বৰফৰ স্তুপ এক হিমবাহৰ গ্ৰাফ্টিং কৌশলৰ ফচল যিয়ে কৃত্ৰিম হিমবাহ সৃষ্টি কৰে, আৰু ইয়াক শীতকালীন পানী (যি অন্যথা অব্যৱহৃত হৈ থাকিব) শংকু আকৃতিৰ বৰফৰ স্তুপ আকাৰত সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। গ্ৰীষ্মকালত যেতিয়া পানীৰ অভাব হয়, তেতিয়া বৰফ গলি শস্যৰ বাবে পানীৰ যোগান বৃদ্ধি পায়।১ জলসিঞ্চনৰ বাবে পানী চেনেলিং আৰু ফ্ৰীজিং কৰা শ শ বছৰ ধৰি চলি আহিছে। ভাৰতৰ লাডাখত সোনম ৱাংচুকে ইয়াক পুনৰ উদ্ভাৱন আৰু জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। লাডাখৰ ছাত্ৰ শৈক্ষিক আৰু সাংস্কৃতিক আন্দোলন এন জি অ’ৰ উদ্যোগত এই প্ৰকল্পটো হাতত লৈছে। ২০১৩ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা এই পৰীক্ষামূলক প্ৰকল্পটো ২০১৪ চনৰ জানুৱাৰী মাহৰপৰা দ্য আইচ স্তুপ প্ৰজেক্ট নামৰ প্ৰকল্পটোৰে আৰম্ভ হৈছিল। ২০১৬ চনৰ ১৫ নৱেম্বৰত বৰফৰ স্তুপৰ কামৰ বাবে সোনম ৱাংচুকে এণ্টাৰপ্ৰাইজৰ বাবে ৰলেক্স বঁটা লাভ কৰে। ৱাংচুকৰ প্ৰথম বৰফৰ স্তুপৰ পিছৰেপৰা এই অঞ্চলত এক ডজনতকৈও অধিক বৰফৰ স্তুপ নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ২.৫ কোটি লিটাৰতকৈও অধিক পানী পোৱাৰ ব্যৱস্থা কৰা হৈছে।১

লাডাখ এখন শীতল মৰুভূমি য’ত জমা মাটি আৰু কম বায়ুৰ উষ্ণতাৰ বাবে শীতকালত কৃষি কাৰ্য নহয়। বসন্ত কালত বীজ সিঁচাৰ বাবে পানীৰ প্ৰয়োজন বাঢ়ি যায়, একে সময়তে নৈবোৰ শুকাই যায়। বছৰি ৫০ মিলিমিটাৰ (২.০ ইঞ্চি)তকৈ কম বৰষুণৰ ফলত লাডাখৰ কৃষি কেৱল বৰফ আৰু হিমবাহৰ গলিত পানীৰ ওপৰত নিৰ্ভৰশীল। জলবায়ু পৰিৱৰ্তনৰ বাবে এই অঞ্চলত বৰফৰ গলনাংক বৃদ্ধি পোৱাৰ লগে লগে গ্ৰীষ্মকাল অধিক হয়, লগতে গলনাংকৰ সময় আৰু বৰষুণৰ পৰিৱৰ্তন ঘটে। তাৰ পিছত বসন্ত কালত পানীৰ অভাৱ বেছি হয়, যাৰ ফলত কৃষি আৰু খাদ্য যোগানত প্ৰভাৱ পৰে।২৩৪
মে’ মাহত সোনম ৱাংচুকে এখন দলঙৰ তলত বৰফ লক্ষ্য কৰিছিল। গ্ৰীষ্মকালীন উষ্ণতা আৰু লাডাখৰ সৰ্বনিম্ন উচ্চতাত থকাৰ পিছতো প্ৰত্যক্ষ সূৰ্যৰ পোহৰত নথকাৰ বাবে বৰফ গলি যোৱা নাছিল। ৱাংচুকে উপলব্ধি কৰিলে যে লাডাখত বৰফ বেছি দিন টিকি থাকিব পাৰে যদিহে ইয়াক ৰ’দৰপৰা ৰক্ষা কৰি ছাঁ দিব পৰা যায়। যিহেতু বৃহৎ পানীৰ অংশক ছাঁ দিয়া সম্ভৱ নাছিল, সেয়েহে ৱাংচুকে পানীক জমা কৰি শঙ্কুৰ আকৃতিত সংৰক্ষণ কৰাৰ কথা ভাবিছিল, যিয়ে সূৰ্যৰ ফালে ন্যূনতম পৃষ্ঠভাগ থকাৰ লগতে অধিক পৰিমাণৰ পানী ৰাখে।৩
২০১৩ চনৰ অক্টোবৰ মাহত সোণম ৱাংচুকে সূৰ্যৰপৰা কোনো ছাঁ নোহোৱাকৈ লেহত ১৫০,০০০ লিটাৰ (৪০,০০০ ইউ এছ গেল) জমা কৰি ৬ মিটাৰ (২০ ফুট) উচ্চতাৰ বৰফৰ স্তুপ এটাৰ প্ৰট’টাইপ তৈয়াৰ কৰিছিল। মাধ্যাকৰ্ষণৰদ্বাৰা ওপৰৰপৰা পানী পাইপেৰে প্ৰেৰণ কৰা হৈছিল, বিদ্যুৎ বা যন্ত্ৰ-পাতি ব্যৱহাৰ নকৰাকৈ। ২০১৪ চনৰ ১৮ মে'লৈকে বৰফৰ স্তুপটো সম্পূৰ্ণৰূপে গলি যোৱা নাছিল, আনকি উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছ (৬৮ ডিগ্ৰী ফাৰেনহাইট)ৰ ওপৰত আছিল।২৩৪৫
লাডাখ অঞ্চলত বসন্ত কালত কৃষিৰ প্ৰয়োজনীয়তাৰ বাবে পানীৰ নাটনি হয়, যাৰ ফলত উপ-ক্ৰান্তীয় জলবায়ু অঞ্চলত খেতিৰ সময় আৰু অধিক সীমিত হয়।৫ শক্তি সংৰক্ষণৰ প্ৰয়োজন নোহোৱাকৈ লাডাখ অঞ্চলৰ প্ৰচুৰ বতাহ, জল আৰু সৌৰশক্তিৰ সম্ভাৱনাৰ এটা অংশ ব্যৱহাৰ কৰি বৰফৰ শংকু ব্যৱহাৰ কৰি শস্য, আৰ্কিড, বাগিছা আদিৰ বাবে সকলো খেতিযোগ্য মাটিত জলসিঞ্চন কৰিব পাৰি।৬
কৃত্ৰিম হিমবাহৰ প্ৰচাৰ আৰু জলসিঞ্চনৰ বাবে পানী ৰাহি কৰাৰ লক্ষ্যৰে ২০১৯ চনৰপৰা বৰফৰ স্তুপ নিৰ্মাণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।৭ ২০১৯ চনত ১২টা বৰফৰ স্তুপ আৰু ২০২০ চনত প্ৰায় ২৫টা বৰফৰ স্তুপ নিৰ্মাণ কৰা হয়।
তথ্যসূত্ৰ
- ↑ (2019-01-13). In Kashmir, An Ancient Solution Solves a New Problem. Global Press Journal
- ↑ Ice Stupas: Conserving water the 3 Idiots way. Forbes India
- ↑ Sonam Wangchuk Wins the Rolex Award. thewire.in/
- ↑ Ice Stupas: Water conservation in the land of the Buddha. indiawaterportal.org
- ↑ Ice Stupa - A Form of Artificial Glacier. Official website
- ↑ (10 February 2022). Artificial snow is nothing like the real stuff
- ↑ Villages in Ladakh compete for building artificial glaciers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰফৰ স্তুপ” প্ৰবন্ধৰ সংশোধন ৬১৭০৮২ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।