
ভাপ ইঞ্জিন হৈছে এবিধ তাপ ইঞ্জিন যিয়ে ভাপক কাৰ্যকাৰী তৰল হিচাপে ব্যৱহাৰ কৰি (Working fluid) যান্ত্ৰিক কাৰ্য কৰে। প্ৰায় ২০০০ বছৰৰ আগতেই গৰম পানীৰ ভাপৰ সহায়ত বিভিন্ন গতি সৃষ্টি কৰিছিল যদিও ব্যৱহাৰযোগ্য কোনো সঁজুলি পোৱা নাযায়। ১৬০৬ চনত স্পেনিছ উদ্ভাৱক জিৰ'নিম' দি আয়ানজ্ বুমণ্টে (Jerónimo de Ayanz y Beaumont) প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট কৰিছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাপ ইঞ্জিন” প্ৰবন্ধৰ সংশোধন ৪৪৭২৭০ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।