ভাৰতৰ নদী
৪০ প্ৰবন্ধ
-
খোৱাই নদী
খুৱাই নদী (Khowai River) হৈছে ভাৰতবৰ্ষৰ ত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশৰ এখন নদী। আথাৰামুৰা পৰ্বতৰ উত্তৰ অংশত এই নদীখনৰ উৎপত্তি হৈছে। এই নদীখন পশ্চিম আৰু উত্তৰলৈ বৈ গৈ বাংলাদেশৰ ছিলেট জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত পূব দিশে বৈ গৈ মেঘনা নদীৰ লগত মিলি গৈছে।
-
ঢলাই নদী
ঢলাই নদী (Dhalai River) হৈছে ভাৰত আৰু বাংলাদেশৰ সীমান্তত অৱস্থিত নদী। এই নদীখনক ঢলা নদী নামেৰেও জনা যায়। ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চলত ঢলাই নদীৰ উৎপত্তি হৈছে। এই নদীখনে বাংলাদেশৰ মৌলবী বজাৰ জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত এই নদীখন বাংলাদেশৰ ৰাজনগৰ উপজিলাত মনু নদীৰ লগত মিলি গৈছে।
-
দুধমতী
দুধমতী (মৈথিলী: दूधमती) হৈছে ভাৰতীয় উপমহাদেশৰ মিথিলা অঞ্চলৰ সমতল ভূমিত বৈ যোৱা এখন পবিত্ৰ নদী। এই নদীখনৰ উৎপত্তি নেপালৰ ক্ষীৰেশ্বৰনাথ পৌৰসভাৰ ৱাৰ্ড সংখ্যা পাঁচত অৱস্থিত অৰ্জাৱন গাঁৱত। দুধমতী নদীখন জনকপুৰধামৰ মাজেৰে বৈ যায়।
-
বামনপুৰম নদী
বামনপুৰম নদী (Vamanapuram River) কেৰালাৰ এখন নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৮৮ কিলোমিটাৰ (৫৫ মাইল)। নদীখন দক্ষিণ কেৰালাৰ মাজেৰে বৈ গৈ তিৰুৱনন্তপুৰম জিলাৰ উত্তৰ অংশ অতিক্ৰম কৰে। এই নদীখন তিৰুৱনন্তপুৰম জিলাৰ দীৰ্ঘতম নদী হিচাপেও পৰিচিত। নদীখনক কল্লাৰ, কোল্লামপুঝায়াৰু আৰু আট্টিংগালাৰু নামেৰেও জনা যায়।
-
ভৱানী নদী
ভৱানী নদী (Bhavani river) ভাৰতৰ এখন গুৰুত্বপূৰ্ণ নদী, যি কেৰালা আৰু তামিলনাডু ৰাজ্যৰ মাজেৰে বৈ গৈছে। ইয়াৰ উৎপত্তি তামিলনাডুৰ পশ্চিমঘাট পৰ্বতমালাৰ নীলগিৰি অঞ্চলত। নদীখন প্ৰথমে পশ্চিম দিশে বৈ কিছু দূৰ কেৰালাত প্ৰৱেশ কৰে আৰু তাৰ পিছত দিশ সলাই পূবফালে বৈ পুনৰ তামিলনাডুলৈ ঘূৰি আহে।
-
মণিমালা নদী
মণিমালা নদী বা মণিমালায়াৰ হৈছে দক্ষিণ কেৰালাৰ মাজেৰে বৈ যোৱা এখন ৯২ কিলোমিটাৰ দীঘল নদী। উপগ্ৰহীয় মানচিত্ৰ জনপ্ৰিয় হোৱাৰ পূৰ্বে এই নদীখনক ভুলবশতঃ পাম্বা নদীৰ উপনৈ বুলি গণ্য কৰা হৈছিল।
-
মাহে নদী
মাহে নদী (Mahe river) ৰ স্থানীয় নাম হৈছে ময়্যাঝিপ্পুঝা। মাহে দক্ষিণ ভাৰতৰ এখন উল্লেখযোগ্য নদী। নদীখন কেৰালা ৰাজ্যৰ লগতে পুডুচেৰীৰ অন্তৰ্গত উপকূলীয় বিচ্ছিন্ন অঞ্চল মাহেৰ মাজেৰে বৈ গৈছে। মাহে নদীৰ উৎপত্তি ৱায়ানাড জিলা পশ্চিমঘাট পৰ্বতমালাৰ ঢালত।
-
মীনচিল নদী
মীনচিল নদী বা মীনচিলাৰ (মালয়ালম: മീനച്ചിലാർ), যাক কাভাড্ৰপ আৰু ভালঞ্জাৰ নামেৰেও জনা যায়, ভাৰতৰ কেৰালা ৰাজ্যৰ এখন নদী। নদীখনত সৃষ্টি হোৱা আকস্মিক বানপানী, তীব্ৰ পানীৰ সোঁত আৰু পৰ্বতৰ পৰা উটুৱাই অনা কাঠ-আৱৰ্জনাৰ বাবে ইয়াক কেৰালাৰ আটাইতকৈ বিপদজ্জনক নদীসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
শ্বিৰিয়া নদী
শ্বিৰিয়া নদী (Shiriya River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ যোৱা এখন নদী। শ্বিৰিয়া নদীখনৰ দৈৰ্ঘ্য ৬৭ কিলোমিটাৰ। এই নদীখন কেৰালাৰ ১৮তম দীঘল নদী আৰু কাছাৰগোড় জিলাৰ দ্বিতীয় দীঘল নদী।
-
সুবৰ্ণৰেখা নদী
সুবৰ্ণৰেখা নদী ভাৰতৰ ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশা ৰাজ্যৰ মাজেৰে বৈ গৈছে।