অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাটিয়া কামেলি

কাটিয়া কামেলি ( Katia Kameli; জন্ম: ১৯৭৩) এগৰাকী ফৰাচী-আলজেৰিয়ান দৃশ্য-শ্ৰাব্য শিল্পী যিয়ে মূলতঃ চলচ্চিত্ৰ আৰু ভিডিঅ'ত কাম কৰে। তেওঁৰ প্ৰধান কলাত্মক কেন্দ্ৰবিন্দু হৈছে আলজেৰিয়াৰ বিভিন্ন বিষয়; আৰু তেওঁ আলজেৰিয়াৰ ইতিহাস, সংস্কৃতি আৰু ৰাজনীতিৰ সন্ধান কৰিবলৈ চলচ্চিত্ৰৰ ব্যৱহাৰ কৰিছে।

হালনাগাদ: ৯ আগষ্ট ২০২৬ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কাটিয়া কামেলি ( Katia Kameli; জন্ম: ১৯৭৩) এগৰাকী ফৰাচী-আলজেৰিয়ান দৃশ্য-শ্ৰাব্য শিল্পী যিয়ে মূলতঃ চলচ্চিত্ৰ আৰু ভিডিঅ'ত কাম কৰে। তেওঁৰ প্ৰধান কলাত্মক কেন্দ্ৰবিন্দু হৈছে আলজেৰিয়াৰ বিভিন্ন বিষয়; আৰু তেওঁ আলজেৰিয়াৰ ইতিহাস, সংস্কৃতি আৰু ৰাজনীতিৰ সন্ধান কৰিবলৈ চলচ্চিত্ৰৰ ব্যৱহাৰ কৰিছে। কামেলিৰ একক প্ৰদৰ্শনীসমূহৰ ভিতৰত আছে তিনিটা খণ্ডৰ ছবি লে ৰোমান আলজেৰিয়ান আৰু মাল্টি-মিডিয়া প্ৰজেক্ট লে কেণ্টিক ডেছ অইজ’ আৰু তেওঁ ফ্ৰান্স, পৰ্তুগাল, বেলজিয়াম, চেনেগাল, মালি, আৰু কংগো গণতান্ত্ৰিক ৰিপাব্লিকত গোট প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। তেওঁৰ কৰ্মৰাজি স্মিথ কলেজ মিউজিয়াম অৱ আৰ্ট, মিউজিয়াম নেচনেল ডি আৰ্ট মডাৰ্ণ আৰু চেণ্টাৰ নেচনেল ডেছ আৰ্টছ প্লাষ্টিকছৰ সংগ্ৰহত সন্নিবিষ্ট কৰা হৈছে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৭৩ চনত ফ্ৰান্সৰ ক্লেৰমণ্ট-ফেৰাণ্ডত জন্মগ্ৰহণ কৰা কাটিয়া কামেলিয়ে ফ্ৰান্সৰ মাকৰ পৰিয়াল আৰু আলজেৰিয়াৰ পিতৃৰ পৰিয়ালৰ মাজত সালালনি কৰি ডাঙৰ-দীঘল হৈছিল।১ ইটালীৰ চিত্ৰশিল্পী মাইকেল এঞ্জেলো পিষ্টোলেট'ৰ নিৰ্দেশনাত তেওঁ শিল্পী হিচাপে প্ৰশিক্ষণ লয়,১ আৰু ১৯৯৮ চনত ছাত্ৰী হিচাপে প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ কৰে।২ ২০০০ চনত তেওঁ ব'ৰ্জৰ ইক'ল নেচনেল ডেছ ব'জ-আৰ্টছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু মাৰ্চেইলৰ ইক'ল চুপিৰিয়েৰ ডেছ ব'জ-আৰ্টছত নিউ মিডিয়া বিষয়ত স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰে।৩

কৰ্মজীৱন

কামেলিয়ে তেওঁৰ শিল্পৰ বাবে মূলতঃ আলজেৰিয়াৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।২ চলচ্চিত্ৰ আৰু ভিডিঅ'ৰ সৈতে কাম কৰাৰ বাবে তেওঁ বহুলাংশে পৰিচিত যদিও তেওঁৰ প্ৰকল্পসমূহত ভাস্কৰ্য্য, টেপেষ্ট্ৰী, চিত্ৰকলা, সংগীত আৰু পাঠ্য শিল্পৰ দৰে মাধ্যমসমূহো অন্তৰ্ভুক্ত কৰে।৪

২০০২ চনৰ পৰা ২০০৪ চনৰ ভিতৰত কামেলিয়ে আলজেৰিয়াৰ গৃহযুদ্ধৰ অন্বেষণত সম্ভৱ ব্লেডি ছবিখন নিৰ্মাণ কৰে।১৪ ২০১২ চনত ডেলফিনা ফাউণ্ডেশ্যনৰ সৈতে লণ্ডনৰ ৰেচিডেন্সি সম্পূৰ্ণ কৰে,৫ আৰু ২০১৪ চনৰ টাৰা ভূমধ্যসাগৰীয় অভিযানত ৰেচিডেন্সত শিল্পী হিচাপে যোগদান কৰে।৬ তেওঁৰ প্ৰাৰম্ভিক একক প্ৰদৰ্শনীসমূহৰ ভিতৰত নিউয়ৰ্ক (২০১৪), লণ্ডন (২০১৬), আৰু ডাউচি-লেছ-মাইনছ (২০১৮)ৰ অনুষ্ঠানসমূহ আছিল।৭ ২০১৯ চনত কামেলীয়ে জাৰ্মানীত কুনষ্টেল মুনষ্টাৰ [de] ত একক প্ৰদৰ্শনী অনুষ্ঠিত কৰে, য'ত তেওঁৰ নতুন তিনিটা খণ্ডৰ ছবি লে ৰোমান এলজেৰিয়ানক অন্যান্য কৰ্মৰ সমান্তৰালভাৱে প্ৰদৰ্শিত হয়।৮ ২০২০ চনৰ মে’ মাহত ছুইডেনৰ কালমাৰ আৰ্ট মিউজিয়ামত লে ৰোমান আলজেৰিয়ানক প্ৰদৰ্শন কৰা হয়। ছবিখনৰ কেন্দ্ৰবিন্দু হৈছে আলজিয়াৰ্ছৰ এটা পৰিয়ালৰ দ্বাৰা পৰিচালিত কিয়স্ক যিয়ে ফটো, পোষ্টকাৰ্ড আৰু মুদ্ৰা বিক্ৰী কৰে, ২০১৯ চনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি আব্দেলাজিজ বৌটেফ্লিকাৰ বিৰুদ্ধে আলজেৰিয়াৰ কিছুমান বিক্ষোভৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে শিল্প, কাহিনী কোৱা আৰু সামূহিক স্মৃতিৰ আলোচনাৰ পৰিচয় দিয়ে।৯

২০২২ চনত কামেলিক ফ্ৰান্স চৰকাৰৰ লেছ মণ্ডেছ ন'ভ' কাৰ্যসূচীৰ পৰা তেওঁৰ প্ৰকল্প লে কেন্টিক ডেছ অ'ইজ'ৰ বাবে ধনৰ বাবে নিৰ্বাচিত কৰা হয়, য'ত ভাস্কৰ্য্য আৰু সংগীতৰ সহায়ত পাৰ্চী কবি ফাৰিদ অড-ডিন' আটাৰৰ ৰচনাৰ ব্যাখ্যা কৰা হয়।১০ তেওঁৰ চূড়ান্ত ইনষ্টলেচন পেৰিছ আৰু তাৰ পিছত বাৰ্লিনত প্ৰদৰ্শিত হয়।৪

কামেলিয়ে ফ্ৰান্স, পৰ্তুগাল, বেলজিয়াম, চেনেগাল, মালি আৰু কংগো গণতান্ত্ৰিক গণৰাজ্যৰ গোট প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে আৰু তেওঁৰ কৰ্মৰাজি স্মিথ কলেজ মিউজিয়াম অৱ আৰ্ট, মিউজিয়াম নেচনেল ডি আৰ্ট মডাৰ্ণ আৰু চেণ্টাৰ নেচনেল ডেছ আৰ্টছ প্লাষ্টিকছৰ সংগ্ৰহত সন্নিবিষ্ট কৰা হৈছে।৬ তেওঁৰ ছবিসমূহ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰটাৰডেম আৰু চিনেমাথেক ফ্ৰান্সেইজে প্ৰদৰ্শন কৰিছে।৭ ২০২২ চনত তেওঁ ফ্ৰান্সৰ মহিলা শিল্পীসকলৰ কৰ্ম আৰু কেৰিয়াৰক স্বীকৃতি দিবলৈ অলাভজনক আৰ্কাইভছ অৱ উইমেন আৰ্টিষ্ট, ৰিচাৰ্চ এণ্ড এক্সহিবিচন (AWARE)ৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰা প্ৰিক্স এৱাৰৰ বাবে মনোনীত হয়।১১

তথ্যসূত্ৰ

  1. ↑ Richert, Camille. Katia Kameli. AWARE Women artists / Femmes artistes
  2. ↑ Azimi, Roxana. (2021-07-16). Le « Roman algérien » de Katia Kameli s’expose au Frac de Marseille. Le Monde
  3. ↑ (2022). Katia Kameli. Bergen Assembly
  4. ↑ Chemam, Melissa. (9 June 2023). Katia Kameli's art questions 'the third space' by melding Algerian fables with Persian myths. The New Arab
  5. ↑ (2012). Katia Kameli. Delfina Foundation
  6. ↑ Katia Kameli, artist-in-residence aboard the schooner Tara. Fondation Tara Océan
  7. ↑ Kameli, Katia. Bio. Katia Kameli
  8. ↑ (2019). Katia Kameli: She Rekindled the Vividness of the Past. e-flux Announcements
  9. ↑ The Algerian Novel. Kalmar Art Museum
  10. ↑ (2022). Katia KAMELI. Mondes nouveaux
  11. ↑ (2022). Prix AWARE: 2022 Edition. AWARE Women artists / Femmes artistes

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পীআলজেৰিয়াৰ ব্যক্তিনাৰীবাদ আৰু লোকগাথা ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাটিয়া কামেলি” প্ৰবন্ধৰ সংশোধন ৬২৫৪৫৭ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।