অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

স্বইচ্ছা

স্বইচ্ছা (free will) হ'ল বিভিন্ন সম্ভাব্য ঘটনাৰ মাজৰ পৰা অবাধে কোনো বাহিৰা প্ৰভাৱ নোহোৱাকৈ যিকোনো এটিক নিৰ্বাচন কৰিব পৰা ক্ষমতা। ইয়াক স্বাধীন ইচ্ছা, নিজ ইচ্ছা, মুক্ত চিত্ত, স্বাধীন চিত, স্বাধীন মন, আপোন খুচি অথবা মুক্ত কৰ্মও বুলিব পাৰি।

হালনাগাদ: ২৯ আগষ্ট ২০২৫ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

স্বইচ্ছা (free will) হ'ল বিভিন্ন সম্ভাব্য ঘটনাৰ মাজৰ পৰা অবাধে কোনো বাহিৰা প্ৰভাৱ নোহোৱাকৈ যিকোনো এটিক নিৰ্বাচন কৰিব পৰা ক্ষমতা।১২ ইয়াক স্বাধীন ইচ্ছা, নিজ ইচ্ছা, মুক্ত চিত্ত, স্বাধীন চিত, স্বাধীন মন, আপোন খুচি অথবা মুক্ত কৰ্মও বুলিব পাৰি।

স্বইচ্ছাৰ ধাৰণাটো নৈতিক দায়িত্ববোধ, প্ৰশংসা, দোষ, পাপ আৰু আন নৈতিক বিবেচনাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত যিবোৰ কেৱল স্বাধীনভাবে নিৰ্বাচন কৰা কাৰ্যৰ ক্ষেত্ৰতহে খাটে। ইয়াৰ সৈতে উপদেশ, প্ৰৰোচনা, পৰ্যালোচনা আৰু নিষেধাজ্ঞাৰো সম্পৰ্ক আছে। ঐতিহাসিভাবে, যিবোৰ কাৰ্য স্বাধীনভাবে কৰা হয় কেৱল সেইবোৰ কাৰ্যৰ ক্ষেত্ৰতহে অৱদান বা দোষৰ কথা বিবেচনা কৰা হয়। স্বইচ্ছাৰ প্ৰতি ভাবুকিক লৈ বহুতো উদ্বিগ্নতা আছে আৰু ইয়াক কিদৰে সম্ভৱ কৰিব পাৰি সেয়াও যথেষ্ট বিতৰ্কিত।

স্বইচ্ছা বুলিলে বহুতেই স্বাধীনভাবে পছন্দ কৰাৰ এনে ক্ষমতাক বুজে যাৰ ফলাফল অতীতৰ কোন পৰিঘটনাৰ দ্বাৰা প্ৰভাবিত নহয়। নিয়তিবাদ (Determinism)-ৰ মতে সকলোবোৰ পূৰ্বনিৰ্ধাৰিত, যি স্বইচ্ছাৰ ধাৰণাৰ সৈতে সম্পূৰ্ণ বিপৰীত।৩ প্ৰাচীন গ্ৰীক দৰ্শনে এই সমস্যাটো চিনাক্ত কৰিছিল,৪ যি বৰ্তমানো দাৰ্শনিক বিতৰ্কৰ কেন্দ্ৰ। স্বইচ্ছা আৰু নিয়তিবাদৰ পৰস্পৰ মিল নোখোৱা যি ধাৰণা তাক 'অসংগতিবাদ' (Incompatibilism) বোলে। ইয়াৰে দুটা ফৈদ হৈছে: 'আধিবিদ্যক উদাৰবাদী' (Metaphysical Libertarianist) যিসকলৰ মতে স্বইচ্ছা সত্য আৰু নিয়তিবাদ মিছা; আৰু আনটো 'কট্টৰ নিয়তিবাদী' (Hard Determinism) যিসকলৰ মতে নিয়তিবাদ সত্য আৰু স্বইচ্ছা মিছা। অসংগতিবাদৰ আন এটা ফৈদো আছে যি বিশ্বাস কৰে নিয়তিবাদ আৰু নিয়তিবাদৰ বিপৰীত ধাৰণা এই দুয়োটাই স্বইচ্ছাৰ ধাৰণাৰ সৈতে মিল নাখায়, ইয়াক 'কট্টৰ অসংগতিবাদী' (Hard Incompatibilism) বোলে।

ইয়াৰ বিপৰীতে 'সংগতিবাদ' (Compatibilism)-এ বিশ্বাস কৰে যে স্বইচ্ছা আৰু নিয়তিবাদ দুটাই সংগতিপূৰ্ণ। আনকি কিছু সংগতিবাদীৰ মতে স্বইচ্ছাৰ বাবে নিয়তিবাদ অপৰিহাৰ্য। কাৰণ, দুটি ঘটনাৰ মাজৰ পৰা যিকোন এটিক পছন্দ কৰা তেতিয়াহে সম্ভৱ যেতিয়া দুটি ঘটনাৰ পৰিণতি সম্পৰ্ক জ্ঞান থাকে।৫৬ সেয়ে তেওঁলোকৰ মতে উদাৰবাদী আৰু কট্টৰ নিয়তিবাদীসকলৰ মাজত স্বইচ্ছা আৰু নিয়তিবাদক লৈ কৰা বিতৰ্কটো 'মিছা দোমোজা' (False Dilemma)।৭ ভিন্ন ভিন্ন সংগতিবাদীসকলে ভিন্ন ভিন্ন স্বইচ্ছাৰ সংজ্ঞা দিয়ে আৰু তেওঁলোকৰ মতে স্বইচ্ছাৰ সীমাবদ্ধতাও ভিন্ন ভিন্ন। ধ্ৰুপদী সংগতিবাদীসকলৰ মতে স্বইচ্ছা মানেই হ'ল কাম কৰাৰ স্বাধীনতা। কোন ব্যক্তিয়ে তেওঁৰ ইচ্ছামতে যিকোনো কাম কৰাৰ ক্ষমতা থাকিলেই তেওঁৰ স্বইচ্ছা আছে। আনহাতে সমসাময়িক সংগতিবাদীসকলৰ মতে স্বাধীনভাবে চিন্তা কৰাৰ ক্ষমতা আৰু যুক্তিসঙ্গতভাবে কাম কৰাই স্বইচ্ছা। ইয়াৰোপৰি আৰু বহুতো মতবাদ আছে যিবোৰৰ প্ৰত্যেকৰেই নিজস্ব সীমাবদ্ধতা আছে।৮

তথ্যসূত্ৰ

  1. ↑ Omoregie, J. (2015). Freewill: The degree of freedom within. UK: Author House |
  2. ↑ Hegeler, Edward C. (1910). The Monist, Vol. 20. Open Court. p. 369
  3. ↑ Baumeister, R.F. and Monroe, A.E., 2014. Recent research on free will: Conceptualizations, beliefs, and processes . In Advances in Experimental Social Psychology (Vol. 50, pp. 1–52). Academic Press
  4. ↑ Bobzien, Susanne. (1998). Determinism and freedom in Stoic philosophy. Oxford University Press. ISBN 978-0-19-823794-5
  5. ↑ An argument by Rudolph Carnap described by: C. James Goodwin. (2009). Research In Psychology: Methods and Design. Wiley. পৃ. 11. ISBN 978-0-470-52278-3
  6. ↑ Robert C Bishop. (2010). Visions of Discovery: New Light on Physics, Cosmology, and Consciousness. Cambridge University Press. পৃ. 603. ISBN 978-0-521-88239-2
  7. ↑ See, for example, Janet Richards. (2001). Human Nature After Darwin: A Philosophical Introduction. Routledge. পৃ. 142 ff. ISBN 978-0-415-21243-4
  8. ↑ McKenna, Michael; Coates, D. Justin. (2015). The Stanford Encyclopedia of Philosophy

সম্পৰ্কিত শ্ৰেণী

দৰ্শন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বইচ্ছা” প্ৰবন্ধৰ সংশোধন ৫৩৫৭৫৬ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।