অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নিৰ্ভয়া নিধি

নিৰ্ভয়া নিধি (Nirbhaya Fund) ২০১৩ চনৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে ঘোষণা কৰা ১০০০ কোটি ভাৰতীয় টকাৰ পুঁজি। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আশা কৰিছিল যে এই পুঁজিয়ে ভাৰতত মহিলাসকলৰ সন্মান আৰু সুৰক্ষা নিশ্চিত কৰা কাৰ্যসূচীক সমৰ্থন কৰিব।

হালনাগাদ: ২৫ জুলাই ২০২৪ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নিৰ্ভয়া নিধি (Nirbhaya Fund) ২০১৩ চনৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে ঘোষণা কৰা ১০০০ কোটি ভাৰতীয় টকাৰ পুঁজি। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আশা কৰিছিল যে এই পুঁজিয়ে ভাৰতত মহিলাসকলৰ সন্মান আৰু সুৰক্ষা নিশ্চিত কৰা কাৰ্যসূচীক সমৰ্থন কৰিব। নিৰ্ভয়া ২০১২ চনৰ দিল্লীৰ দলবদ্ধ ধৰ্ষণৰ ভুক্তভোগীক দিয়া ছদ্মনাম আছিল। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় আৰু আন কেইবাটাও মন্ত্ৰালয়ে পুঁজিৰ বাবে আবেদনৰ সিদ্ধান্ত লৈছিল। এই পুঁজিৰ অন্যতম ব্যৱহাৰ হৈছে হিংসাৰ বলি হোৱা মহিলাসকলক সমৰ্থন কৰিবলৈ 'ওৱান ষ্টপ চেণ্টাৰ' স্থাপন কৰা।

ইতিহাস

মহিলা আৰু কন্যা সন্তানৰ সশক্তিকৰণ, সন্মান আৰু সুৰক্ষাৰ বাবে ১০০০ কোটি টকাৰ চৰকাৰী অৱদানৰ সৈতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে তেওঁৰ ২০১৩ চনৰ বাজেট ভাষণত নিৰ্ভয়া নিধি গঠনৰ ঘোষণা কৰিছিল।১ এই পুঁজি বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালনা কৰা হয়।২৩

পুঁজিৰ ব্যৱহাৰ

বিভিন্ন মন্ত্ৰালয়ে মহিলাৰ সন্মান আৰু সুৰক্ষা বৃদ্ধি কৰিবলৈ এই পুঁজি ব্যৱহাৰ কৰিবলৈ প্ৰকল্পৰ প্ৰস্তাৱ দিছিল। প্ৰস্তাৱ দাখিল কৰা মন্ত্ৰালয়সমূহ আছিল তথ্য প্ৰযুক্তি মন্ত্ৰালয়, পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়, ৰেল মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়। গৃহ মন্ত্ৰালয়ে নিৰ্ভয়া নিধি আঁচনিৰ অধীনত মুঠ ১৯৪.৪৪ কোটি টকা ব্যয়ত লক্ষ্ণৌৰ বাবে এক সুৰক্ষিত চহৰ প্ৰকল্প অনুমোদন কৰে।৪

২০১৩ চনৰ নৱেম্বৰ মাহত নগৰ উন্নয়ন মন্ত্ৰালয়ে ৰাজ্যসমূহক নিৰ্ভয়া নিধিৰ জৰিয়তে কৰিব পৰা নতুন পৰিকল্পনাৰ প্ৰস্তাৱ আৰু ৰূপায়ণ কৰিবলৈ কৈছিল। এই মন্ত্ৰালয়ে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো অৱগত কৰিছিল যে জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় নগৰ নৱীকৰণযোগ্য মিছনৰ অধীনত নতুন বাছৰ কোটা নাপাব যদিহে তেওঁলোকে মহিলাসকলৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থা সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হয়।৫৬৭

এই পুঁজি সমগ্ৰ দেশত 'ওৱান ষ্টপ চেণ্টাৰ' বা 'সখী' সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াত হিংসাৰ বলি হোৱা মহিলাসকলে আৰ্থিক, সামাজিক, আৰু ন্যায়িক দিশত সকাহ দিবলৈ যত্ন কৰা হয়।৮ ২০১৩ চনৰ এক পৰামৰ্শ অনুসৰি প্ৰথমতে প্ৰতিটো ভাৰতীয় ৰাজ্যৰ বাবে প্ৰস্তাৱিত একোখনকৈ ওৱান ষ্টপ চেণ্টাৰ স্থাপন কৰা হৈছিল।৯ নিৰ্ভয়া নিধিৰ পৰা বিত্তীয় সাহায্য প্ৰাপ্ত ৰায়পুৰ আৰু লক্ষ্ণৌ ওৱান ষ্টপ চেণ্টাৰে মহিলা সশক্তিকৰণৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ক্ৰমে ২০১৮ আৰু ২০১৯ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।১০

তথ্যসূত্ৰ

  1. ↑ (26 April 2013). Nirbhaya Fund
  2. ↑ (13 December 2013). Nirbhaya Fund
  3. ↑ (1 November 2018). Uttar Pradesh: Centre approves Rs 194.44 crore Safe City Project for Lucknow
  4. ↑ (16 December 2013). Three Proposals of Different Ministries Approved in-Principle by the Ministry of Finance to Utilise the Resources in the Nirbhaya Fund to Enhance the Safety and Security of Women
  5. ↑ Ramachandran, Smriti Kak. (24 November 2013). No new buses if there is no safety for women: Centre. The Hindu
  6. ↑ (28 February 2013). Nirbhaya Fund of Rs1,000 crore for women's safety announced. DNA India
  7. ↑ (1 March 2013). Budget 2013 announces Nirbhaya Fund for women's safety. business today.
  8. ↑ (2018-12-06). One Stop Centre Scheme - M.I.C.S. IAS LUCKNOW. M.I.C.S. IAS LUCKNOW
  9. ↑ One Stop Centre Scheme. Ministry of Women and Child Development
  10. ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী যোজনা আৰু নীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্ভয়া নিধি” প্ৰবন্ধৰ সংশোধন ৪২৬৫৩৪ (২৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।