পদ্মভূষণ বঁটা বিজয়ী
১৯৭ প্ৰবন্ধ
-
নিৰ্মল বাৰ্মা
নিৰ্মল বাৰ্মা (জন্ম,৩ এপ্ৰিল ১৯২৯ –মৃত্যু, ২৫ অক্টোবৰ ২০০৫) এজন হিন্দী লেখক, ঔপন্যাসিক, কৰ্মী, অনুবাদক। তেখেতক হিন্দী সাহিত্যৰ 'নয়ী কাহানি' সাহিত্য আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। তেওঁৰ প্ৰথম গল্প সংকলন 'পৰিন্দে'ক ইয়াৰ প্ৰথম উদাহৰণ হিচাপে গণ্য কৰা হয়।
-
নীলম ক্লেৰ
নীলম ক্লেৰ (Neelam Kler) এগৰাকী ভাৰতীয় চিকিৎসক আৰু শিশুৰোগ বিশেষজ্ঞ। তেওঁ এগৰাকী নিঅ'নেটোলজিষ্ট হিচাপে নৱজাতক গহন চিকিৎসা যত্ন আৰু ভেণ্টিলেচনৰ ওপৰত অগ্ৰণী অৱদানৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।তেওঁক অতি ক্ষুদ্ৰ পূৰ্বম্যাদী শিশুৰ বা জন্মতে ১০০০ গ্ৰামতকৈ কম ওজনৰ শিশু জীয়াই থকাৰ হাৰ ৯০ শতাংশলৈ উন্নত…
-
পদ্ম দেশাই
পদ্ম দেশাই ; ছোভিয়েট আৰু ভাৰতীয় ঔদ্যোগিক নীতিৰ বৃত্তিৰ বাবে পৰিচিত পদ্ম দেশাই ২০০৯ চনত পদ্ম ভূষণ বঁটা লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ট্ৰেঞ্জিচন ইকনমিজৰ সঞ্চালক আছিল।
-
পদ্মা সুব্ৰামনিয়াম
পদ্মা সুব্ৰামনিয়াম (Padma Subrahmanyam; জন্ম: ৪ ফ্ৰেব্ৰুৱাৰী ১৯৪৩, মাদ্ৰাচত) হ'ল এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ভাৰতনাট্যম নৃত্য পটিয়সী। একেসময়তে তেওঁ এগৰাকী গৱেষক, কৰিঅ'গ্ৰাফাৰ, সংগীত ব্যৱস্থাপক, সংগীতকাৰ, শিক্ষক, ইণ্ডোলজিষ্ট আৰু লেখক। ভাৰতৰ লগতে বিদেশতো তেওঁ জনপ্ৰিয়।
-
ফুলৰেণু গুহ
ফুলৰেণু গুহ ( Phulrenu Guha; জন্ম:দত্ত; ১৩ আগষ্ট ১৯১১-২৮ জুলাই ২০০৬) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৬৪ চনৰ এপ্ৰিলৰ পৰা ১৯৭০ চনৰ এপ্ৰিললৈকে পশ্চিম বংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আছিল।
-
বালকৃষ্ণ দোশী
বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ। তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
বিপন চন্দ্ৰ
বিপন চন্দ্ৰ (জন্ম, ২৪ মে’ ১৯২৮ – মৃত্যু,৩০ আগষ্ট ২০১৪ ) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ইতিহাসৰ এমেৰিটাছ অধ্যাপক হিচাপে তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত বিশেষজ্ঞ আছিল আৰু মহাত্মা গান্ধীৰ আগশাৰীৰ পণ্ডিত হিচাপে গণ্য কৰা হয়।
-
ভীষ্ম চাহনী
ভীষ্ম চাহনী আধুনিক হিন্দী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য লেখক। ইয়াৰ লগতে তেওঁ অভিনয় ক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰ তথা সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত কৰ্মী। তেওঁৰ জন্ম হয় ১৯১৫ চনৰ ৮ আগষ্টত ৰাৱলপিন্দীত (অবিভাজিত পাঞ্জাবত)।
-
যশপাল
যশপাল সিং আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী আদৰ্শত বিশ্বাসী লোক। যশপালৰ জন্ম হৈছিল ১৯০৩ চনৰ ৩ ডিচেম্বৰত আৰু মৃত্যু হৈছিল ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত।
-
লক্ষ্মী এন মেনন
লক্ষ্মী এন মেনন ( Lakshmi N. Menon; ২৯ মাৰ্চ ১৮৯৯ – ৩০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।
-
শকুন্তলা পাৰাঞ্জপ্য
শকুন্তলা পাৰাঞ্জপ্য(Shakuntala Paranjpye; ১৭ জানুৱাৰী ১৯০৬ – ৩ মে' ২০০০) এগৰাকী ভাৰতীয় লেখিকা, অভিনেত্ৰী আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী। ১৯৫৮–৬৪ চনৰ ভিতৰত তেওঁ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্য আছিল, আৰু ১৯৬৪–৭০ চনৰ ভিতৰত ৰাজ্যসভাৰ মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শাৰদা সিনহা
শাৰদা সিনহা (১ অক্টোবৰ ১৯৫২) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁ মূলতঃ মৈথিলী ভাষাৰ কণ্ঠশিল্পী যদিও তেওঁ ভোজপুৰী আৰু মগহী ভাষাৰ গীতটো কণ্ঠদান কৰিছে। তেওঁ ছট পূজাৰ গীত 'হো দিননাথ'ৰ মৈথিলী সংস্কৰণ গাই বিশেষভাবে জনাজাত হৈ পৰিছিল।
-
সৰোজা বৈদ্যনাথন
সৰোজা বৈদ্যনাথন ( Saroja Vaidyanathan; ১৯ ছেপ্টেম্বৰ ১৯৩৭ - ২১ ছেপ্টেম্বৰ ২০২৩) এগৰাকী নৃত্য পৰিচালক, গুৰু আৰু ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী আছিল। ভাৰত চৰকাৰে তেওঁক ২০০২ চনত পদ্মশ্ৰী আৰু ২০১৩ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।
-
সৰোজিনী বৰাদপ্পান
সৰোজিনী বৰাদপ্পান (২১ ছেপ্টেম্বৰ ১৯২১ − ১৭ অক্টোবৰ ২০১৩) তামিলনাডু ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী। মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম ভকতবৎসলামৰ কন্যা।
-
হেমলতা গুপ্তা
হেমলতা গুপ্তা (Hemlata Gupta), (জন্ম: ২৫ জুন ১৯৪৩ – মৃত্যু: ১৩ মে' ২০০৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ পৰিচালক আৰু মুৰব্বী আছিল। গুপ্তাই লেডী হাৰ্ডিং মেডিকেল কলেজ (দিল্লী বিশ্ববিদ্যালয়)ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ তেওঁ সঞ্চালক হয়।
-
ৰছিদ খান (সংগীতজ্ঞ)
ৰছিদ খান (Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল।
-
ৰাজশ্ৰী বিৰলা
ৰাজশ্ৰী বিৰলা ( Rajashree Birla)এগৰাকী ভাৰতীয় সমাজসেৱী। বিজনেচ মেগনেটৰ বিৰলা পৰিয়ালৰ বংশধৰ আদিত্য বিৰলাৰ সৈতে তেওঁৰ বিবাহ হৈছিল। ১৯৯৫ চনত স্বামীৰ মৃত্যুৰ পিছত ৰাজশ্ৰীয়ে CSR আৰু দাতব্য খণ্ডত কাম কৰিবলৈ আৰম্ভ কৰে। পৰিয়ালৰ পুঁজিৰে এটা বৃহৎ জনহিতকৰ সংস্থা গঢ়ি তোলে।