ৰিয়াজ আহমেদ খান (ரியாஸ் கான், റിയാസ് ഖാന്) ভাৰতৰ এজন চলচ্চিত্ৰ অভিনেতা। তেওঁ কেইবাখনো তামিল, মালায়ালম, তেলুগু, আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ বালাচন্দ্ৰ মেননে পৰিচালনা কৰা 'চুগম চুগকৰম' বোলছবিত অভিনয়েৰে আত্মপ্ৰকাশ কৰিছিল। পাছলৈ তেওঁ তামিল আৰু তেলুগু বোলছবিত অভিনয় কৰিবলৈ লয়। বহু বছৰ পাছত তেওঁ মোহনলালৰ লগত Balettan ছবিত অভিনয়েৰে মালায়ালম বোলছবি জগতলৈ ঘূৰি আহে। Balettan (২০০৩), ৰান্ৱে' (২০০৪), ষ্টালিন (তেলুগু), তিৰুপতি, গজিনি, ৱিনাৰ, বাবা, ৰামনা আদি তেওঁৰ উল্লেখযোগ্য বোলছবি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়াজ খান” প্ৰবন্ধৰ সংশোধন ২৪৪৪৭৭ (২৪ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।