ড্যুডিজম হৈছে ১৯৯৮ চনত কোয়েন ব্ৰাদাৰ্ছৰ দ্বাৰা নিৰ্মিত বোলছবি “দ্য বিগ লেবৌস্কি”ৰ নায়ক “দ্য ড্যুড” ৰ দ্বাৰা অনুপ্ৰাণিত এক ধৰ্ম, দৰ্শন বা জীৱনশৈলী।
”ড্যুডিজম”ৰ ঘোষিত প্ৰাথমিক উদ্দেশ্য হৈছে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাতে চীনৰ লাওজীয়ে টাও তে চিং-ত সূচনা কৰা চীনা টাওবাদৰ এক আধুনিক ৰূপৰ সৈতে প্ৰাচীন গ্ৰীক দাৰ্শনিক এপিকুৰাছ(৩৪১-২৭০ খীষ্টপূৰ্ব)-ৰ দৰ্শনৰ ধাৰণাৰ মিশ্ৰণ কৰি প্ৰচাৰ কৰা। দ্য বিগ লেবৌস্কি ছবিখনত ড্যুডিজমৰ ধাৰণাসমূহ ব্যক্তিত্ব-ৰূপায়ণৰ বাবে বিশেষ শৈলীৰে উপস্থাপন কৰা জেফ্ৰী “দ্য ড্যুড লেবৌস্কি” নামৰ কাল্পনিক চৰিত্ৰটোত জে’ফ ব্ৰিজছে অভিনয় কৰিছিল১। বিভিন্ন কমেডী চলচ্চিত্ৰত খুহুতীয়া প্ৰসংগত হোৱা বহুল প্ৰয়োগ আৰু ধৰ্ম পাৰম্পৰিক ৰূপৰ প্ৰতি চেগা-চোৰোকাকৈ আগবঢ়োৱা সমালোচনাৰ ২৩ বাবে ড্যুডিজমক বহু সময়ত এক ব্যঙ্গাত্মক, বিদ্ৰূপাত্মক বা পৰিহাসিক ধৰ্ম হিচাপেও গণ্য কৰা হয়। অৱশ্যে, ড্যুডিজমৰ প্ৰতিষ্ঠাপক আৰু ইয়াৰ বহুতো অনুগামীয়ে ইয়াৰ অন্তৰ্নিহিত দৰ্শনক যথেষ্ট (অত্যধিক পৰিমাণে নহয়) গুৰুত্বসহকাৰে লয়৪৫৬৭। ৬ মাৰ্চ হৈছে আমেৰিকাত চলচ্চিত্ৰখনে প্ৰথম মুক্তি পোৱাৰ দিন আৰু সেই দিনটোতেই “ডুডিজমঃ দ্য ডে অৱ দ্য ড্যুড” হিচাপে স্বীকৃত বাৰ্ষিক পবিত্ৰ দিন৮।
উৎপত্তি
২০০৫ চনত থাইলেণ্ডৰ চিয়াং মাই নামৰ ঠাইখনৰ সাংবাদিক অলিভাৰ বেঞ্জামিনৰ১৯ দ্বাৰা প্ৰতিষ্ঠিত ড্যুডিজমৰ আনুষ্ঠানিক সাংগঠনিক নাম হৈছে “দ্য চ্যাৰ্চ অৱ দ্য লেটাৰ-ডে ড্যুড।” ২০১৭ চনৰ মে’ মাহলৈকে সমগ্ৰ বিশ্বজুৰি আনুমাণিক ৪, ৫০, ০০০ ড্যুডিষ্ট পুৰোহিত হিচাপে নিযুক্ত হৈছে১০। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ৰাজ্যত ড্যুডিষ্ট ধৰ্মযাজকৰ দ্বাৰা বিবাহকাৰ্যও আইনীভাৱে সম্পন্ন কৰা হৈছে১১।
যদিও ড্যুডিজমত প্ৰাথমিকভাৱে “দ্য বিগ লেবৌস্কি” নামৰ চলচ্চিত্ৰখনত বৰ্ণিত মূৰ্ত-চৰিত্ৰাৱলী (আইক’ন’গ্ৰাফী) আৰু আখ্যানকেই ব্যৱহাৰ কৰা হৈছে, তথাপি ইয়াৰ অনুগামীসকলে বিশ্বাস কৰে যে ড্যুডিষ্ট বিশ্বদৰ্শন মূলতঃ আক্ৰমণ্মকতা আৰু অত্যধিকতাৰ প্ৰতি সহজাত সামাজিক প্ৰৱণতাক সংশোধন কৰিবলৈ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিদ্যমান। ড্যুডিজিমত লাওজী, এপিকুৰাছ, হেৰাক্লিটাছ, বুদ্ধ প্ৰাক-খ্ৰীষ্টধৰ্মীয় যীশু খ্ৰীষ্টৰ দৰে ব্যক্তিসকলক “ইতিহাসৰ মহান ড্যুড” (Great Dudes in History) হিচাপে আখ্যায়িত কৰা হয়১২। ড্যুডৰ শেহতীয়া পূৰ্বসুৰীসকলৰ ভিতৰত আছে ৰাল্ফ ৱাল্ডো এমাৰ্ছন আৰু ৱাল্ট হুইটমেন দৰে আমেৰিকান অতীন্দ্ৰিয়বাদৰ পুৰোধা ব্যক্তিসকল আৰু কাৰ্ট ভ’নেগাট আৰু মাৰ্ক টোৱেইনৰ দৰে প্ৰখ্যাত মানৱতাবাদীসকল১৩১৪ ।
ড্যুডিজমৰ দৰ্শন
ড্যুডিজমৰ বিশ্বাস ব্যৱস্থা মূলতঃ চীনদেশীয় টাওবাদৰ এক আধুনিক ৰূপ য’ত টাওবাদৰ অধিভৌতিক আৰু চিকিৎসাশৈলীৰ সৈতে জড়িত মতবাদ আৰু ৰীতিসমূহক নিষকাষণ কৰি লোৱা হয়। ড্যুডিজিমে মানৱ জীৱনৰ জটিল আৰু সংকটকালীন অৱস্থাত অসুবিধাসমূহৰ সন্মুখীন হৈ “প্ৰৱাহৰ সৈতে যোৱা”, “শান্ত মনৰ হোৱা” আৰু “সহজভাৱে লোৱা” ৰ অনুশীলনৰ পোষকতা আৰু প্ৰোৎসাহিত কৰে, আৰু ই বিশ্বাস কৰে যে একোজন মানুহৰ নিজৰ অভ্যন্তৰীণ প্ৰকৃতি আৰু আন মানুহৰ সৈতে সুষম আন্তঃসম্পৰ্ক ৰক্ষা কৰাৰ প্ৰত্যাহ্বানৰ সৈতে সংগতি ৰাখি সৰলভাৱে জীয়াই থকাৰ এইটোৱেই একমাত্ৰ উপায়। ড্যুডিজমৰ লক্ষ্য হৈছে সমাজত উদ্ভৱ হোৱা অপৰ্যাপ্ততাৰ ভাৱনা, যি চিন্তাধাৰাই সাধাৰণতে কৃতিত্ব আৰু ব্যক্তিগত ধন-সম্পদৰ প্ৰাচুৰ্য্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে, সেই চিন্তাধাৰাক প্ৰশমন কৰা। এই চিন্তাধাৰাৰ অৱশ্যম্ভাৱী ফলস্বৰূপেই, আনন্দ আৰু আধ্যাত্মিক পূৰ্ণতা প্ৰাপ্ত কৰাৰ উপায় হিচাপে ধন সঞ্চয় কৰা কৰা আৰু সেই ধন খৰচ কৰাতকৈ আমোদৰ অন্যান্য স্থূল উপকৰণ যেনে বিলাসী স্নান, বৌলিং (bowling), আৰু বন্ধুবৰ্গৰ সৈতে অলস সময় কটোৱাৰ দৰে সাধাৰণ দৈনন্দিন আনন্দবোৰক বেছি অগ্ৰাধিকাৰ প্ৰদান কৰা দেখা যায়। “দ্য বিগ লেবৌস্কি” ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ “ড্যুড”-এ “ড্যুডে মানি লয় (the dude abides)”- এই সংলাপৰ পুনৰাবৃত্তি কৰে। ইয়াৰ অন্তৰ্নিহিত অৰ্থ হৈছে যে মানুহে এটা অভিযোগবিহীন, নিৰুদ্বেগ আৰু সমাহিত জীৱন কটাবৰ বাবে জীৱনৰ সূক্ষ্ম ঘটনা-পৰিঘটনাবোৰৰ পৰা আনন্দ আহৰণ কৰিবলৈ শিকা, আনৰ প্ৰতি সাধাৰণতেই সহনশীল হোৱা, প্ৰতিকূলতাৰ মাজতো সুস্থিৰ চিন্তা অটুট ৰখা অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে আনকো এই গুণৰাশি আহৰণ কৰিবলৈ উৎসাহিত কৰা প্ৰয়োজন ১৫।
প্ৰকাশন
২০০৮ চনৰ শৰৎকালত “চাৰ্চ অৱ দ্য লেটাৰ-ডে’ ড্যুড”-এ “দ্য “ড্যুডছ-পে’পাৰ” নামৰ ইয়াৰ আনুষ্ঠানিক প্ৰকাশন মুকলি কৰিছিল। ২০০৯ চনৰ জুলাইত “দ্য টাও ড্যুড চিং” নামৰ এখন ড্যুডিষ্ট পবিত্ৰ গ্ৰন্থ অনলাইন ৰূপত প্ৰকাশ হৈছিল। ২০০৯ চনৰ ডিচেম্বৰ মাহত অলিভাৰ বেঞ্জামিনৰ এখন প্ৰকাশিতব্য গ্ৰন্থ “দ্য টাও অৱ দ্য ড্যুড”ৰ সৈতে হ’ব পৰা সম্ভাৱ্য বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ ইয়াক “দ্য ড্যুড ডি চিং” হিচাপে পুনঃ নামকৰণ কৰা হৈছিল। “দ্য ড্যুড দে চিং “ হৈছে “দ্য বিগ লেবৌস্কি”ৰ সংলাপ আৰু কাহিনীৰ উপাদান ব্যৱহাৰ কৰি পিটাৰ মেৰেলৰ দ্বাৰা কৃত “টাও তে চিঙ”ৰ অনুবাদৰ পুনৰ ব্যাখ্যা ১৬। ২০১৬ চনত “দ্য ড্যুড দে চিং” সম্পূৰ্ণৰূপে বেঞ্জামিনৰ দ্বাৰা পুনৰ লিখন কৰা হৈছিল, য 'ত এটা নতুন “টাও তে চিঙ”ৰ্প অনুবাদ আৰু প্ৰতিটো শ্লোকৰ ব্যাখ্যা কৰা প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছিল ১৭।
২০১১ চনৰ আগষ্ট মাহত দ্য বিগ লেবৌস্কি আৰু অন্যান্য উৎসৰ পৰা জীৱনৰ পাঠ আৰু সাৰমৰ্ম আহৰণ কৰি "দ্য এবাইড গাইড" নামৰ এখন "ড্যুডিষ্ট আত্মসহায়ক গ্ৰন্থ" ইউলিছেছ প্ৰেছৰ দ্বাৰা প্ৰকাশিত হৈছিল ১৮। বেঞ্জামিন আৰু আৰ্ক ড্যুডশ্বিপ ডৱেইন ইউটছেৰ দ্বাৰা লিখিত এই গ্ৰন্থখনিত "দ্য চাৰ্চ অৱ দ্য লেটাৰ-ডে ড্যুড"ৰ অন্যান্য সদস্যসকলৰ দ্বাৰা লিখিত পাঠ্যও আছে। ২০১৩ চনৰ নৱেম্বৰ মাহত ইয়াৰ "ইল ভেনজেলো ছেকেণ্ডো লেবৌস্কি" শীৰ্ষক এটা ইটালীয় ভাষাত অনুবাদ মুকলি কৰা হৈছিল ১৯।
২০১৩ চনৰ নৱেম্বৰ মাহত বেঞ্জামিনৰ সম্পাদনাত "লেবৌস্কি ১০১" নামৰ এখন গ্ৰন্থ প্ৰকাশ হৈছিল, য'ত সন্নিবিষ্ট পাণ্ডিত্যপূৰ্ণ লিখনিসমূহত "দ্য বিগ লেবৌস্কি"ৰ দৰ্শনৰ গভীৰ বীক্ষণ আৰু উদযাপন কৰা হৈছিল। এই গ্ৰন্থত ৮০ জনতকৈও অধিক লেখক আৰু চিত্ৰকৰৰ অৱদান অন্তৰ্ভুক্ত হৈ আছে ২০।
২০১৫ চনৰ এপ্ৰিলত "দ্য টাও অৱ দ্য ড্যুড" প্ৰকাশ পাইছিল, য'ত ড্যুডিজমৰ সৈতে সংগতিপূৰ্ণ বেঞ্জামিনৰ প্ৰবন্ধ আৰু চিত্ৰণৰ লগতে ইতিহাসৰ বিভিন্ন দাৰ্শনিক আৰু লেখকৰ উদ্ধৃতি সন্নিবিষ্ট হৈছিল। এই গ্ৰন্থখনৰ উদ্দেশ্য হৈছে, সভ্যতাৰ পাতনিৰে পৰাই যে ড্যুডিজমৰ দৰ্শন বিদ্যমান সেই সম্পৰ্কে তথ্যভিত্তিক সাব্যস্ত কৰা২১।
জেফ ব্ৰিজছ আৰু বৌদ্ধ শিক্ষক বাৰ্নী গ্লাছমেনৰ দ্বাৰা ৰচিত আৰু ২০১৩ চনত প্ৰকাশিত "দ্য ড্যুড এণ্ড দ্য জে'ন মাষ্টাৰ" নামৰ গ্ৰন্থখনত লেবৌস্কিৰ চৰিত্ৰটোক দাৰ্শনিক আলোচনাৰ আৰম্ভণি বিন্দু হিচাপে ব্যৱহাৰ কৰে। এটা প্ৰচাৰমূলক অনুষ্ঠানত "দ্য ড্যুড"-এ ড্যুডিজমৰ বিষয়ে কি ভাবে বুলি সোধাত "লেবৌস্কি"ৰ চৰিত্ৰৰ অভিনেতা জেফ ব্ৰিজছে উত্তৰ দিছিল, "তেওঁ হতম্ভৱ হ'ব, আৰু বৰ বঢ়িয়া পাব" "২২।
তথ্যসূত্ৰ
- ↑ Ehrlich, Richard. The man who founded a religion based on 'The Big Lebowski'. CNN. Turner Broadcasting Systems Inc
- ↑ Mathijs, Ernest; Sexton, Jamie. (30 March 2012). Cult Cinema by Ernest Mathlijs, Jamie Sexton p. 78. John Wiley & Sons. ISBN 9781444396430
- ↑ Adweek. Mediabistro.com
- ↑ Big Lebowski Spawns Religion. Dontpaniconline.com
- ↑ Mifflin, Ryan. (16 February 2012). Interview: Oliver Benjamin, Founder of Dudeism & Author of 'The Abide Guide: Living Like Lebowski'. Otis Ryan Productions Blog
- ↑ The Dudely Lama Discusses Dudeism - We Love Cult, retrieved 19 September 2012
- ↑ Cathleen Falsani Interview. Religion and Ethics Newsweekly. PBS
- ↑ (12 February 2010). The Day of the Dude. Dudespaper.com
- ↑ Green, Bill; Peskoe, Ben; Russell, Will, Shuffit, Scott: I'm a Lebowski, You're a Lebowski, page 17. Bloomsbury, 2007
- ↑ The Way of the Dude
- ↑ (June 29, 2014). David Kantor, Michael Hampton. The New York Times
- ↑ Great Dudes in History. Dudeism.com
- ↑ Eutsey, Dwayne. Great Dudes in History: Mark Twain. The Dudespaper
- ↑ Killoran, Ellen. 'The Big Lebowski' Religion Founder Talks 'The High Holiday' Of Dudeism. International Business Times
- ↑ Walters, Ben. (20 January 2010). Dudeism, the faith that abides in The Big Lebowski. The Guardian
- ↑ Benjamin, Oliver; Merel, Peter. The Tao Dude Ching!. The Dudespaper
- ↑ Benjamin, Oliver. (26 October 2016). The Dude De Ching: New Annotated Edition. CreateSpace Independent Publishing Platform. ISBN 978-1539451051
- ↑ Benjamin, Oliver; Eutsey, Dwayne. (16 August 2011). The Abide Guide: Living Like Lebowski. Ulysses Press. ISBN 978-1569759769
- ↑ Il vangelo secondo Lebowski. Fazi Editoriale
- ↑ Benjamin, Oliver. (November 8, 2013). Lebowski 101. CreateSpace Independent Publishing Platform. ISBN 978-1493508082
- ↑ Benjamin, Oliver. (April 15, 2016). The Tao of the Dude. CreateSpace Independent Publishing Platform. ISBN 978-1511520614
- ↑ Tobar, Hector. (11 January 2013). Lebowski lovers: The Dude and the Zen Master riff in L.A.. Los Angeles Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড্যুডিজম” প্ৰবন্ধৰ সংশোধন ৬৩২৪৫০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।