অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঐতিহাসিক বস্তুবাদ

ঐতিহাসিক বস্তুবাদ (ইংৰাজী: ) হৈছে জৰ্মান দাৰ্শনিক আৰু ইতিহাসবিদ কাৰ্ল মাৰ্ক্সৰ আৰু তেওঁৰ সহযোগী ফেডৰিখ এংগেলছে আগবঢ়োৱা ইতিহাসৰ এটা তত্ত্ব। এই তত্ত্ব অনুসৰি মানৱ সমাজৰ সকলো অনুষ্ঠান যেনে ধৰ্ম, চৰকাৰ আদি সমাজৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ফলাফল।

হালনাগাদ: ১৬ জুলাই ২০২৬ ১,০৩০ শব্দ · ৬ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ঐতিহাসিক বস্তুবাদ (ইংৰাজী: ১) হৈছে জৰ্মান দাৰ্শনিক আৰু ইতিহাসবিদ কাৰ্ল মাৰ্ক্সৰ আৰু তেওঁৰ সহযোগী ফেডৰিখ এংগেলছে আগবঢ়োৱা ইতিহাসৰ এটা তত্ত্ব। এই তত্ত্ব অনুসৰি মানৱ সমাজৰ সকলো অনুষ্ঠান যেনে ধৰ্ম, চৰকাৰ আদি সমাজৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ফলাফল। মাৰ্ক্সৰ মতে যেতিয়া এখন সমাজত অৰ্থনীতিক উত্পাদনৰ আহিলাবোৰ বা ধৰণবোৰ সলনি হয়, তেতিয়া সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনলৈও পৰিৱৰ্তন অহাতো আৱশ্যম্ভৱী হৈ পৰে, কিয়নো নতুন অৰ্থনৈতিক ব্যৱস্থাটোত পুৰণি সমাজিক আৰু ৰাজনৈতিক ব্যৱস্থাবোৰ অচল হৈ পৰে আৰু তেতিয়াই সমাজলৈ পৰিৱৰ্তন আহে। সমাজত বিপ্লৱৰ সুচনা হয়। ইতিহাসো তেনেদৰেই সলনি হয়। নতুন আৰু পুৰণিৰ মাজত দন্দ্বৰ সৃষ্টি হৈয়েই সমাজলৈ পৰিৱৰ্তন আহে।

তত্ত্বটোৰ মূল কথা

মাৰ্ক্সৰ ইতিহাস ব্যাখ্যাৰ এই তত্ত্বটো দন্দ্বাত্মক বস্তুবাদৰ আলমত গঢ় লৈ উঠা এটা তত্ত্ব। এই তত্ত্ব অনুসৰি সকলো বস্তু ভৌতিক বিৰোধ বা দন্দ্বৰ জড়িয়তে বিকশিত হয়।২ উদাহৰণস্বৰূপে সকলো উদ্ভিদ আৰু প্ৰাণী তেতিয়াহে বিকশিত হয় যেতিয়া সিহঁতৰ জীৱন ধাৰণৰ পদ্ধতিৰ লগত পৰিৱেশৰ সংঘাত আৰম্ভ হয়। কিয়নো এই পৃথিৱীখন মূলতঃ ভৌতিক। ই কোনো মানসিক বা আধ্যাত্মিক তত্ত্বৰে গঠিত নহয়, সম্পূৰ্ণৰূপে পদাৰ্থৰে গঠিত। প্ৰকৃতিৰ এই দন্দ্ববোৰক কোনো যুক্তি বা ঐশ্বৰিক শক্তিৰ দ্বাৰা থমাই ৰাখিব নোৱাৰি। পৰস্পৰ বিৰোধী উপাদানবোৰৰ মাজত সংঘাত অনিবাৰ্য যেতিয়ালৈকে ইহঁতে এটাই আনটোৰ সৈতে নিজকে খাপ খুৱাই নলয় বা ইহঁতৰ এটাই আনটোক সম্পূৰ্ণভাৱে ধ্বংস কৰি নেপেলায়। এই প্ৰক্ৰিয়া অবিৰত। চিৰন্তন।

ঐতিহাসিক বস্তুবাদে দ্বন্দ্বমূলক বস্তুবাদৰ মূল ধাৰণাটোক মানৱ সভ্যতাৰ ওপৰত প্ৰয়োগ কৰিছে। জীয়াই থকাৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ প্ৰতিজন মানুহেই কোনো নহয় কোনো অৰ্থনৈতিক কাৰ্যকলাপত লিপ্ত হ'বই লাগিব। সামগ্ৰিকভাৱে ইয়াৰ অৰ্থ হ'ল— প্ৰতিখন সমাজেই নিজৰ 'উৎপাদনৰ পদ্ধতি' অৰ্থাৎ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। সেয়েহে, সমাজৰ আন সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান (যেনে চৰকাৰ, আইন আদি) এই অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত ভিত্তি কৰিয়েই চলিব লাগিব, ইয়াৰ লগত খাপ খাব লাগিব, অন্যথা সেইবোৰ কালক্ৰমত নিশ্চিহ্ন হৈ পৰিব। ই অৱস্থাটোৱেই হৈছে "ইতিহাসৰ চালিকা শক্তি" আৰু সমাজবোৰ সময়ৰ লগে লগে সলনি হৈ যোৱাৰ মূক কাৰণো ইয়ে। যেতিয়াই অৰ্থনীতি বা উৎপাদনৰ পদ্ধতিসমূহৰ বিকাশ ঘটে, তেতিয়াই সমাজত নতুন সংঘাত বা বিৰোধৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে পুৰণি ব্যৱস্থাটোৰ পতন ঘটে আৰু তাৰ ঠাইত এক নতুন তথা অধিক উন্নত অৰ্থনৈতিক ব্যৱস্থাই গা কৰি উঠে, যিয়ে শেষত এখন নতুন সমাজৰ জন্ম দিয়ে। উদাহৰণস্বৰূপে, সামন্তবাদৰ যুগত ৰজা আৰু তেওঁলোকৰ অধীনস্থ জমিদাৰসকলক ধন-সম্পত্তি বৃদ্ধিৰ বাবে ব্যৱসায়-বাণিজ্য কৰাৰ প্ৰয়োজন হৈছিল। কিন্তু এই বাণিজ্যৰ সম্প্ৰসাৰণৰ ফলতেই সমাজত এক নতুন 'ব্যৱসায়ী শ্ৰেণী'ৰ সৃষ্টি হ’ল। পৰৱৰ্তী সময়ত এই শ্ৰেণীটোৱে নিজৰ ৰাজনৈতিক অধিকাৰ দাবী কৰিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত পুঁজিবাদৰ (capitalism) প্ৰাৰম্ভিক স্তৰ— 'বাণিজ্যবাদ'ৰ সূচনা হ'ল।

মাৰ্ক্সে তেওঁৰ লেখনিসমূহত মানৱ ইতিহাসত ইতিমধ্যে ব্যৱহৃত হোৱা চাৰিটা প্ৰধান উৎপাদনৰ পদ্ধতি'ৰ কথা উল্লেখ কৰিছে। সেইবোৰ হ'ল:১) চিকাৰ আৰু খাদ্য সংগ্ৰহ (যাক কেতিয়াবা 'আদিম সাম্যবাদ' বুলিও কোৱা হয়), ২) দাসপ্ৰথা (Slavery), ৩) সামন্তবাদ (Feudalism), ৪) পুঁজিবাদ বা ধনতন্ত্ৰ (Capitalism)। ইয়াৰ উপৰিও, মাৰ্ক্সে পঞ্চম এটা পদ্ধতিৰ কথাও উল্লেখ কৰিছে, সেয়া হৈছে সাম্যবাদ (Communism)।৩ তেওঁৰ মতে, পুঁজিবাদৰ নিজৰ ভিতৰত থকা অন্তৰ্নিহিত সংঘাত বা বিৰোধৰ ফলতেই অৱশেষত এই সাম্যবাদৰ সৃষ্টি হ'ব। ঠিক যিদৰে সামন্তবাদে নিজৰ পতনৰ পথ নিজেই প্ৰশস্ত কৰিছিল, পুঁজিবাদেও সমাজত এক নতুন শ্ৰেণীৰ জন্ম দিছে— সেয়া হৈছে ঔদ্যোগিক শ্ৰমিক শ্ৰেণী। মাৰ্ক্সৰ বিশ্বাস আছিল যে, সময়ৰ লগে লগে এই শ্ৰমিকসকলে সমাজৰ বৰ্তমানৰ শোষণমূলক ব্যৱস্থাটোক নীৰৱে মানি ল'বলৈ অস্বীকাৰ কৰিব আৰু ইয়াৰ বিৰুদ্ধে থিয় দিব। মাৰ্ক্সে এই শ্ৰমিক শ্ৰেণীটোক প্ৰলেতাৰিয়েত' (Proletariat) বা সৰ্বহাৰা শ্ৰেণী বুলি নামাকৰণ কৰিছিল।

তত্ত্বটো উত্পত্তিৰ কাহিনী

ঐতিহাসিক বস্তুবাদৰ মূল নীতিসমূহ ফ্ৰেডৰিখ এংগেলছৰ ১৮৭৮ চনত প্ৰকাশিত গ্ৰন্থ 'এণ্টি-ড্যুৰিং'ত (Anti-Dühring) বিতংভাৱে দাঙি ধৰা হৈছিল (গ্ৰন্থখনৰ মূল নাম আছিল Herr Eugen Dühring’s Revolution in Science)। যিহেতু এই গ্ৰন্থখন কাৰ্ল মাৰ্ক্সৰ প্ৰত্যক্ষ তত্বাৱধানত লিখা হৈছিল আৰু তেওঁ ইয়াত সন্মতিও প্ৰদান কৰিছিল, সেয়েহে সহজেই ধাৰণা কৰিব পাৰি যে গ্ৰন্থখনৰ বক্তব্যৰ সৈতে মাৰ্ক্সৰ পূৰ্ণ সহমত আছিল।

অৱশ্যে এটা কথা মন কৰিবলগীয়া যে, মাৰ্ক্সে নিজে কেতিয়াও তেওঁৰ ইতিহাসৰ তত্ত্বটো সুনিৰ্দিষ্ট বা প্ৰত্যক্ষভাৱে ক'তো বৰ্ণনা কৰি থৈ যোৱা নাছিল। বৰ্তমানৰ পণ্ডিতসকলে যেতিয়া মাৰ্ক্সৰ এই দৰ্শনৰ বিষয়ে আলোচনা কৰে, তেতিয়া তেওঁলোকে সাধাৰণতে মাৰ্ক্সৰ ১৮৫৯ চনত প্ৰকাশিত গ্ৰন্থ A Contribution to the Critique of Political Economy-ৰ "১৮৫৯ চনৰ প্ৰস্তাৱনা" আৰু কিছু পৰিমাণে এংগেলছৰ সৈতে যুটীয়াভাৱে লিখা The German Ideology নামৰ গ্ৰন্থখনৰ পৰাই তেওঁৰ ধাৰণাসমূহৰ বিষয়ে অনুমান কৰি লয়। কিন্তু পণ্ডিতসকলৰ এনে ধৰণৰ বিশ্লেষণো বিতৰ্কমুক্ত নহয়। একাংশ সমালোচকৰ মতে, পণ্ডিতসকলে মাৰ্ক্সৰ ইতিহাসৰ তত্ত্বটো বুজিবলৈ এনে এটা চমু লেখনিৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰ কৰিছে, যিটো লেখনি মাৰ্ক্স আৰু এংগেলছে নিজেই পৰৱৰ্তী সময়ত সংৰক্ষণ কৰি ৰখাৰ বা পুনৰ ছপা কৰাৰ কোনো প্ৰয়োজন বোধ কৰা নাছিল।

তত্ত্বটোৰ স্বীকৃতি আৰু সমালোচনা

সাম্যবাদী মতাদৰ্শৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে 'ঐতিহাসিক বস্তুবাদ' বিংশ শতিকাৰ বেছিভাগ সময়জুৰি ইতিহাসৰ অন্যতম প্ৰধান তত্ত্ব হিচাপে পৰিচিত আছিল। পৰৱৰ্তী সময়ত বহুতো চিন্তাবিদে এই তত্ত্বটোৰ অধিক অধ্যয়ন, বিকাশ আৰু বিশ্লেষণ কৰিছে। ইয়াৰ সম্প্ৰসাৰণ আৰু বিকাশত অৱদান যোগোৱা কেইগৰাকীমান প্ৰসিদ্ধ তাত্ত্বিক হ'ল— এডুৱাৰ্ড বাৰ্নষ্টাইন, কাৰ্ল কাউটস্কি, ৰোজা লাক্সেমবাৰ্গ, লিয়ন ট্ৰটস্কি, ভ্লাদিমিৰ লেনিন আৰু মাও জে দং। আনহাতে, ইংৰাজীভাষী বিশ্বত বেছিভাগ ৰাজনৈতিক দাৰ্শনিকেই এই কথাত সন্দেহ প্ৰকাশ কৰিছিল যে মাৰ্ক্সৰ ইতিহাস সম্পৰ্কে সঁচাকৈয়ে কোনো সুসংহত বা ধাৰাবাহিক তত্ত্ব আছিল নে ? কিন্তু ১৯৭৮ চনত কানাডিয়ান দাৰ্শনিক জি. এ. কোহেনৰ (G.A. Cohen) এখন গভীৰ আৰু প্ৰভাৱশালী বিশ্লেষণাত্মক গ্ৰন্থ Marx’s Theory of History: A Defence প্ৰকাশ পোৱাৰ পাছত তেওঁলোকৰ এই সন্দেহ আঁতৰ হয় আৰু মাৰ্ক্সৰ এই তত্ত্বই ইংৰাজীভাষী জগতখনতো এক নতুন স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।

কোহেনৰ অৱদানৰ পিছতো 'ঐতিহাসিক বস্তুবাদ'ৰ ধাৰণাটো আজিও তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। ১৯৯০-ৰ দশকৰ পৰা ইয়াৰ বিৰুদ্ধে উত্থাপিত আটাইতকৈ সাধাৰণ সমালোচনাটো এটা বাস্তৱ ঐতিহাসিক ঘটনাৰ ওপৰত আধাৰিত। সেয়া হৈছে ১৯৮৯ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত পূব ইউৰোপ আৰু ছোভিয়েট ইউনিয়নত সাম্যবাদৰ পতন, যাৰ প্ৰতীকী আৰম্ভণি ঘটিছিল ১৯৮৯ চনত বাৰ্লিনৰ দেৱাল খহি পৰাৰ জৰিয়তে। যিহেতু ঐতিহাসিক বস্তুবাদৰ বেছিভাগ ব্যাখ্যাতেই এই ভৱিষ্যতবাণী কৰা হৈছিল যে কালক্ৰমত পুঁজিবাদৰ পতন ঘটিব আৰু তাৰ ঠাই সমাজবাদ আৰু সাম্যবাদে ল'ব, সেয়েহে বাস্তৱত সাম্যবাদৰ পতন ঘটাৰ লগে লগে এই তত্ত্বটো ভুল প্ৰমাণিত হ'ল বুলি বহুতে গণ্য কৰে। অৱশ্যে এই সমালোচনাৰ প্ৰত্যুত্তৰত মাৰ্ক্সবাদীসকলে কয় যে, বিংশ শতিকাত গঢ় লৈ উঠা সমাজতান্ত্ৰিক আৰু সাম্যবাদী ৰাষ্ট্ৰসমূহত মাৰ্ক্সে বৰ্ণনা কৰা প্ৰকৃত 'সাম্যবাদী উৎপাদনৰ পদ্ধতি' কেতিয়াও প্ৰয়োগ হোৱাই নাছিল। কিন্তু বিৰোধী বা সমালোচকসকলে মাৰ্ক্সবাদীসকলৰ এই যুক্তিক প্ৰতাৰণাপূৰ্ণ বা ভিত্তিহীন বুলি উপহাস কৰে। তেওঁলোকৰ মতে, নিজৰ তত্ত্বটোক ৰক্ষা কৰিবলৈ মাৰ্ক্সবাদীসকলে সাম্যবাদৰ সংজ্ঞাটোক কেৱল নিজৰ সুবিধা অনুসৰি সলনি কৰি লৈছে।

ঐতিহাসিক বস্তুবাদৰ তত্ত্বটোক অত্যধিক সৰল আৰু সকলো কথাকে কেৱল এটা কাৰণলৈ অৱনমিত কৰা বা চমুৱাই চোৱা বুলিও অভিযোগ কৰা হয়; যিসকলে এনেদৰে সমালোচনা কৰে, তেওঁলোকে ইয়াক প্ৰায়ে "প্ৰযুক্তিগত নিৰ্ধাৰণবাদ" (technological determinism) বুলি আখ্যা দিয়ে। বিৰোধীসকলে যুক্তি দৰ্শায় যে, কেৱল মাত্ৰ উৎপাদনৰ পদ্ধতিয়েই (অৰ্থনীতিয়ে) প্ৰতিখন সমাজৰ আনুষ্ঠানিক বা প্ৰতিষ্ঠানিক গাঁথনি নিৰ্ধাৰণ কৰে বুলি কোৱা কথাটো একেবাৰেই সত্য নহয়। ইয়াৰ প্ৰত্যুত্তৰত মাৰ্ক্সবাদীসকলে ক'ব পাৰে যে, স্বয়ং এংগেলছেও এই কথা মানি লৈছিল যে উৎপাদনৰ পদ্ধতিয়েই সমাজৰ একমাত্ৰ নিৰ্ধাৰক উপাদান নহয়। কিন্তু তেওঁলোকৰ এই স্বীকাৰোক্তিয়ে আন বহুতো সমস্যাৰ সৃষ্টি কৰে। অৰ্থাৎ— যদি অৰ্থনীতিৰ বাহিৰেও আন আন উপাদানে উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, তেন্তে ইতিহাস কেতিয়াও কেৱলমাত্ৰ অৰ্থনৈতিক কাৰ্যকলাপৰেই ফল হ'ব নোৱাৰে।

তথ্যসূত্ৰ

  1. ↑ Historical Materialism
  2. ↑ Marx and Historical Materialism
  3. ↑ What is historical materialism?

সম্পৰ্কিত শ্ৰেণী

দৰ্শন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐতিহাসিক বস্তুবাদ” প্ৰবন্ধৰ সংশোধন ৬১৭৪৬৯ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।