অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

গ্ৰহাণু

গ্ৰহাণু হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি। সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্থান মঙল আৰু বৃহস্পতিৰ মাজত। এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে। ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৪ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

গ্ৰহাণু হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি। সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্থান মঙল আৰু বৃহস্পতিৰ মাজত। এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে। ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ। আন কেইটামান গ্ৰহানু হ'ল: আটেনছ, এপ'লোছ,এম'ৰ্ছ, ফ্ল'ৰা, থেমিছ আদি।

পৃথিৱীৰ সৈতে সংঘৰ্ষ

বিজ্ঞানীসকলে ধাৰণা কৰা মতে প্ৰায় পয়ষষ্ঠি নিযুত বছৰ আগতে মেক্সিকোৰ উপকূলীয় অঞ্চলত আনুমানিক ১৪.৫ কিঃমিঃ ব্যাসাৰ্ধৰ এটি গ্ৰহাণুৱে প্ৰচণ্ড বেগেৰে খুন্দা মাৰিছিল। ফলত বিশাল পৰিমাণৰ ধোঁৱা-ছাইয়ে আকাশ ছানি ধৰাৰ ফলত তাপমাত্ৰা বহু তললৈ নামি গৈছিল আৰু তাতে থকা ডাইন'ছৰবোৰৰ মৃত্যু ঘটিছিল। ১৯০৮ গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষত ৰাছিয়াৰ ছাইবেৰিয়া অঞ্চলৰ প্ৰায় ২১৫০ বৰ্গকিঃমিঃ অঞ্চলৰ গছ-বন জ্বলি ছাৰখাৰ হৈ গৈছিল। ২০১৩চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৰাছিয়া চেলীয়া বিনস্ক চহৰত ২০ মিটাৰ পতিত হোৱাৰ ফলস্বৰূপে ১৬০০ মানুহ আহত হোৱাৰ লগতে ৭৩০০টা অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছিল। গ্ৰহাণুটোৰ শক্তিৰ পৰিমাণ হিৰোশ্বিমাত পেলোৱা পাৰমাণৱিক বোমাতকৈ ৩৩ গুণ অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ ড° বিপিন বৰা,সাদিন,২ অক্টোবৰ,২০১৫

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰহাণু” প্ৰবন্ধৰ সংশোধন ৪০৬১৯৯ (১৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।