শিল্পা গুপ্তা (জন্ম ১৯৭৬) ভাৰতৰ মুম্বাইত বাস কৰা এগৰাকী সমসাময়িক ভাৰতীয় শিল্পী।১
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৭৬ চনত মুম্বাইত জন্মগ্ৰহণ কৰিছিল শিল্প গুপ্তাই। ১৯৯২ চনৰপৰা ১৯৯৭ চনলৈকে ছাৰ জে জে স্কুল অৱ ফাইন আৰ্টছত ভাস্কৰ্য শিল্পৰ শিক্ষা গ্ৰহণ কৰে।১
কৰ্ম আৰু প্ৰদৰ্শনী

২০০১ চনৰ তেওঁৰ ‘‘ব্লেম’’ শীৰ্ষক কৰ্মত শিল্পা গুপ্তাই কৃত্ৰিম তেজভৰা বটল বিতৰণ কৰিছিল, য’ত ধৰ্ম বা জাতীয়তাৰ দৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিষয়সমূহৰ বাবে আনক দোষাৰোপ কৰা বাৰ্তা সংযুক্ত আছিল। এই কৰ্মৰ জৰিয়তে তেওঁ পৰিচয়, দায়িত্ব আৰু সামাজিক পক্ষপাতৰ প্ৰশ্ন উত্থাপন কৰে। পিছলৈ ‘‘দেয়াৰ ইজ ন’ ব’ৰ্ডাৰ হিয়াৰ’’ (২০০৫), ‘‘সমৱান এলছ’’ (২০১১) আৰু ‘‘অল্টাৰ্ড ইনহেৰিটেন্সেছ’’ (২০১২–১৪) আদি প্ৰকল্পতো তেওঁ সীমা, ৰাষ্ট্ৰ, ব্যক্তিস্বাধীনতা আৰু সামাজিক নিয়ন্ত্ৰণৰ বিষয়সমূহ অন্বেষণ কৰি আহিছে।২
ধ্বনি-ভিত্তিক স্থাপনাশিল্প গুপ্তাৰ কৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশ। ‘‘সিংগিং ক্লাউড’’ (২০০৮) নামৰ স্থাপনাত ৪,০০০টা উল্টা-কাৰ্যকৰী মাইক্ৰ’ফোন ব্যৱহাৰ কৰা হৈছিল,৩ আৰু ‘‘স্পিকিং ৱাল’’ (২০১০)ত দৰ্শকে হেডছেটৰ জৰিয়তে নিৰ্দেশনা অনুসৰণ কৰি নিজেই অভিনয়কাৰীত পৰিণত হয়।৪
তেওঁৰ ‘‘শেডো ১, ২ আৰু ৩’’ (২০০৬–০৭) শীৰ্ষক ইণ্টাৰেক্টিভ ভিডিঅ’ স্থাপনাই দৰ্শকৰ ছাঁ বাস্তৱ সময়ত ধৰি প্ৰক্ষেপণ কৰে। গুপ্তাই গ্যালাৰী সীমাৰ বাহিৰতো কৰ্ম সম্পাদন কৰিছে; ‘‘আই লিভ আণ্ডাৰ ইয়’ৰ স্কাই টু’’ (২০০৪) আৰু ‘‘মাই ইষ্ট ইজ ইয়’ৰ ৱেষ্ট’’ (২০১৪) নামৰ আলোক-স্থাপনাসমূহে আকাশ আৰু সীমাৰ প্ৰতীকী অৰ্থ উন্মোচন কৰে।
তেওঁ ২০১৯ চনত ভেনিছ বিয়েনালে অংশগ্ৰহণ কৰে।৫ ২০২৬ চনৰ কোচি-মুজিৰিছ বিয়েনালোতো তেওঁৰ চলন্ত ধ্বনি-স্থাপনাসমূহ প্ৰদৰ্শিত হয়।৬
বঁটা আৰু স্বীকৃতি
২০২৫ চনত শিল্পা গুপ্তাই ‘‘পোজেল প্ৰাইজ ফৰ ইণ্টাৰনেচনেল আৰ্ট ২০২৫’’ লাভ কৰে। এই বঁটাটো প্ৰতি তিনিবছৰ অন্তৰে প্ৰদান কৰা হয় আৰু গুপ্তা হৈছে এই বঁটা লাভ কৰা তৃতীয় শিল্পী; ইয়াৰ পূৰ্বে ডৰিছ সালচেদো আৰু মেট মুলিকানে এই সন্মান লাভ কৰিছিল।৭
২০২৪ চনত তেওঁ এছিয়া ছ’চাইটিৰপৰা ‘‘পাথব্ৰেকাৰ্ছ এৱাৰ্ড’’ লাভ কৰে, যি সন্মানে সমসাময়িক শিল্পচৰ্চাত নবীন দিশ উন্মোচন কৰা শিল্পীক স্বীকৃতি প্ৰদান কৰে।৮
২০১৯ চনত গুপ্তাই ‘‘জি কিউ কালচাৰেল প্ৰভ’কেটৰ এৱাৰ্ড’’ লাভ কৰে।৯ তাৰ আগতে ২০১৮ চনত তেওঁ ‘‘ইণ্ডিয়া টুডে নিউ মিডিয়া আৰ্টিষ্ট অৱ দ্য য়েৰ’’ হিচাপে মনোনীত হৈছিল।১০
গ্ৰন্থপঞ্জী
- শাহীন মেৰালি, নেন্সি আদাজানিয়া, হান্স উল্ৰিখ অ’ব্ৰিষ্ট আৰু জুলিয়া পেইটন-জোনছ, শিল্পা গুপ্তা: ব্লাইণ্ডষ্টাৰ্ছ ষ্টাৰ্ছব্লাইণ্ড, কেহ্ৰাৰ, হাইডেলবাৰ্গ; বোধি আৰু ভলকাৰ ডিয়েল, বাৰ্লিন, ২০০৯।
- নাটাশা গিনৱালা, ইফতিখাৰ দাদি আৰু ল’ৰেন্স লিয়াং, শিল্পা গুপ্তা আৰু ৰাশিদ ৰানা: মাই ইষ্ট ইজ ইয়’ৰ ৱেষ্ট, হাৰ্পাৰকলিন্স আৰু গুজৰাল ফাউণ্ডেশ্যন, নতুন দিল্লী, ২০১৬।
- সুনীল খিলনানি আৰু অনুষ্কা ৰাজেন্দ্ৰন, শিল্পা গুপ্তা: ড্ৰয়িং ইন দ্য ডাৰ্ক, হাত্যে কাণ্ট্জ, বাৰ্লিন, ২০২১।
- ক্ৰিছ বেইলি, হিলাৰী ফ্ল’ আৰু উৰ্বশী বুটালিয়া, শিল্পা গুপ্তা, বাৰ্বিকান চেণ্টাৰ আৰু ৰাইডিংহাউছ, লণ্ডন, ২০২২।
- আলেকজান্দ্ৰা মন্ৰো, নাভ হক আৰু এলভিৰা ডিয়াংগানি অ’ছে, শিল্পা গুপ্তা, ফাইডন প্ৰেছ, লণ্ডন, ২০২৩।
তথ্যসূত্ৰ
- ↑ about – Shilpa Gupta. shilpagupta.com
- ↑ (17 January 2016). I'm interested in perception and with how definitions get stretched or trespassed: Shilpa Gupta. The Indian Express. Vandana Kalra
- ↑ (11 April 2012). The Formation of Identity- Shilpa Gupta- Someone Else- Arnolfini- Bristol. Aesthetica Magazine Blog. Regina Papachlimitzou
- ↑ (14 March 2012). Shilpa Gupta. frieze.com. Ronald Jones
- ↑ Maddox, Georgina. (10 May 2019). The trio from India who made it to the Venice Biennale 2019. The Hindu
- ↑ Muthalaly, Shonali. (13 February 2026). Biennale highlights and must-see parallel shows at the event. The Hindu
- ↑ Shilpa Gupta awarded the Possehl Prize for International Art 2025. artreview.com
- ↑ (2025-02-10). 2025 Asia Arts Game Changer Awards India: Shilpa Gupta, Asia Arts Pathbreaker Awardee. asiasociety.org
- ↑ Staff, G. Q. (2019-04-01). GQ Style & Culture Awards 2019: Full list of winners. GQ India
- ↑ (2018-12-23). India Today Art Awards 2019: Portrait of an artist as a warrior. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্পা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৫৯৯৮০৮ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।