মাগডেলিনা মৰহাৰ্ট (জন্ম প্ৰায় ১৫০৫ চনত মেগডেলিনা কিৰ্চমেন নামেৰে;১ † মৃত্যু ১৫৭৪২) টিউবিংগেনত এজন জাৰ্মান মুদ্ৰক আছিল। বিশ্ববিদ্যালয় আৰু ৱুৰ্টেমবাৰ্গ চৰকাৰৰ বাবে উপাধিসমূহকে ধৰি তেওঁ প্ৰায় ৫০০টা শিৰোনাম ছপা কৰিছিল।৩
জীৱনী
মেগডেলেনা কিৰ্চমেনৰ জন্ম হৈছিল আন্না ব্ৰুনিং আৰু অছৱাল্ড কিৰ্চমেনৰ কন্যা হিচাপে।৪ তেওঁৰ প্ৰথম স্বামী আছিল জেকব গ্ৰুপেনবাক, যাৰ সৈতে তেওঁৰ কমেও চাৰিজন পুত্ৰ আছিল: অছৱাল্ড, জেকব আৰু জৰ্জ গ্ৰুপেনবাক আৰু আন এজন। ১৫৪০ চনত গ্ৰুপেনবাকৰ মৃত্যুৰ পাছত তেওঁ উলৰিচ মৰহাৰ্টক বিয়া কৰায়,৫ যিয়ে ইতিমধ্যে ১৫২৩ চনত টিউবিংগেনত এটা ছপাশাল খুলিছিল।৬ উলৰিচ মৰহাৰ্টৰ সৈতে তেওঁৰ অন্ততঃ এগৰাকী কন্যা আছিল, মেগডেলিনা দ্য ইয়াংগাৰ।৭
১৫৫৪ চনত উলৰিচ মৰহাৰ্টৰ মৃত্যু হয় আৰু মেগডেলিনা মৰহাৰ্টে ছপাশালত কাম কৰি থাকে।৮ কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল, যেনে তাইৰ সতীয়া সন্তান উলৰিচ দ্য ইয়াংগাৰৰ সৈতে হোৱা বিবাদ। তেওঁ ছপাশালখনৰ ওপৰত দাবী জনায় যদিও মেগডেলিনা মৰহাৰ্টে জয়লাভ কৰিবলৈ সক্ষম হয়, যাৰ ফলত দুয়োৰে মাজত বিভাজনৰ সৃষ্টি হয়।৯ তদুপৰি ১৫৫৪ চনৰ শেষৰফালে টুবিংগেনত মহামাৰীৰ সংক্ৰমণ ঘটিছিল। যিয়ে প্ৰিণ্টৰ কাম সম্পূৰ্ণ কৰাটো যথেষ্ট কঠিন কৰি তুলিছিল।
উলৰিচ মৰহাৰ্টৰ মৃত্যুৰ কেইমাহমানৰ পাছত, উলমৰপৰা এজন প্ৰিণ্টাৰ টিউবিংগেনলৈ আহিছিল আৰু বিশ্ববিদ্যালয়ৰপৰা ঋণ বিচাৰিছিল যাতে তেওঁ টিউবিংগেনত নিজাকৈ ছপাশাল চলাব পাৰে। তেওঁ আশ্বাস দিছিল যে তেওঁ উলৰিচ মৰহাৰ্টৰ উত্তৰাধিকাৰীসকলৰ কোনো ক্ষতি নকৰে, কিন্তু টিউবিংগেনৰ কিতাপৰ ব্যৱসায় নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ বিশ্ববিদ্যালয়ৰ চেনেটে তথাপি তেওঁৰ অনুৰোধ নাকচ কৰে।১০
মেগডেলিনা মহৰহাৰ্টে সম্ভৱতঃ কেইবাজনো কৰ্মচাৰীক নিয়োগ কৰিছিল। তাইক এপ্ৰেণ্টিছ নিয়োগ কৰিবলৈ দিয়া হৈছিল নে নাই সেয়া স্পষ্ট নহয়। সম্ভৱতঃ তেওঁৰ চাৰিজন পুত্ৰ আৰু কন্যা মেগডেলিনা দ্য ইয়াংগাৰে ছপাশালত সহায় কৰিছিল। জৰ্জ গ্ৰুপেনবাকে ষ্টুটগাৰ্টৰ আদালতত কিতাপসমূহ ডেলিভাৰী কৰি পেমেণ্ট লাভ কৰে। অছৱাল্ড আৰু জৰ্জ গ্ৰুপেনবাকে নিজাকৈ ছপা কৰিছিল আৰু মেগডেলিনা মৰহাৰ্টৰ প্ৰডাকচনৰ সৈতে আংশিকভাৱে জড়িত আছিল, "তথাপি, বেছিভাগ কিতাপ এতিয়াও 'উলৰিচ মৰহাৰ্টছ উইটফ্ৰাউ..' [মেগডেলিনা মৰহাৰ্ট]দ্বাৰা প্ৰস্তুত কৰা হৈছিল।"১১ ১৫৫৪ চনত চেঞ্চৰশ্বিপ আইন উলংঘা কৰাৰ বাবে তেওঁৰ ছপাশালৰ দুটা উপাধি জব্দ কৰা হয়। ১৫৬৩ চনত মৰহাৰ্টে ছপা কৰা গ্ৰন্থখন চেবাষ্টিয়ান মেয়াৰে চেন্সৰৰপৰা অনুমোদন লাভ কৰাত ব্যৰ্থ হয়। ড্যুকে অৱ ৱুৰ্টেমবাৰ্গে কৈছিল যে মৰহাৰ্টক ছপাশাল হিচাপে শাস্তি দিয়া উচিত। এইটো কি শাস্তি আছিল সেয়া জনা নাযায়।১২
এই বাধাবোৰৰ মাজতো তাইৰ ছপা দোকানখন আৰ্থিকভাৱে সফল হৈছিল। মৰহাৰ্টে গুৰুত্বপূৰ্ণ আইনী গ্ৰন্থ ছপা কৰিছিল, যেনে ৱুৰ্টেমবাৰ্গৰ লেণ্ড্ৰেচ্ট (VD16 W4513), যি অন্যান্য ভূ-খণ্ডৰ বাবে আৰ্হি হৈ পৰিছিল। "মেগডালেনা মৰহাৰ্টে ব্যৱসায়টো সম্প্ৰসাৰণ কৰিছিল আৰু ১৫৬০ চনৰপৰা (শেহতীয়াকৈ), কিতাপ বান্ধনিৰ সেৱাও প্ৰদান কৰিছিল।"১৩ এই সেৱা জৰ্জ গ্ৰুপেনবাকে অধিগ্ৰহণ কৰাৰ পাছতো জীয়াই থাকে।১৪
তথ্যসূত্ৰ
- ↑ Saskia Limbach: Life and Production of Magdalena Morhart. A Successful Business Woman in Sixteenth-Century Germany. In: Gutenberg-Jahrbuch 94 (2019), pp. 151–172 here p. 154
- ↑ Bezzel, Irmgard: Morhard, Ulrich. In: Neue Deutsche Biographie 18 (1997), pp. 125 f. [online]; URL: www.deutsche-biographie.de/pnd119767325.html#ndb
- ↑ Limbach: Life and Production of Magdalena Morhart, p. 153
- ↑ Limbach: Life and Production of Magdalena Morhart, p. 154
- ↑ Limbach: Life and Production of Magdalena Morhart, p. 155 f
- ↑ Johann Morhart: Haller Haus-Chronik. Eppinger, Schwäbisch Hall 1962
- ↑ Das älteste Tübinger Ehebuch: 1553–1614. 3 volumes. Stuttgart 2000, p. 68
- ↑ Christoph Reske: Die Buchdrucker des 16. und 17. Jahrhunderts im deutschen Sprachgebiet. Auf der Grundlage des gleichnamigen Werkes von Josef Benzing. 2nd., rev. and ext. ed. Harrassowitz, Wiesbaden 2015,, p. 1005
- ↑ Morhart: Haller Haus-Chronik, p. 69
- ↑ Limbach: Life and Production of Magdalena Mohrhart, pp. 160–162
- ↑ Limbach: Life and Production of Magdalena Morhart, p. 158
- ↑ Limbach: Life and Production of Magdalena Morhart, p. 159 f
- ↑ Limbach: Life and Production of Magdalena Morhart, p. 166
- ↑ Limbach: Life and Production of Magdalena Morhart, pp. 160–167
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাগডেলিনা মৰহাৰ্ট” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৫৯ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।