সাধুকথা
৫২ প্ৰবন্ধ
-
দ্য বাৰীড মুন
দ্য বাৰীড মুন (ইংৰাজী: The Buried Moon, অৰ্থ: পুতি থোৱা চন্দ্ৰ) বা দ্য ডেড মুন (The Dead Moon) হৈছে জোচেফ জেকবছে তেওঁৰ ম’ৰ ইংলিছ ফেয়াৰী টেলছত অন্তৰ্ভুক্ত কৰা এটা সাধুকথা। ইয়াৰ সংস্কৰণ অতি কম আৰু সাধাৰণ সাধুকতাতকৈ ইয়াত পৌৰাণিক উপাদান অধিক দেখা যায়।
-
দ্য ৱাণ্ডাৰফুল টয়মেকাৰ
ইভেলিন শ্বাৰ্পৰ চুটিগল্প "দ্য ৱাণ্ডাৰফুল টয়মেকাৰ" (ইংৰাজী: The Wonderful Toymaker) হৈছে অল দ্য ৱে টু ফেয়াৰীলেণ্ড: ফেয়াৰী ষ্টৰিজ নামৰ সাধুকথাৰ সংকলনটোৰ এটা অংশ। কেম্ব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছে ১৮৯৭ চনত পোনপ্ৰথমবাৰৰ বাবে এই সংকলনটো প্ৰকাশ কৰিছিল।
-
নীলা শিয়াল
নীলা শিয়াল এটা সাধুকথা যিটো সমগ্ৰ ভাৰত উপমহাদেশতে পৰিচিত।
-
বংগৰ লোক-কথা
বংগৰ লোক-কথা (Folk-Tales of Bengal) হৈছে লাল বেহাৰী দেৰ দ্বাৰা ৰচিত বংগৰ লোককথা আৰু সাধুকথাৰ সংকলন৷ এই গ্ৰন্থখন প্ৰকাশিত হয় ১৮৮৩ চনত। ৱাৰউইক গ'বলৰ চিত্ৰকল্পসমূহ ১৯১২ চনত সংযোজন কৰা হয়। এই সকলোবোৰ কাহিনী প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুগ যুগ ধৰি চলি আছিল।
-
বাংলা কিচ্ছা
বাংলা কিচ্ছা / বাংলা কেচ্ছা হৈছে বাংলা কবিতা আৰু গদ্যৰ এক ধাৰা তথা বাংলা ভাষাৰ মৌখিক কাহিনী কোৱাৰ এক পৰম্পৰা। থলুৱা বাংলা লোককথা আৰু আৰব তথা তুৰ্কী-পাৰ্চী প্ৰব্ৰজনকাৰীসকলৰ কাহিনীৰ সংমিশ্ৰণত বংগত এই ধাৰাটো বিকশিত হ’বলৈ আৰম্ভ কৰে।
-
বাঘ, ব্ৰাহ্মণ আৰু শিয়াল
বাঘ, ব্ৰাহ্মণ আৰু শিয়াল (দ্য টাইগাৰ, দ্য ব্ৰাহ্মণ এণ্ড দ্য জেকাল) হৈছে ভাৰতৰ এটা জনপ্ৰিয় লোককথা, যাৰ দীঘলীয়া ইতিহাস আৰু বহুতো ৰূপান্তৰ আছে। এই লোককথাৰ আটাইতকৈ প্ৰাচীন লিখিত উল্লেখ পোৱা যায় পঞ্চতন্ত্ৰত, য’ত কাহিনীটো খ্ৰীষ্টপূৰ্ব ২০০ চনৰ পৰা খ্ৰীষ্টীয় ৩০০ চনৰ ভিতৰত ৰচিত বুলি ধৰা হয়।
-
বান্দৰৰ কলিজা
বান্দৰৰ হৃদয় হৈছে এটা স্বাহিলি সাধুকথা, যিটো এডৱাৰ্ড ষ্টিয়েৰে স্বাহিলি টেল্ছত সংগ্ৰহ কৰিছিল। এণ্ড্ৰু লেঙে ইয়াক তেওঁৰ দ্য লাইলাক ফেইৰী বুকত সন্নিৱিষ্ট কৰিছিল। ই আৰ্ণে-থম্পচন ৯১-ৰ অন্তৰ্ভুক্ত।
-
বামুণ আৰু নেউলৰ সাধু
বামুণ আৰু নেউলৰ সাধু বা বামুণী আৰু নেউলৰ সাধু ভাৰতৰ এক জনপ্ৰিয় লোককথা, যি "বিশ্বৰ দেশে দেশে বিয়পি পৰা অন্যতম কাহিনী।" ইয়াত এটা নিষ্ঠাবান প্ৰাণীক প্ৰমাদবশতঃ হত্যাৰ কথা বৰ্ণনা কৰা হৈছে আৰু এইদৰে খৰখেদাকৈ কৰা কাৰ্যৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া হৈছে।
-
বাৱাং মেৰাহ আৰু বাৱাং পুটিহ
বাৱাং মেৰাহ ডান বাৱাং পুটিহ ইণ্ডোনেছিয়াৰ ৰিয়াউ অঞ্চলৰ এটা জনপ্ৰিয় পৰম্পৰাগত ইণ্ডোনেছিয়ান লোককথা, য'ত বিপৰীত চৰিত্ৰৰ দুজন ভাই-ভনী (এজন ভাল আৰু এজন বেয়া), আৰু এগৰাকী বিবেচনাহীন সতীয়া মাতৃ জড়িত। এই লোককথাৰ বিষয়বস্তু আৰু নৈতিকতা ইউৰোপীয় লোককথা চিণ্ডেৰেলাৰ দৰেই।
-
ভালুক আৰু মালী
ভালুক আৰু মালী (The Bear and the Gardener) হৈছে প্ৰাচীন ভাৰতীয় গ্ৰন্থ পঞ্চতন্ত্ৰৰ পৰা উৎপত্তি হোৱা এক উপকথা যিয়ে মূৰ্খ বন্ধুত্ব গঢ়ি তোলাৰ পৰা সতৰ্ক কৰি দিয়ে।
-
যুৱতীলৈ ৰূপান্তৰিত এন্দুৰী
যুৱতীলৈ ৰূপান্তৰিত এন্দুৰী (ইংৰাজী: The Mouse Turned into a Maid; দ্য মাউচ টাৰ্ণড ইনটু এ মেইড) হৈছে ভাৰতীয় মূলৰ এক প্ৰাচীন নীতিশিক্ষা মূলক কাহিনী বা ফেবুল। মধ্যযুগত এই কাহিনীটো পশ্চিমৰ ইউৰোপলৈ গতি কৰিছিল আৰু সুদূৰ প্ৰাচ্যতো ইয়াৰ অস্তিত্ব পোৱা যায়।
-
যোগীৰ শাস্তি
যোগীৰ শাস্তি (ইংৰাজী: The Jogi's Punishment) হ'ল এটা ভাৰতীয় সাধুকথা, যিটো ফেৰোচপুৰৰ পৰা মেজৰ কেম্পবেলৰ দ্বাৰা সংগৃহীত এটা পঞ্জাবী সাধু। এণ্ড্ৰু লেংঙে তেওঁৰ দ্য লিলাক ফেয়াৰী বুকত এইটো অন্তৰ্ভুক্ত কৰিছে। এই ভাৰতীয় লোককথাটোৰ নীতিশিক্ষা হ'ল যে— বেয়াই সদায় তাৰ প্ৰাপ্য শাস্তি পায়।
-
শিয়াল আৰু বগলী
শিয়াল আৰু বগলী(ইংৰাজী:Fox and Crane), বা দ্য ফক্স এণ্ড দ্য ক্ৰেন, বা দ্য ভিক্সেন এণ্ড দ্য ক্ৰেন হৈছে ইউক্ৰেইনৰ সাধুকথাৰ শিৰোনাম, যিটো একে বা একে শিৰোনামেৰে জনাজাত বিভিন্ন কাহিনীভাগৰ উপকথা। ফক্স এণ্ড ক্ৰেনৰ এটা সংস্কৰণ ইৰিনা ঝেলেজনোভাই পুনৰ কয়।
-
সন্ধিয়াৰ সাধু
সন্ধিয়াৰ সাধু (ইংৰাজী: Sandhiyar Sadhu) ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা লিখিত এখনি সাধুকথাৰ পুথি৷ পুথিখন পোনপ্ৰথমবাৰৰ বাবে ১৯৩৭ চনত প্ৰকাশিত হৈছিল৷ পুথিখনত মুঠতে ২২টা সাধু আছে৷
-
সাত ভাই চম্পা
সাত ভাই চম্পা বাংলা ভাষাৰ এটা জনপ্ৰিয় সাধুকথা। ১৯০৭ চনত দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰৰ ঠাকুৰমাৰ ঝুলী নামৰ সাধুকথা পুথিখনত এই গল্পটো আনুষ্ঠানিকভাৱে প্ৰথম প্ৰকাশ পায়। সাহিত্যৰ নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই গ্ৰন্থখনৰ প্ৰস্তাৱনা লিখিছিল।
-
সাত মাতৃৰ পুত্ৰ
সাত মাতৃৰ পুত্ৰ, (ইংৰাজীত দ্য ছন অৱ চেভেন মাদাৰছ বা দ্য ছন অৱ চেভেন কুইনছ) হৈছে এটা ভাৰতীয় লোককথা, যিটো ১৯ শতিকাৰ শেষৰফালে লেখিকা ফ্ল'ৰা এনি ষ্টিলে প্ৰথম প্ৰকাশ কৰিছিল।
-
সাতজন জ্ঞানী গুৰু
সাতজন জ্ঞানী গুৰু (Seven Wise Masters) (সাত ঋষি বা সাত জ্ঞানী বুলিও কোৱা হয়) হৈছে সংস্কৃত, পাৰ্চী বা হিব্ৰু মূলৰ কাহিনীৰ এক চক্ৰ।
-
সাপ আৰু খেতিয়ক
সাপ আৰু খেতিয়ক (ইংৰাজী: The Snake and the Farmer; দ্য স্নেক এণ্ড দ্য ফাৰ্মাৰ) হৈছে ঈছপৰ নামত প্ৰচলিত এক নীতিশিক্ষা মূলক কাহিনী বা ফেবুল। ইয়াৰ কেইবাটাও প্ৰাচীন সংস্কৰণ পোৱা যায় আৰু মধ্যযুগৰ ইউৰোপ তথা ভাৰতীয় ইতিহাসতো ইয়াৰ উল্লেখ আছে।
-
স্ন' হোৱাইট
স্ন' হোৱাইট (Snow White) হৈছে ইউৰোপত বহুলভাৱে প্ৰচাৰিত এক জাৰ্মান সাধু। গ্ৰীম ভাতৃদ্বয়ৰ ১৮১২ চনৰ সংগ্ৰহত থকা সাধুৰ সংস্কৰণটি স্ন' হোৱাইট আৰু সাত বাওনা, (জাৰ্মান: Schneewittchen und die sieben Zwerge, ইংৰাজী: Snow White and the Seven Dwarfs) সবাতোকৈ জনপ্ৰিয়।
-
হৃদয়বিহীন হৰিণা
হৃদয়বিহীন হৰিণা (ইংৰাজী: The Deer without a Heart; দ্য ডিয়াৰ উইদাউট এ হাৰ্ট) হৈছে এক প্ৰাচীন নীতিশিক্ষা মূলক কাহিনী বা ফেবুল, যি ইউৰোপত ঈছপৰ সাধু হিচাপে পৰিচিত আৰু পেৰী ইণ্ডেক্সত ৩৩৬ নম্বৰত তালিকাভুক্ত।
-
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ হৈছে এগৰাকী মানৱ ৰাজকুমাৰী আৰু নাগ (সাপৰ ৰাজকুমাৰ) ৰাজকুমাৰৰ মাজৰ প্ৰেমৰ বিষয়ে এক অতি জনপ্ৰিয় কাশ্মীৰৰ লোককাহিনী। কাহিনীটো অঞ্চলটোত সুপৰিচিত আৰু ইয়াত বহুতো উপস্থাপন আছে।
-
ৰাণ্টাছ
ৰান্টাছ ([rāːτas] হৈছে কাশ্মীৰী লোককথাৰ এক কাল্পনিক চৰিত্ৰ-দীঘল চুলি,জোঙা দাঁত, দীঘল নখ আৰু উলোটা ভৰিৰ এটা মাইকী ভূত যি বৰফৰ ৰাতি ৰাস্তাত ঘুৰি ফুৰে। শীতকালত ঘৰত শিশুসকলক বাহিৰলৈ নাযাবলৈ ভয় খোৱাবলৈ ৰাণ্টাছৰ ভয় খোৱাই।