অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফ্লেক্সাগন

ফ্লেক্সাগন এবিধ আমোদজনক আৰু বৈশিষ্ট্যপূৰ্ণ জ্যামিতিক চানেকি৷ ইয়াক মূলতঃ কাগজৰ টুকুৰাৰে প্ৰস্তুত কৰা হয়৷ ফ্লেক্সাগনবোৰৰ মূল বৈশিষ্ট্য হৈছে- ইয়াক ভাঁজ কৰিলে ইয়াৰ সন্মুখ আৰু পিছফালটোৰ বাহিৰেও আন ফাল বা পিঠি পাব পাৰি৷ এনেদৰে নতুনকৈ পোৱা ফাল বা পিঠিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ফ্লেক্সাগনবোৰক কেবাটাও…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৩১
সংশোধনৰ পৰামৰ্শ

ফ্লেক্সাগন এবিধ আমোদজনক আৰু বৈশিষ্ট্যপূৰ্ণ জ্যামিতিক চানেকি৷ ইয়াক মূলতঃ কাগজৰ টুকুৰাৰে প্ৰস্তুত কৰা হয়৷ ফ্লেক্সাগনবোৰৰ মূল বৈশিষ্ট্য হৈছে- ইয়াক ভাঁজ কৰিলে ইয়াৰ সন্মুখ আৰু পিছফালটোৰ বাহিৰেও আন ফাল বা পিঠি পাব পাৰি৷ এনেদৰে নতুনকৈ পোৱা ফাল বা পিঠিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ফ্লেক্সাগনবোৰক কেবাটাও ভাগত ভগোৱা হৈছে৷

ফ্লেক্সাগনবোৰ সাধাৰণতে বৰ্গাকৃতি, আয়তাকৃতি বা ষড়ভুজাকৃতিৰ হয়৷ আৰ্থাৰ এইচ. ষ্ট’ন নামৰ ব্ৰিটিছ গৱেষক ছাত্ৰজনে ১৯৩৯ চনত এই আকৰ্ষণীয় জ্যামিতিয় চানেকিটো আৱিষ্কাৰ কৰিছিল৷ পিছলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত তেওঁৰ তিনি সহপাঠী ব্ৰায়াণ্ট টাকাৰমেন, ৰিচাৰ্ড ফাইনমেন আৰুজন টুকী এই নতুন চানেকিটোৰ প্ৰতি আকৃষ্ট হ’ল আৰু তেওঁলোকে এই চানেকিটোৰ বিকাশসাধন তথা বৈশিষ্ট্যবোৰ নিৰূপণ কৰিবলৈ "প্ৰিন্সটন ফ্লেক্সাগন কমিটি" নামৰ সমিতি এখন গঠন কৰিলে৷

বিনোদনধৰ্মী গণিতৰ প্ৰসিদ্ধ লেখক মাৰ্টিন গাৰ্ডনাৰে ১৯৫৬ চনৰ চায়েণ্টিফিক আমেৰিকান-ৰ স্তম্ভত ফ্লেক্সাগনৰ বিষয়ে লিখি এই চানেকিবিধ জনসাধাৰণৰ মাজত চিনাকি কৰি দিয়াত ডাঙৰ ভূমিকা লৈছিল৷১ সম্প্ৰতি ফ্লেক্সাগন এবিধ অতি জনপ্ৰিয় বিনোদনমূলক গণিতৰ আহিলা আৰু শিশুসকলৰ বাবে আকৰ্ষণীয় খেলনা সামগ্ৰী৷

তথ্যসূত্ৰ

  1. ↑ Gardner, Martin. (December 1956). Flexagons. Scientific American. পৃ. 162–168

সম্পৰ্কিত শ্ৰেণী

জ্যামিতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্লেক্সাগন” প্ৰবন্ধৰ সংশোধন ৬২৪৩৯১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।