অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ব্যাস (জ্যামিতি)

জ্যামিতিত বৃত্তৰ ব্যাস (Diameter) হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়।

হালনাগাদ: ৩ জানুৱাৰী ২০২১ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জ্যামিতিত বৃত্তৰ ব্যাস (Diameter) হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো গ্ৰীক ভাষাৰ διάμετρος (diametros) শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত δια- (dia-) ৰ অৰ্থ হ'ল "across, through" আৰু μέτρον (metron)ৰ অৰ্থ হ'ল "a measure। "১

অধিক ব্যৱহাৰিক ক্ষেত্ৰত এই সৰলৰেখাৰ দৈৰ্ঘ্যক (মাপক) ব্যাস বোলা হয়, কিয়নো যিকোনো এটা বৃত্তৰ সকলো ব্যাসৰ দৈৰ্ঘ্যৰ মাপেই সমান, এই মাপ বৃত্তটোৰ ব্যাসাৰ্ধৰ দুগুণ। ই বৃত্তৰ পৰিধিৰ কোনো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ হ'ব পৰা দূৰত্বৰ সৰ্বোচ্ছ মান।২ গোলক এটাৰ পৃষ্ঠৰ দুটা বিন্দুৰ মাজৰ সৰ্বোচ্ছ দুৰত্বকো ব্যাস বুলি কোৱা হয়। বৃত্তৰ ব্যাস d আৰু পৰিধি C হ'লে C=πd.

তথ্যসূত্ৰ

  1. ↑ Online Etymology Dictionary
  2. ↑ Diameter. mathworld.wolfram.com

সম্পৰ্কিত শ্ৰেণী

জ্যামিতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যাস (জ্যামিতি)” প্ৰবন্ধৰ সংশোধন ২৫৭৫৫৭ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।