দমকল (Hand pump) হৈছে হাতেৰে চলাই ভূ-গৰ্ভস্থ পানী উলিওৱা এক যন্ত্ৰ; ইয়াৰ সহায়ত মানুহৰ শক্তি আৰু যান্ত্ৰিক সুবিধা ব্যৱহাৰ কৰি তৰল পদাৰ্থ বা বায়ুক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ লৈ যোৱা হয়। বিশ্বৰ প্ৰতিখন দেশতে বিভিন্ন ধৰণৰ ঔদ্যোগিক, সামুদ্ৰিক, জলসিঞ্চন আদিৰ দৰে কামত এইবোৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়। মূলতঃ পিষ্টন, ডায়েফ্ৰাম বা ঘূৰ্ণনীয় ভেন নীতিত কাম কৰা আৰু চেম্বাৰৰ প্ৰৱেশ আৰু প্ৰস্থান বন্দৰত চেক ভালভৰ সৈতে বিপৰীত দিশত কাম কৰা দমকলৰ ব্যৱস্থা আছে। বেছিভাগ হেণ্ড দমকল হয় পিষ্টন পাম্প বা প্লাঞ্জাৰ পাম্প, আৰু ই ধনাত্মক বিচ্যুতিৰ।১
উন্নয়নশীল দেশসমূহত সাধাৰণতে পানীৰ সামূহিক যোগান আৰু স্ব-যোগান দুয়োটাৰে বাবে দমকলৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াক ব’ৰহ’ল বা হাতেৰে খন্দা কূপত স্থাপন কৰিব পাৰি।
ইতিহাস

এসময়ত বিশ্বজুৰি প্ৰচলিত দমকলবিধ আছিল হাতেৰে চালিত পানীৰ পাম্প বা ‘পিচাৰ পাম্প’। পাইপেৰে পানী যোগান ধৰাৰ আগৰ দিনবোৰত ইয়াক সাধাৰণতে সামূহিক পানীৰ কূপৰ ওপৰত স্থাপন কৰা হৈছিল।
ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ কিছু অংশত ইয়াক প্ৰায়ে পেৰিছ পাম্প বুলি কোৱা হৈছিল।২ যদিও এনে সমজুৱা দমকল এতিয়া সাধাৰণ নহয়, তথাপিও মানুহে স্থানীয় আগ্ৰহৰ বিষয়সমূহ আলোচনা কৰা ঠাই বা মঞ্চৰ বৰ্ণনা কৰিবলৈ পেৰিছ পাম্প অভিব্যক্তি ব্যৱহাৰ কৰে।
যিহেতু পিটচাৰ পাম্পৰ পৰা পানী পোনে পোনে মাটিৰ পৰা টানি লোৱা হয়, সেয়েহে ইয়াত দূষণৰ সম্ভাৱনা বেছি। যদি এনে পানী ফিল্টাৰ কৰি বিশুদ্ধ কৰা নহয়, তেন্তে ইয়াক সেৱন কৰিলে গেষ্ট্ৰাইটিছ বা অন্যান্য পানীজনিত ৰোগ হ’ব পাৰে। এনেকৈ পানীৰ দ্বাৰা আক্ৰান্ত ৰোগ হৈছে ১৮৫৪ চনৰ ব্ৰড ষ্ট্ৰীটৰ কলেৰাৰ প্ৰাদুৰ্ভাৱ। সেই সময়ত কলেৰা কেনেকৈ সংক্ৰমিত হয় সেয়া জনা নাছিল যদিও চিকিৎসকজন স্নোৱে দূষিত পানীৰ পৰা হোৱা বুলি সন্দেহ কৰিছিল আৰু তেওঁ সন্দেহ কৰা ৰাজহুৱা পাম্পটোৰ হেণ্ডেল আঁতৰাই দিছিল; তাৰ পিছত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কমি আহিল।
আধুনিক হাতেৰে চলোৱা সামাজিক দমকল সম্পদৰ অভাৱত নিৰাপদ পানী যোগানৰ বাবে আটাইতকৈ বহনক্ষম কম খৰচী বিকল্প বুলি গণ্য কৰা হয়, প্ৰায়ে উন্নয়নশীল দেশৰ গ্ৰাম্য অঞ্চলত এই বিকল্পৰ প্ৰচলন বেছি। দমকলে গভীৰ ভূগৰ্ভস্থ পানীৰ প্ৰৱেশ মুকলি কৰে যিটো প্ৰায়ে প্ৰদূষিত নহয় আৰু লগতে পানীৰ উৎসটোক দূষিত বাল্টিৰ পৰা ৰক্ষা কৰি কুঁৱাৰ সুৰক্ষাও উন্নত কৰে। আফ্ৰিডেভ পাম্পৰ দৰে পাম্পবোৰ নিৰ্মাণ আৰু স্থাপন কৰাটো সস্তা, আৰু সহজ অংশৰে ৰক্ষণাবেক্ষণ কৰাটো সহজ। কিন্তু আফ্ৰিকাৰ কিছুমান অঞ্চলত এই ধৰণৰ পাম্পৰ অতিৰিক্ত অংশৰ অভাৱৰ বাবে এই অঞ্চলসমূহৰ বাবে ইয়াৰ উপযোগিতা হ্ৰাস পাইছে।
তথ্যসূত্ৰ
- ↑ Handpumps. WaterAid
- ↑ Online Dictionary – Parish Pump
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দমকল” প্ৰবন্ধৰ সংশোধন ৫৭৯০০৬ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।