অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লি ইউ-মি

লি য়ু-মি (কোৰিয়ান: 이유미; জন্ম: ১৮ জুলাই, ১৯৯৪) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ স্কুইড গেম (২০২১)-ত জি-য়েং / প্লেয়াৰ ২৪০, অল অৱ আছ আৰ ডেড (২০২২)-ত লি না-য়েন, ষ্ট্ৰং গাৰ্ল নাম-ছুন (২০২৩)-ত গেং নাম-ছুন আৰু মিষ্টাৰ প্লেংকটন (২০২৪)-ত জো জে-মিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লি য়ু-মি (কোৰিয়ান: 이유미; জন্ম: ১৮ জুলাই, ১৯৯৪) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ স্কুইড গেম (২০২১)-ত জি-য়েং / প্লেয়াৰ ২৪০, অল অৱ আছ আৰ ডেড (২০২২)-ত লি না-য়েন, ষ্ট্ৰং গাৰ্ল নাম-ছুন (২০২৩)-ত গেং নাম-ছুন আৰু মিষ্টাৰ প্লেংকটন (২০২৪)-ত জো জে-মিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত। স্কুইড গেম-ত জি-য়েংৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ নাটক ধাৰাবাহিকত অসাধাৰণ অতিথি অভিনেত্ৰীৰ বাবে প্ৰাইমটাইম এমি বঁটা লাভ কৰে। এই সফলতাৰ জৰিয়তে তেওঁ এই শাখাত বিজয়ী হোৱা প্ৰথমগৰাকী কোৰিয়ান অভিনেত্ৰী হিচাপে পৰিগণিত হয়।

প্ৰাথমিক জীৱন

১৯৯৪ চনৰ ১৮ জুলাইত দক্ষিণ কোৰিয়াৰ জেওনজুত জন্মগ্ৰহণ কৰিছিল লীয়ে।১

কেৰিয়াৰ

তেওঁ ২০১০ চনত একশ্যন থ্ৰিলাৰ চলচ্চিত্ৰ ‘’দ্য য়েল’ চি’’ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। পিছৰ কেইবছৰত তেওঁ কিছুমান চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত সৰু সৰু ভূমিকাত অভিনয় কৰিছিল।১

২০২০ চনৰ ২৮ ছেপ্টেম্বৰত ঘোষণা কৰা হয় যে লি য়ু-মিয়ে ভাৰো এণ্টাৰটেইনমেণ্টৰ সৈতে একচেটিয়া চুক্তিত স্বাক্ষৰ কৰিছে।২

২০২১ চনত, লি য়ু-মিয়ে নেটফ্লিক্স ধাৰাবাহিক ‘’স্কুইড গেম’’ত জি-য়েং (নম্বৰ ২৪০)ৰ ভূমিকাত অভিনয় কৰি দক্ষিণ কোৰিয়াৰ বাহিৰতো জনপ্ৰিয়তা লাভ কৰে। ধাৰাবাহিকখনৰ আন্তঃৰাষ্ট্ৰীয় সফলতাৰ পিছত, ইনষ্টাগ্ৰামত তেওঁৰ অনুসৰণকাৰীৰ সংখ্যা কেইদিনমানৰ ভিতৰতে ৪০ হাজাৰৰপৰা ৬৫ লাখতকৈ অধিকলৈ বৃদ্ধি পায়।৩ এই অভিনয়ৰ বাবে তেওঁ নাটক ধাৰাবাহিকত অসাধাৰণ অতিথি অভিনেত্ৰীৰ বাবে প্ৰাইমটাইম এমি বঁটা লাভ কৰে আৰু এই শাখাত বিজয়ী হোৱা প্ৰথমগৰাকী কোৰিয়ান অভিনেত্ৰী হিচাপে পৰিগণিত হয়।৪

২০২২ চনত, লি য়ু-মিয়ে নেটফ্লিক্সৰ জম্বি-ভিত্তিক ধাৰাবাহিক ‘’অল অৱ আছ আৰ ডেড’’ত লি না-য়েনৰ ভূমিকাত অভিনয় কৰে। খলচৰিত্ৰ, স্বাৰ্থপৰ, উদ্ধত আৰু ধনী ছাত্ৰীৰূপে তেওঁৰ অভিনয়ে (যি ‘’স্কুইড গেম’’ৰ বুজিব পৰা আৰু আত্মত্যাগী জি-য়েঙৰ চৰিত্ৰৰ সৈতে সম্পূৰ্ণ বিপৰীত) তেওঁৰ জনপ্ৰিয়তা আৰু বৃদ্ধি কৰে।৫৬

২০২৩ চনত, লি য়ু-মিয়ে দক্ষিণ কোৰিয়াৰ দূৰদৰ্শন ধাৰাবাহিক ‘’ষ্ট্ৰং গাৰ্ল নাম-ছুন’’ত শীৰ্ষ চৰিত্ৰ গেং নাম-ছুনৰ ভূমিকাত অভিনয় কৰে। এই চৰিত্ৰটো এগৰাকী যুৱতী, যাৰ মাতৃ-পৰম্পৰাৰপৰা লাভ কৰা অতিমানৱীয় শক্তি আছে। ধাৰাবাহিকখন জেটিবিচিত প্ৰচাৰিত হৈছিল আৰু নেটফ্লিক্সতো উপলব্ধ।৭৮

দানশীলতা

২০২২ চনৰ ২০ জুলাইত লীয়ে পোৰা ৰোগীৰ বাবে ৰাজহুৱা ফাউণ্ডেশ্যনলৈ ৩০ লাখ ₩ৰ প্ৰসাধন সামগ্ৰী দান কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Basilio, Jelena. (February 2, 2022). 10 Things You Need to Know About "All of Us Are Dead" Star Lee Yoo Mi. Preview.ph
  2. ↑ Hong, Se-young. (September 28, 2020). ko:이유미, 바로엔터와 전속계약..변우석·공승연과 한솥밥 (공식). Sports Donga
  3. ↑ Le, Diem Nguyen. (January 29, 2022). 6 facts about Lee Yoo-mi, star of Netflix's All of Us Are Dead: she's pals with her Squid Game co-star Jung Ho-yeon and K-pop idol Hani, and has been compared to Sulli. South China Morning Post
  4. ↑ Coates, Tyler. (September 5, 2022). Creative Arts Emmys: Lee Yoo-mi Makes History With Best Drama Guest Actress Win. The Hollywood Reporter
  5. ↑ Yeo, Gladys. (February 3, 2022). 'All Of Us Are Dead': Lee Yoo-mi defends her character's "mean" personality. NME
  6. ↑ Abdullah, Shameelah. (February 23, 2022). She starred in both Squid Game and All Of Us Are Dead – what's next for Lee Yoo-mi?. CNA Lifestyle
  7. ↑ Puah, Ziwei. (September 7, 2023). Here's when 'Strong Woman Gang Nam-soon' premieres. NME
  8. ↑ Zamora, Claudia. (September 19, 2023). 'Nam-soon, una chica superfuerte' en Netflix: tráiler, fecha de estreno, reparto y más del k-drama. La Repubblica
  9. ↑ Lee, Seung-gil. (July 20, 2022). ko:'오징어게임' 이유미, 마음도 착하네..화상환자 위해 3백만원 상당 기부 (공식). MyDaily

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ কোৰিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লি ইউ-মি” প্ৰবন্ধৰ সংশোধন ৬০০৭৭৮ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।