অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জো হ্যে-জু

জো হ্যে-জু (কোৰিয়ান: 조혜주; জন্ম ১৮ এপ্ৰিল, ১৯৯৫) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১৭ চনত ৱেডিং চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁ ২০১৯ চনৰ ধাৰাবাহিক Search: WWW আৰু ২০২০ চনৰ যৌৱন-ভিত্তিক টেলিভিছন ধাৰাবাহিক এ লাভ ছ' বিউটিফুলত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জো হ্যে-জু (কোৰিয়ান: 조혜주; জন্ম ১৮ এপ্ৰিল, ১৯৯৫) এগৰাকী দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী আৰু মডেল।১ তেওঁ ২০১৭ চনত ৱেডিং চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে।২ তেওঁ ২০১৯ চনৰ ধাৰাবাহিক Search: WWW আৰু ২০২০ চনৰ যৌৱন-ভিত্তিক টেলিভিছন ধাৰাবাহিক এ লাভ ছ' বিউটিফুলত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।৩৪

প্ৰাৰম্ভিক জীৱন

হ্যে-জুৰ জন্ম ১৮ এপ্ৰিল, ১৯৯৫ তাৰিখে দক্ষিণ কোৰিয়াত হয়। তেওঁ চুং-আং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৫৬

কেৰিয়াৰ

২০১৭–বৰ্তমান: মডেলিং আৰু অভিনয় জীৱনৰ আৰম্ভণি

জোয়ে ওয়াইজি এণ্টাৰটেইনমেণ্ট আৰু ওয়াইজি কে-প্লাছৰ অধীনত মডেল হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ ২০১৭ চনত ৱেডিং চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। ২০১৮ চনত তেওঁ ৱেব ধাৰাবাহিক জাষ্ট টু বোৰ্ড-ত বে ইয়-ছুল চৰিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰে। তেওঁ এ-টিন ধাৰাবাহিকতো বিশেষ উপস্থিতি আগবঢ়ায়। ইয়াৰ উপৰিও তেওঁ জাষ্ট ৱান বাইট আৰু জাষ্ট ৱান বাইট ২-ত দ্বিতীয় মুখ্য চৰিত্ৰত অভিনয় কৰে।৭৮

তেওঁ বিগ ইছ্যু আৰু হি ইজ চাইকোমেট্ৰিক ধাৰাবাহিকসমূহত বিশেষ উপস্থিতি আগবঢ়ায় আৰু মিছ এণ্ড মিছেছ কপছ চলচ্চিত্ৰতো অভিনয় কৰে। ছাৰ্চ: ডব্লিউডব্লিউডব্লিউ ৰোমান্টিক মেলোড্ৰামাত অভিনয় কৰাৰ পিছত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পায়।৯ ২০১৯ চনৰ ৯ জুনত মুক্তিপ্ৰাপ্ত কিম না-ইয়ংৰ “টু বি অনেষ্ট” সংগীত ভিডিঅ’ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰে।১০১১ পিছত তেওঁ দ্য মেন ষ্টেণ্ডিং নেক্সট চলচ্চিত্ৰ আৰু মেমোৰিষ্ট ধাৰাবাহিকত ইউ ছেউং-হোৰ ভগ্নীৰ চৰিত্ৰত বিশেষ উপস্থিতি আগবঢ়ায়।১২

ইয়াৰ পিছত ঘোষণা কৰা হয় যে তেওঁ এ লাভ সো বিউটিফুল ধাৰাবাহিকত কাং হা-ইয়ংৰ চৰিত্ৰত অভিনয় কৰিব, য’ত কিম ইয়ো-হান, সো জু-ইয়ন আৰু ইয়ো হো-হিউনৰ সৈতে অভিনয় কৰে।১৩১৪১৫ এই ধাৰাবাহিকখন ২০১৭ চনৰ চীনা ধাৰাবাহিক একে নামৰ ওপৰত আধাৰিত, যি টেনচেণ্ট ভিডিঅ'ত প্ৰচাৰিত হৈছিল আৰু ঝাও চিয়ানচিয়ানৰ উপন্যাস টু আৱাৰ পিয়ৰ লিটিল বিউটিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল।১৬

ফিল্ম'গ্ৰাফি

চলচ্চিত্ৰ

বছৰশিৰোনামচৰিত্ৰটোকাRef.
২০১৭ৱেডিংছং হুনৰ কইনা১৭
২০১৯মিছ এণ্ড মিছেছ কপছছু-বিনবিশেষ উপস্থিতি১৮১৯
২০২০দ্য মেন ষ্টেণ্ডিং নেক্সটবিশ্ববিদ্যালয় ছাত্ৰী২০

পুৰস্কাৰ আৰু মনোনয়ন

+ পুৰস্কাৰ অনুষ্ঠান, বছৰ, শাখা, মনোনীত কৰ্ম আৰু ফলাফলপুৰস্কাৰ অনুষ্ঠানবছৰশাখামনোনীত কৰ্মফলাফলRef.
এছবিএছ ড্ৰামা এৱাৰ্ডছ২০২৩মিনিচিৰিজ ৰোমাঞ্চ/কমেডি নাটকত উৎকৃষ্ট অভিনেত্ৰী পুৰস্কাৰদ্য ছিক্ৰেট ৰোমান্টিক গেষ্টহাউচ২১

তথ্যসূত্ৰ

  1. ↑ YG KPLUS. ygkplus.com
  2. ↑ Jo Hye-joo (조혜주, Korean actress). HanCinema
  3. ↑ (August 10, 2020). ko:조혜주, '아름다웠던 우리에게' 캐스팅! 걸크러시 여고생 변신. YTN
  4. ↑ (January 8, 2021). ko:'아름다웠던 우리에게' 조혜주, 당찬 의리녀vs수줍 소녀 반전 매력 폭발!. YTN
  5. ↑ ko:조혜주:탤런트. Naver
  6. ↑ ko:조혜주. 다음영화
  7. ↑ (February 28, 2019). ko:(공식입장) 조혜주, '한입만 시즌2' 희숙 역으로 캐스팅..3월 9일 첫 방송. Topstarnews
  8. ↑ (February 28, 2019). ko:조혜주 또 본다, 웹드 '한입만 시즌2' 캐스팅(공식). Naver
  9. ↑ (May 2, 2019). ko:(공식) 조혜주, tvN '검색어를 입력하세요 WWW' 합류.'인기 BJ' 변신. Naver
  10. ↑ (June 12, 2019). ko:조혜주, 김나영의 '솔직하게 말해서 나' MV서 '첫사랑 이미지 발산'. Naver
  11. ↑ (June 12, 2019). ko:조혜주, 김나영의 '솔직하게 말해서 나' 뮤직비디오에서 다채로운 매력 뽐내. Naver
  12. ↑ (May 1, 2019). ko:'메모리스트' 조혜주, '지우개' 어린시절 시선강탈 "소중한 기회 감사". slist.kr
  13. ↑ (February 21, 2021). ko:'아름다웠던 우리에게' 10대→2040 사랑받았다.누적 3700만뷰 기록. Naver
  14. ↑ (December 29, 2020). ko:'아름다웠던 우리에게' 조혜주, 정의감→박력美..화끈한 존재감. Naver
  15. ↑ (December 29, 2020). ko:조혜주, '그 여학생, 걸크러쉬~'. Naver
  16. ↑ Mo Siqige. (December 19, 2017). 网剧《致我们单纯的小美好》收官 胡一天人气急升. Guangzhou Daily. Xinhua News Agency
  17. ↑ (April 17, 2019). ko:(웹무비) 결혼식 2017 / 손호준,손석구,조혜주
  18. ↑ (September 22, 2018). (TEN 한복 인터뷰) '한입만'→'걸캅스' 조혜주 "'마블' 슈퍼 히어로가 되고 싶어요". Naver
  19. ↑ (September 29, 2018). (bnt's pick) 실물이 더 아름다운, 세상에 단 하나뿐인 조혜주. bntnews
  20. ↑ JO Hye-joo. Korean Film Biz Zone
  21. ↑ Lee, Ha-na. (December 30, 2023). ko:상도 쪼개고 권위도 쪼개고,이제훈X김태리 공동 대상→신인상 7명(SBS 연기대상①). Newsen

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ কোৰিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জো হ্যে-জু” প্ৰবন্ধৰ সংশোধন ৬০০৭৬৯ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।