অংগনবাদী (Anganwadi) হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু অপুষ্টিৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাদী বা অংগনৱাড়ীৰ অৰ্থ হৈছে ‘চোতালৰ আশ্ৰয়’।
এটি সাধাৰণ অংগনবাদী কেন্দ্ৰই এখন গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। ই ভাৰতীয় জনস্বাস্থ্য সেৱা প্ৰণালীৰ এটা অংশ। প্ৰাথমিক স্বাস্থ্য সেৱা কাৰ্যকলাপবোৰৰ ভিতৰত আছে গৰ্ভনিৰোধকৰ বিষয়ে পৰামৰ্শ দিয়া আৰু যোগান ধৰা, পুষ্টি আৰু পৰিপূৰকৰ বিষয়ে শিক্ষা দিয়া, লগতে শিশুসকলৰ বাবে প্ৰাক-প্ৰথমিক বিদ্যালয় ৰূপে কাম কৰা।১ কেন্দ্ৰবোৰ অ'ৰেল ৰিহাইড্ৰেচন চল্ট (অ'আৰএছ), প্ৰাথমিক ঔষধ আৰু গৰ্ভনিৰোধকৰ বাবে কোষ্ঠাগাৰ হিচাপেও ব্যৱহাৰ কৰা হ'ব পাৰে। ৩১ জানুৱাৰী ২০১৩-ৰ তথ্য অনুসৰি, ১৩.৭ লাখ অনুমোদিত অংগনবাদী কেন্দ্ৰৰ ভিতৰত প্ৰায় ১৩.৩ লাখ অংগনবাদী কেন্দ্ৰ কাৰ্যৰত হৈছে। এই কেন্দ্ৰবোৰে পৰিপূৰক পুষ্টি, অনানুষ্ঠানিক প্ৰাক-প্ৰথমিক বিদ্যালয় শিক্ষা, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, টিকাকৰণ, স্বাস্থ্য পৰীক্ষা আৰু ৰেফাৰেল সেৱা প্ৰদান কৰে। ইয়াৰে অন্তিম তিনিটা সেৱা ৰাজহুৱা স্বাস্থ্য প্ৰণালীৰ সৈতে একত্ৰিত হৈ প্ৰদান কৰা হয়।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Population Policy 2000, National Commission on Population website. Accessed 13 February 2008
- ↑ Anganwadi Centres
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংগনবাদী” প্ৰবন্ধৰ সংশোধন ২৯৭৯৫১ (১৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।