ফাতমা ইছমাইল ছালমান; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৩৭ – মৃত্যু: ২ জুন ২০২০; আছিল এগৰাকী পেলেষ্টাইনী সক্ৰিয় কৰ্মী আৰু বিপ্লৱী।১
প্ৰাথমিক জীৱন
১৯৩৭ চনৰ ১৪ ফেব্ৰুৱাৰীত পশ্চিম পাৰৰ পেলেষ্টাইনৰ ছিলৱাদ চহৰত ফাতমাৰ জন্ম হৈছিল। পিতৃৰ কৰ্ম সংস্থানৰ বাবে তেওঁ ৪ বছৰ বয়সত জেৰুজালেমলৈ গুচি যায়। পুনৰ ১৯৪৫ চনত পিতৃ বদলি হোৱাৰ বাবে হাইফালৈ গুচি যায়। হাইফাৰ ইহুদী আৰু পেলেষ্টাইনী বাসিন্দাসকলৰ মাজত হিংসাত্মক পৰিস্থিতিৰ বাবে তেওঁৰ পৰিয়াল পিছত পুনৰ ছিলৱাদলৈ উভতি যায়।২
ছয়দিনীয়া যুদ্ধ
ছয়দিনীয়া যুদ্ধৰ সময়ত ফাতমাই আহত পেলেষ্টাইনীসকলক সহায় কৰিবলৈ এটা সংস্থাত স্বেচ্ছাই কাম কৰিছিল। নাকচাৰ সময়ত তেওঁ পেলেষ্টাইনীসকলক ঘৰৰ পৰা বগা পতাকা ওলোমাই নিদিবলৈ আৰু জৰ্ডানলৈ পলায়ন নকৰিবলৈ পোষকতা কৰিছিল।৩
ফাটাহত যোগদান কৰা
১৯৬৮ চনত আব্দুল ইলাহৰ সহায়ত তেওঁ ককাক হাজ জৈন আল-দিন আল-নজ্জাৰৰ নেতৃত্বত এটা উগ্ৰপন্থী কোষত যোগদান কৰে। কোষটোত তেওঁৰ ভূমিকা আছিল অস্ত্ৰ লুকুৱাই ৰখা আৰু লজিষ্টিক সহায় আগবঢ়োৱা। ১৯৬৯ চনৰ আগষ্ট মাহত তেওঁক গ্ৰেপ্তাৰ কৰি তিনি বছৰৰ কাৰাদণ্ড বিহা হয়। কাৰাগাৰত থকা সময়ছোৱাত আইডিএফে তেওঁৰ ঘৰটো ধ্বংস কৰি পেলায়, আৰু ১৮ বছৰৰ বাবে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰে। মুক্তিৰ পিছত ১৯৭১ চনৰ মাৰ্চ মাহলৈকে তেওঁ পুনৰ উগ্ৰপন্থী কাৰ্যকলাপ আৰম্ভ কৰে আৰু তাৰ পিছত তেওঁক নিজৰ চহৰৰ আন মহিলাসকলৰ সৈতে পুনৰ গ্ৰেপ্তাৰ কৰা হয়। গোপন তথ্য মুকলি কৰিবলৈ ইজৰাইলী আৰক্ষীয়ে ছমাহ ধৰি তেওঁক জেৰা কৰিছিল যদিও তেওঁ কোনো তথ্য মুকলি কৰা নাছিল।৪
মৃত্যু
৮৩ বছৰ বয়সত ৰামাল্লাত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত ফাটাহে শোক প্ৰকাশ কৰে।৪৩
তথ্যসূত্ৰ
- ↑ "فتح تنعى ابنتها المناضلة فاطمة ريما". Ma'an News Agency
- ↑ (2021-06-03). ذكرى رحيل المناضلة الحاجة فاطمة إسماعيل حامد (فاطمة ريما)
- ↑ (3 June 2020). "فتح" تنعى ابنتها المناضلة "فاطمة ريما"
- ↑ (2023-03-21). "فاطمة ريما": أيقونة ثورية وحب فطري للمقاومة. بنفسج
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাতমা ইছমাইল ছালমান” প্ৰবন্ধৰ সংশোধন ৫৭৯২৬৩ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।