অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰুবিকৰ কিউব

ৰুবিকৰ কিউব (Rubik's Cube) হৈছে ঘনাকৃতিৰ এক যান্ত্ৰিক পাজল (puzzle)। ১৯৭৪ চনত হাংগেৰীৰ ভাষ্কৰ্য্য আৰু স্থপতিবিদ্যাৰ অধ্যাপক এৰ্নো ৰুবিকে ইয়াক উদ্ভাৱন কৰে। আদিতে ইয়াক মেজিক কিউব হিচাপে জনা গৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৩১ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
ৰুবিকৰ কিউবৰ ৰঙসমূহ
ৰুবিকৰ কিউবৰ ৰঙসমূহছবি: Nl74 · CC0

ৰুবিকৰ কিউব (Rubik's Cube) হৈছে ঘনাকৃতিৰ এক যান্ত্ৰিক পাজল (puzzle)। ১৯৭৪ চনত১২ হাংগেৰীৰ ভাষ্কৰ্য্য আৰু স্থপতিবিদ্যাৰ অধ্যাপক এৰ্নো ৰুবিকে ইয়াক উদ্ভাৱন কৰে। আদিতে ইয়াক মেজিক কিউব হিচাপে জনা গৈছিল।৩ ৰুবিকে ১৯৮০ চনত Ideal Toy Corporation নামৰ কোম্পানীটোক ইয়াৰ বাণিজ্যিক উৎপাদন আৰু বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে।৪ কোম্পানীটোৱে ইয়াৰ নাম ৰুবিকচ কিউব অৰ্থাৎ ৰুবিকৰ কিউব ৰাখিলে। সেই একেটা বৰ্ষত ই শ্ৰেষ্ঠ পাজলৰ German Game of The Yearৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হয়। ২০০৯ চনলৈ প্ৰায় ৩৫০ মিলিয়ন৫৬ এই ঘনক বিক্ৰীৰে ই পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা পাজল খেল হিচাপে খ্যাতি লভিবলৈ সক্ষম হয়।৭৮

প্ৰতিটো ক্লাচিক ঘনকৰ ৬খন তলিৰ প্ৰত্যেখনকে ৯খন ষ্টিকাৰে আৱৰি ঠাকে। এই ষ্টিকাৰ সমূহত ৬টা ৰং থাকে- বগা, ৰঙা, নীলা, কমলা, সেউজীয়া আৰু হালধীয়া। বৰ্তমান উপলব্ধ মডেল সমূহত বগা হালধীয়াৰ বিপৰীতে, নীলা সেউজীয়াৰ বিপৰীতে আৰু কমলা ৰঙাৰ বিপৰীতে থাকে। আৰু এই ৰঙা, বগা আৰু নীলা ৰঙকেইটা তলিকেইখনত ঘড়ীৰ কাটাৰ ক্ৰমত থাকে।৯ আভ্যন্তৰীন যান্ত্ৰিক কাৰুকাৰ্য এনেকুৱা যে প্ৰতিখন তলিয়েই সুকীয়াকৈ ঘূৰিব পাৰে। ইয়াৰ ফলত ৰঙসমূহ সানমিহলি হৈ গৈ প্ৰতিখন তলিৰ ৰঙ ভিন্নৰঙী হৈ যায়। পাজলটো সমাধান কৰিবলৈ প্ৰতিখন তলিৰ ৰঙ একে কৰা দৰকাৰ।

যদিও ১৯৮০ৰ দশকত ই জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল, আজিও ই বহুল ভাৱে ব্যৱহৃত আৰু সমাদৃত হৈ আছে। ৱৰ্ল্ড কিউব এচ'চিয়েচনে (World Cube Association) ২০০৩ চনৰ পৰা এই পাজল সমাধান কৰা প্ৰতিযোগিতা আয়োযন কৰি আহিছে।

ধাৰণা আৰু বিকাশ

আৰম্ভণিৰ মডেল সমূহ

১৯৭০ চনৰ মাৰ্চত লেৰী নিক'লচে ২x২x২ আকৃতিৰ এক ঘূৰ্ণীয়মান ঘনকৰ পাজল এটা উদ্ভাৱন কৰিছিল আৰু কানাডিয়ান পেটেণ্টৰ বাবে আৱেদন কৰিছিল। ইয়াত ঘনকসমূহ চুম্বকৰ দ্বাৰা এটাৰ সৈতে আনটো লাগি আছিল। ১৯৭২ চনৰ ১১ এপ্ৰিলত ৰুবিকৰ উদ্ভাৱনৰ দুবছৰ আগত নিক'লচক আমেৰিকাৰ পেটেণ্ট (৩৬৫৫২০১) অনুমোদন জনোৱা হয়। ১৯৭০ চনৰ ৯ এপ্ৰিলত ফ্ৰেংক ফক্স নামৰ এজন লোকে তেওঁৰ "গোলকীয় ৩x৩x৩" মডেলৰ পেটেণ্টৰ বাবে আৱেদন কৰে। তেওঁ ১৯৭৪ চনৰ ১৬ জনুৱাৰীত ব্ৰিটেইনৰ পেটেণ্ট (১৩৪৪২৫৯)লাভ কৰে।১০

ৰুবিকৰ উদ্ভাৱন

৭০ ৰ দশকৰ মাজভাগত এৰ্নো ৰুবিকে বুডাপেষ্টৰ একাডেমী অৱ এপ্লাইড আৰ্টচ্‌ এণ্ড ক্ৰাফটচ্‌ ( Academy of Applied Arts and Crafts)ৰ ইণ্টেৰিয়ৰ ডিজাইন বিভাগত কাম কৰিছিল।১১ যদিওবা ছাত্ৰ-ছাত্ৰীসকলক ত্ৰিমাত্ৰিক গঠনৰ বিষয়ে জ্ঞান দিবলৈ এইটো তৈয়াৰ কৰা হৈছিল বুলি ব্যাপকভাৱে প্ৰচাৰিত হৈছিল, দৰাচলতে ইয়াৰ উদ্দেশ্য আছিল ভিন্ন কৌশল তথা কাৰুকাৰ্য অবিহনে অকাধিক গতিশীল অংশ থকা বস্তুৰ গাঠনিক সমস্যা সমাধান কৰা। প্ৰথমবাৰ কিউবটোৰ তলিসমূহ ঘূৰাই পুনৰ আগৰ অৱস্থালৈ নিবলৈ চেষ্টা নকৰালৈ ৰুবিকে অনুমানেই কৰিব পৰা নাছিল যে তেওঁ এটা পাজল উদ্ভাৱন কৰিছে।১২ ১৯৭৫ চনত তেওঁৰ এই মেজিক কিউবটোৱে হাংগেৰীয়ান পেটেণ্ট HU170062 লাভ কৰে।

লগতে পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ William Fotheringham. (2007). Fotheringham's Sporting Pastimes. Anova Books. পৃ. 50. ISBN 1-86105-953-1
  2. ↑ de Castella, Tom. The people who are still addicted to the Rubik's Cube. BBC News Magazine. bbc.com
  3. ↑ 'Driven mad' Rubik's nut weeps on solving cube... after 26 years of trying, Daily Mail Reporter, January 12, 2009
  4. ↑ Daintith, John. (1994). A Biographical Encyclopedia of Scientists. Institute of Physics Pub. পৃ. 771. ISBN 0-7503-0287-9
  5. ↑ William Lee Adams. (2009-01-28). The Rubik's Cube: A Puzzling Success. TIME
  6. ↑ Alastair Jamieson. (2009-01-31). Rubik's Cube inventor is back with Rubik's 360. The Daily Telegraph
  7. ↑ (2008-02-06). eGames, Mindscape Put International Twist On Rubik's Cube PC Game. Reuters
  8. ↑ Marshall, Ray. Squaring up to the Rubchallenge. icNewcastle. Retrieved August 15, 2005
  9. ↑ Michael W. Dempsey. (1988). Growing up with science: The illustrated encyclopedia of invention. Marshall Cavendish. পৃ. 1245. ISBN 0-87475-841-6
  10. ↑ Patent Specification 1344259
  11. ↑ Kelly Boyer Sagert. (2007). The 1970s (American Popular Culture Through History). Greenwood Press. পৃ. 130. ISBN 0-313-33919-8
  12. ↑ (2006-12-01). Rubik's Cube. PuzzleSolver

সম্পৰ্কিত শ্ৰেণী

যন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুবিকৰ কিউব” প্ৰবন্ধৰ সংশোধন ৬৩২২৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।