দক্ষিণ কোৰিয়ান অভিনেত্ৰী
২৫ প্ৰবন্ধ
-
জিচু
কিম জি-চু (কোৰিয়ান হাংগুল লিপিত: 김지수; জন্ম ৩ জানুৱাৰী, ১৯৯৫), জিচু নামেৰে জনাজাত, এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য, যি ৱাইজি এণ্টাৰটেইনমেণ্টৰ অধীনত আগষ্ট ২০১৬ ত আত্মপ্ৰকাশ কৰিছিল।
-
জেনী
জেনী কিম (কোৰিয়ান: 김제니; জন্ম ১৬ জানুৱাৰী, ১৯৯৬), জেনী নামেৰে জনাজাত, এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, ৰেপাৰ, গীত ৰচয়িতা, আৰু অভিনেত্ৰী। ২০০৪ চনলৈকে দক্ষিণ কোৰিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা জেনীয়ে পিছলৈ নিউজিলেণ্ডত বাস কৰে আৰু ২০১০ চনত দক্ষিণ কোৰিয়ালৈ উভতি আহি ৱাই জি এণ্টাৰটেইনমেণ্টৰ সফলতাৰে…
-
কিম ইউ-জুং
কিম ইউ-জুং (কোৰিয়ান: 김유정; জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ চাৰিবছৰ বয়সত মিঠাইৰ এটা বিজ্ঞাপনযোগে মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৩ চনত অভিনয় আৰম্ভ কৰাৰ পিছত তেওঁ কোৰিয়াৰ আটাইতকৈ জনপ্ৰিয় শিশুৰ অভিনেত্ৰীৰ অন্যতম হৈ উঠে।
-
কিম চে-জং
কিম চে-জং (কোৰিয়ান: 김세정:; জন্ম ২৮ আগষ্ট, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। এমনেটৰ গাৰ্ল গ্ৰুপ চাৰ্ভাইভেল শ্ব' প্ৰডাক্ট ১০১ ত দ্বিতীয় স্থান লাভ কৰি প্ৰজেক্ট গাৰ্ল গ্ৰুপ আইঅ'আইৰ সদস্য হয়। জেলিফিছ এণ্টাৰটেইনমেণ্টৰ গাৰ্ল গ্ৰুপ গুগুডানৰ সদস্য আছিল।
-
কিম ছ’-হিউন
কিম ছ’-হিউন (কোৰিয়ান: 김소현; জন্ম ৪ জুন ১৯৯৯) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। যুৱ নাটক হু আৰ ইউ: স্কুল ২০১৫ (২০১৫), ঐতিহাসিক মেলোড্ৰামা দ্য এম্পাৰ: অ’নাৰ অৱ দ্য মাস্ক (২০১৭) আৰু ৰিভাৰ ৱেৰ দ্য মুন ৰাইজ (২০২১), ৰোমাণ্টিক নাটক লাভ এলাৰ্ম (২০১৯), আৰু একচন-কমেডী গুড বয় (২০২৫)ত মুখ্য চৰিত্ৰত অভিনয়…
-
কিম জি-ৱন
কিম জি-ৱন (ইংৰাজী: Kim Ji-won; কোৰিয়ান: 김지원; জন্ম: ১৯ অক্টোবৰ, ১৯৯২) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। টেলিভিছন ধাৰাবাহিক দ্য হেইয়াৰ্ছ (২০১৩) আৰু ডিচেণ্ডেণ্টছ অৱ দ্য ছান (২০১৬)ত অভিনয়ৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ পিছত ফাইট ফৰ মাই ৱে (২০১৭), আৰ্থডাল ক্ৰনিকলছ (২০১৯), মাই লিবাৰেচন নোটছ (২০২২) আৰু…
-
কিম হেই-ইয়ং
কিম হেই-ইয়ং (কোৰিয়ান: 김혜영; কেতিয়াবা কিম হাই-ইয়ং বুলিও ৰোমানিছ কৰা হয়) এগৰাকী উত্তৰ কোৰিয়াত জন্মগ্ৰহণ কৰা অভিনেত্ৰী, গায়িকা, কমেডিয়ান আৰু মডেল, যি দক্ষিণ কোৰিয়াৰ মনোৰঞ্জন উদ্যোগত সক্ৰিয়। ১৯৯৮ চনত তেওঁ পৰিয়ালৰ সৈতে দক্ষিণ কোৰিয়ালৈ পলায়ন কৰে।
-
কিম হেই-য়ুন
কিম হেই-য়ুন (কোৰিয়ান: 김혜윤; জন্ম: ১০ নৱেম্বৰ, ১৯৯৬) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। জেটিবিচিৰ টেলিভিছন ধাৰাবাহিক স্কাই কেছল (২০১৮–২০১৯)ত কাং য়ে-চিঅ'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে স্বীকৃতি লাভ কৰে, তাৰ পিছত এক্সট্ৰাঅৰ্ডিনেৰী ইউ (২০১৯) আৰু দ্য গাৰ্ল অন এ বুলডজাৰ (২০২২)কে ধৰি টেলিভিছন আৰু চলচ্চিত্ৰ…
-
চ'ল ইন-আ
বাং য়ে-ৰিন (কোৰিয়ান: 방예린; জন্ম ৩ জানুৱাৰী, ১৯৯৬), মঞ্চ নাম চ'ল ইন-আ (কোৰিয়ান: 설인아) নামে অধিক পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। তেওঁ বিশেষকৈ টেলিভিছন ধাৰাবাহিক ছানী এগেইন টুমৰো (২০১৮), বিউটিফুল লাভ, ৱাণ্ডাৰফুল লাইফ (২০১৯), বিজনেছ প্ৰপ'জাল (২০২২), আৰু টুইংকলিং ৱাটাৰমেলন (২০২৩)-ত মুখ্য…
-
চই ইউ-জুং
চই ইউ-জুং (ইংৰাজী: Choi Yoo-jung; জন্ম: ১২ নৱেম্বৰ, ১৯৯৯), যাক এককভাৱে ইউজুং নামেৰে জনা যায়, এগৰাকী দক্ষিণ কোৰিয়াৰ কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ফেণ্টাজিঅ' নামৰ প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ।
-
চা চুং-হোৱা
চা চুং-হোৱা (কোৰিয়ান: 차청화; জন্ম: ২৮ এপ্ৰিল ১৯৮০) এগৰাকী দক্ষিণ কোৰিয়ান চৰিত্ৰ অভিনেত্ৰী, যি থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনত সক্ৰিয়। টিভিএনৰ ঐতিহাসিক নাটক মিষ্টাৰ কুইন (২০২০–২১)ত ক’ৰ্ট লেডী চয়ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেকছাং আৰ্টছ বঁটাৰ বাবে মনোনীত হৈছিল।
-
ছি-ইয়ন
পাৰ্ক জং-হিউন (ইংৰাজী: Park Xi-yeon; জন্ম: ১৪ নৱেম্বৰ, ২০০০), যিগৰাকী পেছাদাৰীভাৱে পাৰ্ক ছি-ইয়ন নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। প্ৰাক্তন শিশু অভিনেত্ৰী, গায়িকা আৰু মডেল পাৰ্ক ছি-ইয়নে ২০১৭ চনত গাৰ্ল গ্ৰুপ পিষ্টিনৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে ৯ বছৰ ধৰি…
-
জং হো-য়েন
জং হো-য়েন (ইংৰাজী: Jung Ho- yeon; কোৰিয়ান: 정호연; জন্ম: ২৩ জুন, ১৯৯৪) এগৰাকী দক্ষিণ কোৰিয়ান ফেশ্বন মডেল আৰু অভিনেত্ৰী। ২০১০ চনত ফ্ৰীলান্স মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, দুবছৰ ধৰি ছিউল ফেশ্বন উইকৰ শ্ব’ত খোজ কাঢ়িছিল।
-
জো ইউৰি
জো ইউৰি (কোৰিয়ান: 조유리; জন্ম: ২২ অক্টোবৰ, ২০০১) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। দক্ষিণ কোৰিয়া–জাপানীজ গাৰ্ল গ্ৰুপ ইজ*ৱানৰ প্ৰাক্তন সদস্য হিচাপে পৰিচিত।
-
জো হ্যে-জু
জো হ্যে-জু (কোৰিয়ান: 조혜주; জন্ম ১৮ এপ্ৰিল, ১৯৯৫) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১৭ চনত ৱেডিং চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁ ২০১৯ চনৰ ধাৰাবাহিক Search: WWW আৰু ২০২০ চনৰ যৌৱন-ভিত্তিক টেলিভিছন ধাৰাবাহিক এ লাভ ছ' বিউটিফুলত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
পাৰ্ক গ্যু-য়ং
পাৰ্ক গ্যু-য়ং (কোৰিয়ান: 박규영; জন্ম: ২৭ জুলাই, ১৯৯৩) এজনী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী আৰু মডেল। তেওঁ নেটফ্লিক্স ধাৰাবাহিক ছুইট হোম (২০২০)ত অভিনয় কৰি সৰ্বশ্ৰেষ্ঠ নতুন অভিনেত্ৰীৰ বাবে মনোনয়ন লাভ কৰে, আৰু স্কুইড গেমৰ ২য় আৰু ৩য় ছিজনত (২০২৪–২০২৫) অভিনয় কৰে।
-
পাৰ্ক শ্বিন-হাই
পাৰ্ক শ্বিন-হাই (কোৰিয়ান: 박신혜; জন্ম ১৮ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ প্ৰথমে টেলিভিছন ধাৰাবাহিক ষ্টেৰৱে টু হেভেন (২০০৩) আৰু ট্ৰি অৱ হেভেন (২০০৬) ত শিশু অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ কৰে।
-
বে চুজি
বে চু-জি (কোৰিয়ান: 배수지; ইংৰাজী: Bae Suzy; জন্ম: ১০ অক্টোবৰ, ১৯৯৪; একনামেৰে চুজি বুলিও জনা যায়) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। গাৰ্ল গ্ৰুপ মিছ এ (২০১০–২০১৭)ৰ প্ৰাক্তন সদস্য হিচাপে ২০১১ চনত টেলিভিছন ধাৰাবাহিক ড্ৰিম হাইৰ জৰিয়তে অভিনেত্ৰী হিচাপে অভিষেক ঘটায় আৰু আৰ্কিটেকচাৰ ১০১ (২০১২)…
-
বে ৱু-হি
বে ৱু-হি (কোৰিয়ান: 배우희; জন্ম ২১ নৱেম্বৰ, ১৯৯১), পেছাগতভাৱে ৱুহি নামেৰে পৰিচিত, এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়ান গাৰ্ল গ্ৰুপ ডাল শ্বেবেটৰ সদস্য হিচাপে আৰু 'দ্য ইউনিট' শ্ব'ত সপ্তম স্থান লাভ কৰি গাৰ্ল গ্ৰুপ ইউনি.টি.-ৰ সদস্য হোৱাৰ বাবে সৰ্বাধিক পৰিচিত।
-
মুন গা-ইয়ং
মুন গা-ইয়ং (কোৰিয়ান: 문가영; জন্ম: ১০ জুলাই, ১৯৯৬) হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী আৰু মডেল। ২০০৫ চনত তেওঁ শিশু মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। ২০০৬ চনত তেওঁ চলচ্চিত্ৰ ব্লাডি ৰিইউনিয়নৰ জৰিয়তে শিশু অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।
-
য়ুন বো-মি
য়ুন বো-মি (ইংৰাজী: Yoon Bo-mi; কোৰিয়ান: 윤보미; জন্ম: ১৩ আগষ্ট, ১৯৯৩, বোমি নামেৰে জনাজাত) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ এপিংকৰ সদস্য হিচাপে তেওঁ বেছিকৈ পৰিচিত৷ ২০১২ চনৰ টেলিভিছন ধাৰাবাহিক ৰিপ্লাই ১৯৯৭ত কেমিঅ' চৰিত্ৰত অভিনয় কৰি য়ুনে অভিনয়ত আত্মপ্ৰকাশ…
-
লি ইউ-মি
লি য়ু-মি (কোৰিয়ান: 이유미; জন্ম: ১৮ জুলাই, ১৯৯৪) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ স্কুইড গেম (২০২১)-ত জি-য়েং / প্লেয়াৰ ২৪০, অল অৱ আছ আৰ ডেড (২০২২)-ত লি না-য়েন, ষ্ট্ৰং গাৰ্ল নাম-ছুন (২০২৩)-ত গেং নাম-ছুন আৰু মিষ্টাৰ প্লেংকটন (২০২৪)-ত জো জে-মিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
লিম না-য়ং
লিম না-য়ং (ইংৰাজী: Lim Na-young; জন্ম: ১৮ ডিচেম্বৰ, ১৯৯৫) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী, গায়িকা আৰু ৰেপাৰ। এমনেটৰ ৰিয়েলিটী চাৰ্ভাইভেল শ্ব’ প্ৰডিউচ ১০১-ৰ প্ৰথম ছিজনত দশম স্থান দখল কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ আই.অ’.আই.
-
লী ইউন-জি
লী ইউন-জি জন্ম ১৫ মাৰ্চ, ১৯৮৪) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী। তেওঁ ছিটকম ননষ্টপ ৪ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তাৰ পিছত তেওঁ পিউৰ ১৯ (২০০৪), প্ৰিন্সেছ আৱাৰ্ছ (২০০৬), ড্ৰীম হাই (২০১১), দ্য কিং ২ হাৰ্টছ (২০১২), আৰু ৱাং’ছ ফেমিলি (২০১৩) আদি টেলিভিছন ধাৰাবাহিকত অভিনয় কৰে।
-
লী য়ন
লী য়ন (কোৰিয়ান: 이연; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৫) হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ ২০২২ চনত নেটফ্লিক্সত প্ৰচাৰিত দক্ষিণ কোৰিয়ান নাটক জুভেনাইল জাষ্টিছত বেক চং-উ নামৰ পুৰুষ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।