শিল্প
২১ প্ৰবন্ধ
-
টাৱাৰ
টাৱাৰ (মিনাৰ) হৈছে প্ৰস্থতকৈ অধিক উচ্চতাৰ গঠন। অৱশ্যে টাৱাৰসমূহ অট্টালিকাৰ পৰা বিশেষভাৱে পৃথক কাৰণ ইয়াক বসবাসযোগ্য হ’বলৈ নহয় বৰঞ্চ টাৱাৰৰ উচ্চতা ব্যৱহাৰ কৰি অন্যান্য কাম-কাজ কৰিবলৈ নিৰ্মাণ কৰা হয়।
-
অসমৰ কুঁহিলা শিল্প
কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ। কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়। গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা, নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীত দেখা যায়।
-
ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট
ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্ট ১৯০৭ চনত অবনীন্দ্ৰনাথ ঠাকুৰে কলিকতাত প্ৰতিষ্ঠা কৰা ‘ইণ্ডিয়ান ছ’চাইটি অৱ অৰিয়েণ্টেল আৰ্ট’ নামৰ কলা সমাজখনে শিল্প প্ৰদৰ্শনীৰ আয়োজন কৰিছিল, ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল। লগতে উচ্চমানৰ চিত্ৰকল্প আলোচনী প্ৰকাশ কৰিছিল।
-
চিকি ঘাঁহৰ শিল্প
চিকি ঘাঁহৰ শিল্প ভাৰত আৰু নেপালৰ মিথিলাঞ্চলত পোৱা চিকি নামেৰে পৰিচিত এবিধ বিশেষ ধৰণৰ ঘাঁহৰপৰা তৈয়াৰ কৰা বিভিন্ন হস্তশিল্প। চিকি ঘাঁহৰপৰা বস্তু তৈয়াৰ কৰাৰ কলা এটা প্ৰাচীন কলা।
-
দ্য কম্বেট: ৱ'মেন প্লিডিং ফ'ৰ দ্য ভেংকুইছড
দ্য কম্বেট: ৱ'মেন প্লিডিং ফ'ৰ দ্য ভেংকুইছড (The Combat: Woman Pleading for the Vanquished, অসমীয়া অৰ্থ: যুদ্ধ: পৰাজিতজনৰ বাবে অনুৰোধ কৰা মহিলা) হৈছে ইংৰাজ শিল্পী উইলিয়াম এটিৰ কেনভাছত নিৰ্মিতএখন বৃহৎ তৈলচিত্ৰ, যিখন প্ৰথমে ১৮২৫ চনত প্ৰদৰ্শিত হৈছিল আৰু এতিয়া স্কটলেণ্ডৰ নেচনেল গেলেৰীত।
-
নগ্নতাৰ বিপৰীতে পোহৰ
নগ্নতাৰ বিপৰীতে পোহৰ (ফৰাচী: Nu à contre-jour) ফৰাচী উত্তৰ-প্ৰতিবাদকাৰীৰ চিত্ৰশিল্পী পিয়েৰ বনাৰ্ডে অংকন কৰা তৈলচিত্ৰ। ১৯০৮ চনত বনাৰ্ডে এই তৈলচিত্ৰখন আঁকিছিল। বৰ্তমান বেলজিয়ামৰ ৰয়েল মিউজিয়াম অৱ ফাইন আৰ্টছত ৰখা এই ছবিখন ১৯৮০ চনত বিবিচি ২ৰ অনুষ্ঠান হাণ্ড্ৰেড গ্ৰেট পেইণ্টিংছত প্ৰদৰ্শিত হৈছিল।
-
শিল্পা গুপ্তা
শিল্পা গুপ্তা (জন্ম ১৯৭৬) ভাৰতৰ মুম্বাইত বাস কৰা এগৰাকী সমসাময়িক ভাৰতীয় শিল্পী।
-
এন্দোপ (ভাস্কৰ্য)
এন্দোপ (Ndop) আছিল কুবা ৰাজ্যৰ বিভিন্ন ৰজা (nyim)ক প্ৰতিনিধিত্ব কৰা ৰূপক ভাস্কৰ্য।
-
কুবা শিল্প
কুবা শিল্পত বিভিন্ন ধৰণৰ মাধ্যমৰ শৃংখল থাকে, যাৰ বহুখিনি কুবা ৰাজ্যৰ মুখীয়াল আৰু ৰজাৰ দৰবাৰৰ বাবে সৃষ্টি কৰা হৈছিল। এনে কামত প্ৰায়ে সজ্জাৰ বৈশিষ্ট্য আছিল, য’ত শামুকৰ খোলা আৰু জন্তুৰ ছাল (বিশেষকৈ নাহৰফুটুকী) ধন, প্ৰতিপত্তি আৰু ক্ষমতাৰ প্ৰতীক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।
-
কৰিমনগৰৰ ৰূপৰ কাৰুশিল্প
কৰিমনগৰ ৰূপৰ কাৰুশিল্প ভাৰতৰ হায়দৰাবাদৰ কৰিমনগৰত নিৰ্মিত ৰূপৰ আলংকাৰিক কাম। ই কৰিমনগৰৰ এক প্ৰাচীন কলা।
-
ছুই শিউৱেন
ছুই শিউৱেন (চীনা: 崔岫闻; ১৯৬৭ – ১ আগষ্ট ২০১৮) এগৰাকী চীনা শিল্পী আছিল, যিয়ে তৈলচিত্ৰ, ভিডিঅ’ আৰু আলোকচিত্ৰমূলক শিল্পকৰ্ম সৃষ্টি কৰিছিল। তেওঁ চীনৰ এগৰাকী সুপৰিচিত সমকালীন শিল্পী আছিল। তেওঁৰ কৰ্মসমূহ টেট মডাৰ্ন আৰু ব্ৰুকলিন মিউজিয়াম আদি সংগ্ৰহালয়ত সংৰক্ষিত আছে।
-
ছোনিয়া বালাছানিয়ান
ছোনিয়া বালাছানিয়ান (Sonia Balassanian; আৰ্মেনিয়ান: Սոնյա Պալասանյան; জন্ম ১৯৪২) জন্ম নাম ছোনিয়া আমিৰিয়ান, ইৰাণত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান জনগোষ্ঠীৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্য শিল্পী আৰু সংস্কৃতি সংৰক্ষক আছিল। তেওঁ বৰ্তমান বালাছানিয়ান নিউয়ৰ্ক চহৰ আৰু ইয়েৰেভানত থাকে।[3]
-
জৰীণা
জৰীণা হাছমি (ইংৰাজী: Zarina Hashmi; জন্ম: ১৬ জুলাই ১৯৩৭ – ২৫ এপ্ৰিল ২০২০, পেছাগতভাৱে জাৰিনা নামেৰে পৰিচিত) নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় আমেৰিকান শিল্পী আৰু প্ৰিণ্টমেকাৰ। তেওঁৰ কাম চিত্ৰ অংকন, প্ৰিণ্টমেকিং, আৰু ভাস্কৰ্য্যৰ বিষয়ে।
-
ধোকৰা
ধোকৰা (ডোক্ৰা বুলিও বানান কৰা হয়) হৈছে অলৌহ ধাতুৰ ঢালাইত লষ্ট ৱাক্স ব্যৱহাৰ কৰাৰ কৌশল। এই ধৰণৰ ধাতুৰ ঢালাই ভাৰতত ৪,০০০ বছৰতকৈও অধিক সময় ধৰি ব্যৱহাৰ হৈ আহিছে আৰু এতিয়াও ব্যৱহাৰ কৰা হয়। এনেধৰণৰ সামগ্ৰীসমূহৰ ভিতৰত অন্যতম হৈছে মহেঞ্জো-দাৰোৰ ডেন্সিং গাৰ্লৰ প্ৰতিমূৰ্তি।
-
নগ্ন
নগ্ন (Nude) শব্দটি সাধাৰণতে মানুহৰ শৰীৰত কোনো পোছাক বা আচ্ছাদন নথকাৰ অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে নগ্নতা হৈছে মানুহৰ কাপোৰ নোহোৱা অৱস্থা, যি নগ্ন শব্দৰ বিশেষণ ৰূপে ব্যৱহৃত হয়৷ অনুমান বেলেগ বেলেগ হ’লেও প্ৰাক-ইতিহাসৰ প্ৰথম ৯০,০০০ বছৰত শাৰীৰিকভাৱে মানুহ উলংগ আছিল।
-
নেৱাৰ শিল্পকলা
নেৱাৰ শিল্পকলা নেৱাৰ সম্প্ৰদায়ৰ মানুহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা শিল্পকলা। এই চিত্ৰ শিল্পকলাৰ ভিতৰত আছে: * পৌভা দেৱাল চিত্ৰ (murals) মন্দিৰৰ দেৱালত চিত্ৰ অংকন পাণ্ডুলিপিৰ চিত্ৰকল্প তাম আৰু পিতলৰ ভাস্কৰ্য শিলৰ ভাস্কৰ্য কাঠৰ ভাস্কৰ্য
-
বস্তৰৰ কাঠৰ শিল্প
বস্তৰৰ কাঠৰ শিল্প হ’ল ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ বস্তৰ জিলাত উৎপাদিত এক পৰম্পৰাগত ভাৰতীয় কাঠৰ শিল্প। এই কাঠৰ কাৰুকাৰ্য 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য সম্পৰ্কীয় দিশসমূহৰ ওপৰত চুক্তি'ৰ (TRIPS) অধীনত ভৌগোলিক স্বীকৃতি (GI) হিচাপে সুৰক্ষিত কৰা হৈছে।
-
বাৰামিন কাৰ্পেট
বাৰামিন কাৰ্পেট আৰু দলিচা (Varamin carpet) হৈছে তেহৰাণৰ দক্ষিণ-পূবে অৱস্থিত ভাৰামিন চহৰ আৰু ইয়াৰ আশে-পাশে বোৱা কাৰ্পেট বা দলিচা। বহু কাৰ্পেট আৰু ৰাগ বিশেষজ্ঞই পৰম্পৰাগত শৈলী আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত ভাৰামিনক আটাইতকৈ প্ৰামাণিক পাৰ্চী কাৰ্পেটৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।
-
শ্বিৰিন আবেদীনিৰাদ
শ্বিৰিন আবেদীনিৰাদ (জন্ম: ১৯৮৬) হৈছে এগৰাকী ইৰানীয় সমসাময়িক শিল্পী আৰু ইউটাহ ভেলী ইউনিভাৰ্চিটীৰ সহকাৰী অধ্যাপক। তেওঁ মূলতঃ প্ৰকৃতি, আধ্যাত্মিকতা আৰু অপটিকেল ইলিউচন (দৃষ্টিভ্ৰম)ৰ বিষয়সমূহ অন্বেষণ কৰা বৃহৎ পৰিসৰৰ দাপোনভিত্তিক ইনষ্টলেশ্যন আৰ্ট, কনচেপচুৱেল আৰ্ট আৰু লেণ্ড আৰ্ট প্ৰকল্পৰ বাবে পৰিচিত।
-
সৰস্বতী (ভাস্কৰ্য্য)
সৰস্বতী হৈছে একে নামৰ হিন্দু দেৱীৰ বৰ্হি ভাস্কৰ্য্য, ইণ্ডোনেছিয়াৰ দূতাবাসৰ বাহিৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিৰ এম্বেচি ৰ'ত স্থাপন কৰা হৈছে।
-
ৰাণু মুখাৰ্জী
ৰাণু মুখাৰ্জী (জন্ম ১৯৬৬) হৈছে ভাৰতীয় আৰু ইউৰোপীয় বংশোদ্ভূত এজন বহুমুখী আমেৰিকান সমসাময়িক শিল্পী, যি চেন ফ্ৰান্সিস্কো, কেলিফ’ৰ্নিয়া ভিত্তিক। মুখাৰ্জীৰ শিল্পচৰ্চাত চিত্ৰকলা, ইনষ্টলেচন, ভাস্কৰ্য্য, ভিডিঅ’ শিল্প, পাৰফৰ্মেন্স, সংমিশ্ৰ চলচ্চিত্ৰ, কাগজত সৃষ্ট কৰ্ম আৰু সহযোগিতামূলক প্ৰকল্প অন্তৰ্ভুক্ত।