অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হীৰালাল সেন

হীৰালাল সেনক (Hiralal Sen; ২ আগষ্ট ১৮৬৮-২৬ অক্টোবৰ ১৯১৭) সাধাৰণতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰ অন্যতম চলচ্চিত্ৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। ১৯০৩ চনত তেওঁ প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, জনপ্ৰিয় আলিবাবা আৰু চল্লিশ চোৰৰ চিত্ৰায়ণ কৰিছিল। তেওঁ আছিল এজন উল্লেখনীয় ফটোগ্ৰাফাৰ।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হীৰালাল সেনক (Hiralal Sen; ২ আগষ্ট ১৮৬৮-২৬ অক্টোবৰ ১৯১৭)১ সাধাৰণতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰ অন্যতম চলচ্চিত্ৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। ১৯০৩ চনত তেওঁ প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, জনপ্ৰিয় আলিবাবা আৰু চল্লিশ চোৰৰ চিত্ৰায়ণ কৰিছিল। তেওঁ আছিল এজন উল্লেখনীয় ফটোগ্ৰাফাৰ। ভাৰতৰ প্ৰথমখন বিজ্ঞাপনমূলক ছবি আৰু খুব সম্ভৱ, ভাৰতৰ প্ৰথমখন ৰাজনৈতিক ছবি নিৰ্মাণৰ কৃতিত্বও তেওঁক দিয়া হয়। ১৯১৭ চনত হোৱা অগ্নিকাণ্ডই তেওঁৰ সকলো ছবি ধ্বংস কৰি পেলায়।

প্ৰাৰম্ভিক জীৱন

হীৰালাল সেনৰ জন্মস্থান আছিল বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈৰ মাণিকগঞ্জৰ এখন গাঁও বাগজুৰিত।২ তেওঁ সেই অঞ্চলৰ বৈদ্য জমিদাৰ৩ পৰিয়ালৰ এজন সফল উকীলৰ পুত্ৰ আছিল আৰু ডাঙৰ-দীঘল হৈছিল কলিকতাত।২ ১৮৯৮ চনত পেৰিছলৈ যোৱাৰ পথত এটা চলচ্চিত্ৰ দলে কলকাতাৰ ষ্টাৰ থিয়েটাৰত মঞ্চ প্ৰদৰ্শনৰ লগতে প্ৰফেচাৰ ষ্টিভেনচনৰ চুটিছবি দ্য ফ্লাৱাৰ অৱ পাৰ্চিয়াও প্ৰদৰ্শন কৰে।৪ ষ্টিভেনছনৰ কেমেৰা ধাৰ লৈ সেনে দ্য ফ্লাৱাৰ অৱ পাৰ্চিয়া অপেৰাৰ পৰা তেওঁৰ প্ৰথমখন ছবি এ ডান্সিং চিন নিৰ্মাণ কৰে। ভাতৃ মোতিলাল সেনৰ সহায়ত তেওঁ লণ্ডনৰ চাৰ্লছ আৰবানৰ ৱাৰউইক ট্ৰেডিং কোম্পানী এটাৰ পৰা এটা আৰবান বায়োস্কোপ কিনে। আৰু পিছৰ বছৰত তেওঁ ভাতৃৰ সৈতে ৰয়েল বায়োস্কোপ কোম্পানী গঠন কৰে।৪

কৰ্মজীৱন

১৮৯৮ চনত হীৰালালে কলিকতাৰ ষ্টাৰ থিয়েটাৰত ফ্লাৱাৰ অফ পাৰ্চিয়া নামৰ নাটকখন চাইছিল। সেই নাটকখনৰ বিৰতিত কিছুমান চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল। সেই মুহূৰ্ততে তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণৰ ধাৰণা মনলৈ আহে। তেওঁ নাটকৰ পৰিচালকৰ পৰা কেমেৰা ধাৰলৈ লৈ গোটেই ফ্লাৱাৰ অফ পাৰ্চিয়া নাটকখনৰ চিত্ৰগ্ৰহণ কৰে। পিছত তেওঁ দেউতাকৰ পৰা ধন লৈ এটা মুভী কেমেৰা কিনি ১৮৯৮ চনত তেওঁ ভাৰতৰ প্ৰথমটো চলচ্চিত্ৰ উদ্যোগ আৰম্ভ কৰে; যাৰ নাম আছিল “ৰয়েল বায়স্কোপ ফিল্ম কোম্পানী”। ১৯১৩ চনলৈকে বিস্তৃত সৃষ্টিশীল কৰ্মজীৱনত হীৰালাল সেনে চল্লিশখনতকৈও অধিক চুটি ছবি নিৰ্মাণ কৰে।৫ তেওঁ নিৰ্মাণ কৰা বেছিভাগ ছবিতে কলিকতাৰ অমৰেন্দ্ৰ দত্তৰ ক্লাছিক থিয়েটাৰত অভিনীত নাটকৰ দৃশ্য চিত্ৰিত কৰা হৈছিল। সেই সময়ত কেঁচা ফিল্ম অনা হৈছিল বিদেশৰ পৰা।৪ ১৯০১ চনৰ পৰা ১৯০৪ চনৰ ভিতৰত তেওঁ ক্লাছিক থিয়েটাৰৰ বাবে ভ্ৰমৰ, হৰিৰাজ, বুদ্ধদেৱকে ধৰি বহুতো ছবি নিৰ্মাণ কৰে।৪ ১৯০৩ চনত নিৰ্মিত তেওঁৰ আটাইকৈ দীঘলীয়া ছবি আলিবাবা আৰু চল্লিশ চোৰখনো মঞ্চনাটৰ চিত্ৰায়ণ আছিল।২৪ কিন্তু এই পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন কেতিয়াও প্ৰদৰ্শিত নোহোৱাৰ বাবে ইয়াৰ বিষয়ে বিশেষ একো জনা নাযায়।২ তেওঁ কমিচনৰ বিনিময়ত কেইবাখনো বিজ্ঞাপনমূলক ছবি আৰু নিউজফিল্মও নিৰ্মাণ কৰিছিল।৪ জৱাকুসুম হেয়াৰ অইল আৰু এডৱাৰ্ডছ টনিকৰ দুখন বিজ্ঞাপন ছবি নিৰ্মাণৰে তেওঁ প্ৰথমজন ভাৰতীয় বিজ্ঞাপন ছবি নিৰ্মাতা হিচাপে পৰিগণিত হয়২৬

ভাৰতৰ প্ৰথম ৰাজনৈতিক চলচ্চিত্ৰ

১৯০৫ চনৰ ২২ ছেপ্টেম্বৰত কলকাতাৰ টাউন হলত হোৱা বংগ বিভাজন বিৰোধী বিক্ষোভ প্ৰদৰ্শন আৰু স্বদেশী আন্দোলনৰ বিষয়ে তথ্যচিত্ৰ নিৰ্মাণ কৰি আমাৰ নিজস্ব নিৰ্মাণৰ বাস্তৱিক স্বদেশী চলচ্চিত্ৰ শিৰোনামেৰে এটা বিজ্ঞাপন প্ৰকাশ কৰে। সমালোচক সমিক বন্দ্যোপাধ্যায়ৰ মতে, এইখনেই ভাৰতৰ প্ৰথমখন ৰাজনৈতিক ছবি।৫

শেষ চলচ্চিত্ৰ

১৯১৩ চনত ৰয়েল বায়োস্কোপে শেষ চলচ্চিত্ৰখন নিৰ্মাণ কৰে।৪

শেষ জীৱন

হীৰালাল সেনে জীৱনৰ শেষৰ কালচোৱা হতাশাগ্ৰস্থতা আৰু আৰ্থিক কঠিনতাত ভূগিছিল।২ এলফিনষ্টোন বায়োস্কোপৰ জামছেদজী ফ্ৰেমজী মদনে সফলতাৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁক কাহানিবাই অতিক্ৰম কৰিছিল।৫ ১৯১৭ চনত তেওঁৰ মৃত্যুৰ কিছুদিন আগত তেওঁ নিৰ্মাণ কৰা আটাইবোৰ ছবিয়ে ভস্মীভূত হৈ যায়।২৪

জনপ্ৰিয় সংস্কৃতিত

২০২১ চনত বঙালী ভাষাত ‘হীৰালাল’ নামৰে এখন জীৱনীমূলক ছবি মুক্তি পায়, য’ত অভিনয় কৰিছে কিঞ্জন নন্দই।৭

অধিক জানিবলৈ পঢ়ক

  • Raju, Zakir Hossain. (2014). Bangladesh Cinema and National Identity: In Search of the Modern?. Taylor and Francis. ISBN 978-1-317-60181-4

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bandyopadhyay, Alexander. (2017-10-23). Pioneer of Bengali Cinema Hiralal Sen (in Bengali)
  2. ↑ Teachers’ Medicare Benevolent Fund. (2005-12-31). Hiralal Sen (in Bengali)
  3. ↑ Mukharji, Projit Bihari. (2016-10-14). Doctoring Traditions: Ayurveda, Small Technologies, and Braided Sciences. University of Chicago Press. ISBN 978-0-226-38313-2
  4. ↑ McKernan, Luke. (1996-12-31). Hiralal Sen (copyright British Film Institute)
  5. ↑ Bandyopadhyay, Samik. (1990). Calcutta: The Living City. Oxford University Press. পৃ. 293–294. ISBN 978-0-19-563697-0
  6. ↑ Bengal's Jabakusum Hair Oil - First Asian brand advertised in The Bengal Gazette. Get Bengal
  7. ↑ 'Hiralal' - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

বঙালী ভাষাৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ প্ৰযোজকতথ্যচিত্ৰ নিৰ্মাতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰালাল সেন” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৯৯ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।