
ডাব্বাৱালা (বা পূৰ্বৰ টিফিনৱালা) ভাৰতবৰ্ষৰ বিশেষকৈ মুম্বাই মহানগৰীৰ বিভিন্ন কৰ্মস্থলীত কৰ্মৰত কৰ্মচাৰীসকললৈ ঘৰ বা ৰেষ্টুৰেণ্টৰপৰা টিফিন বাকচত দুপৰীয়াৰ আহাৰ কঢ়িওৱা একশ্ৰেণী মানুহ বা এক ব্যৱস্থা। খোৱা খাদ্যৰে পৰিপূৰ্ণ টিফিন বাকচবোৰ ডাব্বাৱালাসকলে পুৱাবেলা সংগ্ৰহ কৰি চাইকেল, থেলা আৰু লোকেল ট্ৰেনেৰে নিৰ্দিষ্ট কৰ্মস্থলীলৈ প্ৰেৰণ কৰে আৰু খালী টিফিন বাকচবোৰ আবেলি পুনৰ যি ঘৰৰ পৰা সেইবোৰ অনা হৈছিল, তালৈ ঘূৰাই পঠিয়ায়। ডাব্বাৱালাসকলক মুম্বাইৰ বহু খাদ্য যোগানকাৰীয়ে কেন্দ্ৰীয় ৰন্ধনশালাৰপৰা খাদ্য-সামগ্ৰী গ্ৰাহকৰ ওচৰলৈ কঢ়িয়াই নিবলৈয়ো ব্যৱহাৰ কৰে, যাৰ বাবে তেওঁলোকক উপযুক্ত পাৰিশ্ৰমিক আগবঢ়োৱা হয়।১ ২০১৩ চনৰ বলীউডী চিনেমা দ্য লাঞ্চবক্স ডাব্বা পৰিসেৱাৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।
উৎপত্তি
১৮৯০ চনত মহাদু হাৱজী বচ্চেই তেতিয়াৰ বোম্বেত প্ৰায় এশজন মানুহলৈ টিফিন বাকচ কঢ়িয়াই নিয়া এক সেৱা আৰম্ভ কৰে।২ ১৯৩০ চনত তেওঁ অনানুষ্ঠানিকভাবে ডাব্বাৱালসকলক সংঘবদ্ধ কৰিবলৈ প্ৰচেষ্টা চলায়। পিছলৈ ১৯৫৬ চনত “নুতন মুম্বাই টিফিন বক্স চাপ্লায়াৰ্চ ট্ৰাষ্ট” নামেৰে এক দাতব্য অনুষ্ঠান পঞ্জীয়ন কৰা হয়।৩ এই অনুষ্ঠানৰ ব্যৱসায়িক শাখাটো ১৯৬৮ত “মুম্বাই টিফিন বক্স চাপ্লায়াৰ্চ এচোছিয়েচন” নামেৰ পঞ্জীভূক্ত হয়।৪৩৩
১৮৯০ চনত ব্ৰিটিছৰাজৰ সময়ত বিশেষ প্ৰয়োজনত এই পৰিসেৱা আৰম্ভ হৈছিল। কৰ্ম সংস্থাপনৰ তাগিদাত অসংখ্য লোক সেই সময়ৰ বিশাল মহানগৰীখনলৈ প্ৰব্ৰজন কৰিছিল, য'ত ফাষ্টফুদৰ সংস্কৃতি তেতিয়া আৰম্ভ হোৱা নাছিল আৰু অফিচ কেণ্টিনবোৰে কিছু পৰিমাণে কৰ্মচাৰীসকলৰ দুপৰীয়াৰ ক্ষুধা নিবাৰণৰ ব্যৱস্থা কৰিছিল। প্ৰকৃততে কৰ্মচাৰীসকলৰ দুপৰীয়াৰ ক্ষুধা নিবাৰণৰ এক নিশ্চিত কাৰ্যকৰী ব্যৱস্থা সেইসময়ত নাছিল। বহুতো কৃষিজীৱী লোকে কৃষিকৰ্মৰ যোগে জীৱিকা নিৰ্বাহ কৰিব নোৱাৰি কামৰ আশাত বিভিন্ন নগৰলৈ গমন কৰিছিল। পৰ্যাপ্ত শিক্ষা নথকাৰ গুণে তেওঁলোক ব্ৰিটিছ চৰকাৰৰ অধীনস্থ কেৰাণী-মহৰীৰ চাকৰিৰ বাবে উপযুক্ততা নাছিল; কিন্তু কষ্টকৰ কাম কৰিবলৈ শাৰীৰিকভাবে তেওঁলোক যথেষ্ট সক্ষম আছিল। ফলস্বৰূপে ঘৰতে তৈয়াৰ কৰা খাদ্য বিভিন্ন কৰ্মস্থানত নিয়োজিত কৰ্মচাৰীসকলৈ কঢ়িয়াই নিয়াৰ ধাৰণাৰ জন্ম হ'ল।
বুৎপত্তি


ডাব্বা মানে সাধাৰণতে এটা টিন বা এলুমিনিয়ামৰ তৈয়াৰী খাদ্য কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা ঘূৰণীয়া পাত্ৰক বুজায়। ইয়াত "ৱালা" পৰসৰ্গ লগাই "ডাব্বাৱালা" কৰা হৈছে। ডাব্বা বা টিফিন বাকচ কঢ়িয়াই নিয়া লোকজনকে ডাব্বাৱালা বোলা হয়।৫
কৰ্ম-পদ্ধতি
টিফিন বাকচবোৰ ভিন-ভিন উপায়ে চিহ্নিত কৰা হয়:৬
- সংগ্ৰহ কৰা স্থানৰ নামৰ সংক্ষিপ্ত ৰূপ
- যিটো ষ্টেচনৰ পৰা গতি আৰম্ভ কৰিব, তাৰবাবে সুকীয়া সুকীয়া ৰঙৰ ব্যৱহাৰ
- যিটো ষ্টেচনত টিফিন বাকচ নামিব, তাৰ বাবে সুকীয়া নম্বৰ
- বিতৰণৰ দায়িত্বত থকা ডাব্বাৱালাৰ বাবে নিৰ্দিষ্ট চিহ্ন।
প্ৰতিজন ডাব্বাৱালাই নিজাকৈ কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ নিম্নতম ধন বিনিয়োগ কৰবলগীয়া হয়; যেনে দুখন চাইকেল, টিফিন বাকচসমূহ মূৰেৰে কঢ়িয়াই নিবলৈ কাঠেৰে তৈয়াৰী এখন সাঙী, বগা কপাহী কুৰ্টা-পায়জামা আৰু এটা বগা গান্ধী টুপি। অনুপস্থিতি, ইউনিফৰ্ম নিপিন্ধা, মদ আৰু ধঁপাত সেৱনৰ বাবে জৰিমনা দিবলগীয়া হয়।৭
সংগ্ৰহৰ দায়িত্বত থকা ডাব্বাৱালাসকলে সাধাৰণতে চাইকেলেৰে ঘৰে-ঘৰে বা দুপৰীয়াৰ আহাৰ তৈয়াৰ কৰা প্ৰতিষ্ঠানৰ পৰা ডাব্বাবোৰ সংগ্ৰহ কৰে। গৰিষ্ঠ সংখ্যক ডাব্বাৱালাৰ শিক্ষা-দিক্ষা কম বাবে (ডাব্বাৱালাসকলৰ গড় শিক্ষা অষ্টম শ্ৰেণী)৮), ডাব্বাবোৰ ৰং আৰু চিহ্নৰ সমষ্টিৰে চিহ্নিত কৰা হয়।৯১০১১১২
তাৰপিছত এটা অঞ্চলৰ ডাব্বাৱালাসকল লগ হৈ সকলো ডাব্বা লক্ষ্যস্থান অনুসৰি ভাগ-ভাগ কৰি উলিয়ায় আৰু সেইবোৰ চিহ্নিত কৰি লোকেল ট্ৰেইনেৰে লক্ষ্যস্থানলৈ পঠিয়াই দিয়ে। এইবোৰ কঢ়িওৱাৰ বাবে সাধাৰণতে ট্ৰেইনত সুকীয়া ডবা থাকে। কিন্তু কিছুমান আধুনিক পৰিসেৱা, যেনে নবী মুম্বাই মেট্ৰোত টিফিন বাকচ কঢ়িওৱাৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই।১৩
প্ৰতিটো ষ্টেচনতে টিফিন বাকচবোৰ ঠিকনা অনুসৰি বিতৰণ কৰিবলৈ তাৰে স্থানীয় ডাব্বাৱালাসকলক চমজাই দিয়ে। খালী বাকচবোৰ খোৱা হোৱাৰ পিছত বা পিছদিনা সংগ্ৰহ কৰি পুনৰ নিজৰ নিজৰ ঘৰলৈ ওভতাই পঠিয়ায়। ডাব্বাৱালাসকলক এচ এম এচৰ যোদেদিও ডাব্বা ডেলিভাৰীৰ অনুৰোধ পঠিয়াব পাৰি।১৪
সংঘবদ্ধ সংস্কৃতি


বেছিভাগ ডাব্বাৱালাই মহাৰাষ্ট্ৰৰ এক ধৰ্মীয় সম্প্ৰদায় বাৰকৰী সম্প্ৰদায়ৰ, ইজনে সিজনৰ লগা-ভগা আৰু পুনেৰ ওচৰৰ গাঁও এখনৰ পৰা অহা।১৫১৬ প্ৰতি মাৰ্চ মাহত পাঁচদিন ডাব্বা বিতৰণ বন্ধ ৰাখি তেওঁলোকে গাঁৱৰ এক বাৰ্ষিক উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ঘৰলৈ যায়।১৭১৮১৯২০২১
অৰ্থনৈতিক বিশ্লেষণ
২০০২ৰ তথ্য অনুসৰি এজন ডাব্বাৱালাই এইটো জীৱিকাত অংশগ্ৰহণ কৰিবলৈ ডাব্বাৱালা সংস্থাক ৩০০০০ টকাৰ বৰঙনি আগবঢ়াবলগীয়া হয়। বিনিময়ত তেওঁলোকে মাহে লাভ কৰে প্ৰায় পাঁচ হাজাৰ টকা আৰু এক আজীৱন সংস্থাপন। সপ্তাহত ছয়দিনকৈ ডাব্বা কঢ়িওৱাৰ বাবদ তেওঁলোকে ১৫০ টকাকৈ মাহেকীয়া মাচুল লয়।২২২৩২৪
প্ৰায়ে দাবী কৰা হয় যে প্ৰতি ৬ নিযুত ডাব্বা বিতৰণত ডাব্বাৱালাই ১টাতকৈও কম ভুল কৰে। অৱশ্যে এয়া কোনো পদ্ধতিগত অধ্যয়নৰ ফলাফল নহয়; "মুম্বাই টিফিন মেনচ্ এছোচিয়েচন"ৰ সভাপতি ৰঘুনাথ মেড়গেই ১৯৯৮ চনত "ফোৰ্বচ্" আলোচনীৰ ফাষ্টফুদ বিষয়ৰ শীৰ্ষস্থানীয় লেখক সুব্ৰত চক্ৰৱৰ্তীক দিয়া এক হিচাপহে। মেড়গেৰ মতে ডাব্বাৱালাই অতি কমেহে ভুল কৰে; দুই মাহত এটামান। ১৫২৫২৬২৭
ডাব্বাৱালা ব্যৱসায়টো বছৰি ৫-১০ শতাংশ হাৰে বৃদ্ধি হৈ আহিছে বুলি ২০০৭ চনত দ্য নিউয়ৰ্ক চাইমচত প্ৰকাশ পায়।
২০১১ চনত ১২০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ডাব্বাৱালাসকলে আন্না হাজাৰেই দুৰ্নীতিৰ বিৰূদ্ধে অভিযানৰ সমৰ্থনত আজাদ ময়দানৰ এটা ৰেলীত যোগদান কৰিবলৈ হৰতাল কৰে।২৮
অধ্যয়ন আৰু স্বীকৃতি
ডাব্বাৱালাসকলৰ বিষয়ে বিভিন্ন অধ্যয়ন:
- ২০০১ চনত পৱন জি. আগৰৱালাই "A Study & Logistics & Supply Chain Management of Dabbawala in Mumbai" শীৰ্ষক বিষয়ত তেওঁৰ পি.এইচ.ডি গৱেষণা সম্পন্ন কৰে। বিভিন্ন মঞ্চত তেওঁ ডাব্বাৱালাৰ দক্ষতা সম্পৰ্কীয় ফলাফলসমূহ উপস্থাপন কৰিছে।২৯
- ২০০৬ চনত আহমেদাবাদৰ ভাৰতীয় প্ৰবন্ধ সংস্থানে (IBM, Ahmedabad) মুম্বাইৰ ডাব্বাৱালাৰ সৰবৰাহ ব্যৱস্থাপনা সংক্ৰান্তত এক অধ্যয়ন চলাইছিল।৩০
- ২০১০ চনত হাৱাৰ্ড বিজিনেচ স্কুলে ডাব্বাৱালা সংগঠনৰ উচ্চ পৰ্যায়ৰ সেৱা দক্ষতা কিন্ত কম খৰচী আৰু সহজ-সৰল পদ্ধতিৰ বিযয়ে The Dabbawala System: On-Time Delivery, Every Time শীৰ্ষক এক অধ্যয়ন চলাইছিল।৩১
- ২০১৪ত "A Cross-Cultural Study of the Literacy Practices of The Dabbawalas: Towards a New Understanding of Non-mainstream Literacy and its Impact on Successful Business Practices" শীৰ্ষক বিষয়ত উমা এচ. কৃষ্ণনে তেওঁ পি.এইচ.ডি. গবেষনাৰ কাম সমূৰ্ণ কৰে।৩২
অধিক জানিবলৈ পঢ়ক
- Shekhar Gupta, Our computer is our head and our Gandhi cap is the cover to protect it from the sun or rain, Indian Express, Walk the Talk, NDTV 24x7.
- Hart, Jeremy. (2006-03-19). The Mumbai working lunch. The Independent Online. The Independent group, London
- (2005-04-05). Indian lunchbox carriers to attend the Royal nuptials. Evening Standard (London). Associated Newspapers Ltd
- Mumbai's Dabbawala: The Uncommon Story of the Common Man, Shobha Bondre. tr. Shalaka Walimbe. OMO Books, 2011. .
- The Dabbawala System: On-Time Delivery, Every Time, by Stefan H. Thomke and Mona Sinha, Harvard Business School Case Study, February 2010 (Revised January 2013)
তথ্যসূত্ৰ
- ↑ (16 February 2014). In Pictures: Tiffin time in Mumbai. BBC news
- ↑ Bombay Dabbawalas go high-tech. Physorg.com
- ↑ Roncaglia, Sara. (1 January 2013). Feeding the city: work and food culture of the Mumbai dabbawalas. OpenBook Publishers
- ↑ Nair, Supriya. The Tiffin History of Mumbai - Livemint. www.livemint.com
- ↑ Pathak R.C. (1946, Reprint 2000). The Standard Dictionary of the Hindi Language, Varanasi: Bhargava Book Depot, pp.300,680
- ↑ Thakker, Pradip. Mumbai's amazing dabbawalas. specials.rediff.com
- ↑ TEDx Talks. (24 February 2011). TEDxSSN - Dr. Pawan Agrawal - Mumbai Dabbawalas
- ↑ Agrawal, Dr. Pawan. Dabbawallahs - A talk by Dr. Pawan Agrawal. Ted X SSN Talks. You Tube
- ↑ magazine, Works That Work. Dabbawallas: Delivering Excellence by Meena Kadri (Works That Work magazine). worksthatwork.com
- ↑ PTI. (13 July 2014). NDMC launches new project to make unemployed women self-reliant. thehindubusinessline.com
- ↑ Bureau, Our. (20 July 2012). Taking the story of Mumbai's dabbawalas to IIM Calcutta. thehindubusinessline.com
- ↑ PTI. (2 June 2013). Mumbai dabbawalas to share success mantra in Dubai. thehindubusinessline.com
- ↑ Ramper, Johnny. Dabbawalas: Preserving Tradition in Modern India. Z.E.N. Foods
- ↑ BBC NEWS - Business - India's tiffinwalas fuel economy. news.bbc.co.uk
- ↑ Indian Summer Festival Canada. (23 July 2014). Lunchbox Legends: The Dabbawalas of Mumbai at Indian Summer Festival Vancouver
- ↑ Parmar, Beena. (2 July 2014). Mumbai's dabbawalas up delivery charges by ₹100. thehindubusinessline.com
- ↑ Bureau, Our. (26 November 2013). More lunch box ladies to deliver food cooked with love. thehindubusinessline.com
- ↑ Bureau, Our. (2 April 2014). Dabbawalas to deliver WHO’s word. thehindubusinessline.com
- ↑ nomadlife - an international nomads community. wayback.archive.org
- ↑ DINODIA Photo Library - The largest collection of Indian photographs online. wayback.archive.org
- ↑ BBC NEWS - South Asia - Tiffin time for Charles and Camilla. news.bbc.co.uk
- ↑ Harding, Luke. (24 June 2002). A Bombay lunchbox
- ↑ PTI. (2 July 2014). ‘Dabbawalas’ hike delivery charges to meet rising inflation. thehindubusinessline.com
- ↑ Upper Crust::: India's food, wine and style magazine. wayback.archive.org
- ↑ The Guardian. A Bombay lunchbox (24 June 2002)
- ↑ Chakravarty, Subrata N. "Fast food." Forbes. 10 Aug. 1998. Forbes Magazine. 21 Sept. 2013 www.forbes.com/global/1998/0810/0109078a.html
- ↑ Pathak, Gauri Sanjeev. "Delivering the Nation: The Dabbawalas of Mumbai." South Asia: Journal of South Asian Studies 33.2 (2010): 235-257
- ↑ Sheth, Priya; Ganguly, Nivedita. (18 August 2011). Dabbawalas to strike for the first time in 120 years. The Hindu Business Line
- ↑ Dr. Pawan Agrawal. Kaizer
- ↑ Ravichandran, N. (1 September 2005). World class logistics operations: The case of Bombay dabbawallahs. Indian Institute of Management
- ↑ Thomke, Stefan H.; Sinha, Mona. (February 2010). The Dabbawala System: On-Time Delivery, Every Time (Case 610-059). Harvard Business School
- ↑ S, Krishnan, Uma. (1 January 2014). A Cross Cultural Study of the Literacy Practices of the Dabbawalas: Towards a New Understanding of Nonmainstream Literacy and its Impact on Successful Business Practices. ohiolink.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাব্বাৱালা” প্ৰবন্ধৰ সংশোধন ৬৩৩৫১৩ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।