অলগা প্লাম্বি ( Ollga Plumbi), জন্ম: ১৮৯৮ চন আৰু মৃত্যু: ১৯৮৪ চন,১ এগৰাকী আলবেনিয়ান নাৰীবাদী, কৰ্মী আৰু ৰাজনীতিবিদ আছিল। ১৯৪৫ চনত আলবেনিয়াৰ সংসদৰ ডেপুটি হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল আৰু আলবেনিয়াৰ প্ৰথম নাৰীবাদী দলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত হৈছিল।
জীৱনী
১৮৯৮ চনত পেৰমেটৰ লুপকে গাঁৱত জন্মগ্ৰহণ কৰিছিল অল্গা প্লাম্বিয়ে। তেওঁৰ লিখিত নাম শ্বপ্ৰেছা বুলি কোৱা হয়।২ সৰুতে স্বামীৰ মৃত্যু হোৱাৰ বাবে পৰিয়ালৰ ভৰণ-পোষণ কৰাৰ উদ্দেশ্যে কাম কৰিবলৈ তেওঁ পশ্চিমলৈ প্ৰব্ৰজন কৰিছিল আৰু কাম কৰিছিল। পিছলৈ তেওঁ আলবেনিয়ালৈ উভতি যায় আৰু ১৯৩৬-১৯৩৭ চনৰ ভিতৰত মিগজেনি আৰু চেলিম শ্বপূজাৰ দৰে অন্যান্য প্ৰগতিশীল লেখকৰ সৈতে "বোটা ই ৰে" লিখি প্ৰকাশ কৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ফেচিষ্ট বিৰোধী আন্দোলনৰ অংশীদাৰ হৈ পৰে আৰু পিছলৈ তেওঁ আলবেনিয়াৰ মহিলা ফেচিষ্ট বিৰোধী পৰিষদৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয়। ১৯৪৫ চনৰ নিৰ্বাচনত তেওঁ জনসংসদৰ ডেপুটি নিৰ্বাচিত হয় আৰু কেৱল এনভাৰ হক্সাৰ পিছতে দ্বিতীয় সৰ্বাধিক ভোট পোৱা ডেপুটি হয়।৩
কিন্তু অতি কম সময়ৰ পিছতেই তেওঁক সেই পদৰ পৰা আঁতৰোৱাৰ লগতে ৰাজনীতিৰ পৰাও আঁতৰাই ৰখা হয়, কিন্তু তথাপি তেওঁ নাৰীবাদ আৰু লিংগ সমতাৰ ওপৰত বিস্তৃতভাৱে লিখি আছিল।৪
তথ্যসূত্ৰ
- ↑ Mesila Doda: Enveri, ende Hero i Popullit. Kur të bëhem kryeministre ndryshoj ligjin - Gazeta Shqiptare Online
- ↑ Ollga Plumbi, gruaja e zhdukur nga vëmendja publike | OP
- ↑ Shqipëria, 68 vjet votime me presione, vjedhje, manipulime, dhunë, pranga e krime. Sot.com.al
- ↑ Feministet e para shqiptare | Peshku pa ujë
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অল্গা প্লাম্বি” প্ৰবন্ধৰ সংশোধন ৫০২৪৬১ (৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।