প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হ'ল ভাৰতৰ দুখীয়া পৰিয়ালৰ মহিলাসমূহৰ মুখত হাঁহি অনাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ দ্বাৰা ২০১৬ চনৰ ১ মে'ত আৰম্ভ কৰা এটা যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলাবোৰক বিনামুলীয়াকৈ এল.পি.জি. সংযোগ যোগান ধৰা হয়।
এই যোজনাৰ মুখ্য উদ্দেশ্য হ'ল গ্ৰামাঞ্চলত খাদ্য বনাবৰ বাবে ব্যৱহৃত জীৱাশ্ম ইন্ধনৰ ঠাইত এল.পি.জি.ৰ ব্যৱহাৰক অধিক গুৰুত্ব দিয়া। তাৰোপৰি মহিলাৰ সশক্তিকৰণক অধিক গুৰুত্ব দিয়াৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ সুৰক্ষাও এই যোজনাৰ আন এটি উদ্দেশ্য। এই যোজনাৰ বাবে মন্ত্ৰীমণ্ডলে ৮,০০০ কৌটি টকাৰ বাজেট নিৰ্মাণ কৰিছে।
বাহ্যিক সংযোগ
- प्रधान मंत्री उज्ज्वला योजना
- गरीबों को अब मुफ्त गैस, पीएम ने किया उज्ज्वला योजना का आगाज (দৈনিক জাগৰণ)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা” প্ৰবন্ধৰ সংশোধন ৪৩৬৯৪৩ (১১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।