনয় কৰে। এইখন ছবিৰ নিৰ্মাতা হৈছে জুলিয়ান স্বানাবেল।১৬

২০১১ চনত ফ্ৰিডাই অভিনয় কৰা চাৰিখন ছবিয়ে মুক্তি লাভ কৰে। তাৰে ভিতৰত প্ৰথম আছিল 'Rise of the Planet of the Apes' নামৰ কল্প-বিজ্ঞানধৰ্মী ছবিখন।১৭ ছবিখনত তেখেতে প্ৰাইমেটোলজিষ্টৰ এটা চৰিত্ৰ ৰূপায়ণ কৰে।১৮১৯ চৰিত্ৰটো শুদ্ধকৈ ৰূপায়ণ কৰিবলৈ ফ্ৰিডাই ইংৰাজ প্ৰাইমেটোলজিষ্ট জেন গুডঅলৰ কৰ্মজীৱন অধ্যয়ন কৰে।১২ ছবিখন ২০১৬ বৰ্ষৰ সবাতোকৈ উপাৰ্জনকাৰী ছবি হিচাপে বিবেচিত হয়। The film went on to gross million worldwide; it remains her highest-grossing film as of April 2016.২০ ফ্ৰিডাৰ দ্বিতীয়খন ছবি আছিল মাইকেল উইণ্টাৰবটমৰ "তৃষ্ণা" নামৰ ছবিখনত মুখ্য চৰিত্ৰটি ৰূপায়ণ কৰে। থমাছ হাৰ্ডিৰ উপন্যাস 'Tess of the d'Urbervilles'ৰ ওপৰত এই ছবিখন আধাৰিত। ছবিখনত ফ্ৰিডাই এগৰাকী ৰাজস্থানী কিশোৰী কৃষকৰ ভূমিকাত অৱতীৰ্ণ হয়।২১২২ ২০১১ চনৰ টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয় আৰু দৰ্শক-সমালোচকৰ পৰা ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰে।২৩২৪ বৰ্ষটোত তেখেতৰ তৃতীয়খন ছবি আছিল "Day of the Falcon'।২৫ ফ্ৰিডাৰ চতুৰ্থখন ছবি আছিল ফেণ্টাছি-একছন ছবি "Immortals'।২৬

তথ্যসূত্ৰ

  1. ↑ (9 March 2009). Woman behind success. The Tribune (Chandigarh). Indo-Asian News Service
  2. ↑ D'Mello, Gerry. (25 November 2008). The Newest Star on the Mangalorean Horizon – Freida Pinto. Daijiworld Media
  3. ↑ Rego, Norbert. (21 October 2009). Unplugged: Freida Pinto. The Times of India
  4. ↑ Sung, Helena. Destiny's Child. Audrey (magazine)
  5. ↑ Ramani, Nithya. It's natural to want to become an actress after living in Mumbai. Rediff.com
  6. ↑ Rose, Steve. (1 March 2012). Freida Pinto on being Tess. The Guardian
  7. ↑ Hubert, Andrea. (3 January 2009). Desi mates. The Guardian
  8. ↑ Elsworth, Catherine. (23 February 2009). Oscars 2009: Slumdog Millionaire wins eight Academy Awards including best picture and best director. The Daily Telegraph
  9. ↑ The 20th Palm Springs International Film Festival. The Daily Telegraph
  10. ↑ (26 January 2009). Slumdog Millionaire bags 2 more US film awards. CNN-News18
  11. ↑ Film Awards Winners in 2009. British Academy of Film and Television Arts
  12. ↑ Blair, Iain. (4 August 2011). Freida Pinto rises up in new 'Planet of the Apes'. Reuters
  13. ↑ (13 July 2011). Slumdog to stardom: How Freida Pinto has adapted to the demands of fame. The Independent
  14. ↑ Scott, A. O. (21 September 2010). Looking for Something When Life Signifies Nothing. The New York Times
  15. ↑ Verma, Sukanya. (17 December 2010). A twisted Woody Allen fairytale!. Rediff.com
  16. ↑ Dehn, Georgia. (22 November 2010). Freida Pinto capitalises on her Slumdog pedigree. The Daily Telegraph
  17. ↑ Bagdadi, Danish. (12 July 2014). All 8 'The Planet of the Apes' Movies Ranked from Worst to Best. Daily News and Analysis
  18. ↑ Joshi, Tushar. (30 May 2012). Freida's freed herself from desi stereotypes. The Times of India
  19. ↑ (4 June 2013). Freida Pinto out of 'Planet of the Apes' sequel. Mid-Day
  20. ↑ Freida Pinto: Worldwide (Unadjusted). Box Office Mojo
  21. ↑ French, Philip. (11 March 2012). Slumdog Millionaire star Freida Pinto captivates in Michael Winterbottom's bold reading of Hardy's tragedy. The Guardian
  22. ↑ Collin, Robbie. (8 March 2012). Trishna, review. The Daily Telegraph
  23. ↑ Trishna. Metacritic
  24. ↑ Trishna (2012). Rotten Tomatoes
  25. ↑ Day of The Falcon 2013. Rotten Tomatoes
  26. ↑ (23 July 2010). Freida Pinto takes on Immortals. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহলিউড অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰিডা পিণ্টো” প্ৰবন্ধৰ সংশোধন ৩৮১৯২৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।