অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এঞ্জেলো মৰিঅণ্ডো

এঞ্জেলো মৰিঅণ্ডো (Angelo Moriondo; টুৰিন, ৬ জুন ১৮৫১ – মাৰেণ্টিনো, ৩১ মে' ১৯১৪) আছিল এজন উদ্ভাৱক। সাধাৰণতে ১৮৮৪ চনত আটাইতকৈ প্ৰাচীন এস্প্ৰেছ' মেচিনটোৰ পেটেণ্টৰ বাবে এঞ্জেলো মৰিঅণ্ডোক কৃতিত্ব দিয়া হৈছিল। তেওঁৰ মেচিনত ভাপ আৰু উতলা পানীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি কফি দক্ষতাৰে প্ৰস্তুত কৰা হৈছিল।

হালনাগাদ: ৩০ জুন ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এঞ্জেলো মৰিঅণ্ডো (Angelo Moriondo; টুৰিন, ৬ জুন ১৮৫১ – মাৰেণ্টিনো, ৩১ মে' ১৯১৪) আছিল এজন উদ্ভাৱক। সাধাৰণতে ১৮৮৪ চনত আটাইতকৈ প্ৰাচীন এস্প্ৰেছ' মেচিনটোৰ পেটেণ্টৰ বাবে এঞ্জেলো মৰিঅণ্ডোক কৃতিত্ব দিয়া হৈছিল।১ তেওঁৰ মেচিনত ভাপ আৰু উতলা পানীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি কফি দক্ষতাৰে প্ৰস্তুত কৰা হৈছিল। ২

এঞ্জেলো মৰিঅণ্ডো এটা উদ্যোগী পৰিয়ালত জন্মিছিল।৩ তেওঁৰ ককাকে এটা পানীয় প্ৰস্তুতকৰণ কোম্পানী প্ৰতিষ্ঠা কৰিছিল যাৰ ধাৰা তেওঁৰ পিতৃ জিয়াকোমোৱেও অব্যাহত ৰাখিছিল। পিছলৈ তেওঁ তেওঁৰ ভাতৃ আগষ্টিনো আৰু খুলশালীয়েক গাৰিগ্লিঅ'ৰ সৈতে সুপৰিচিত চকলেট কোম্পানী "মৰিঅণ্ডো এণ্ড গাৰিগ্লিঅ'" প্ৰতিষ্ঠা কৰে। এঞ্জেলোৱে চহৰৰ মাজমজিয়াত থকা পিয়াজা কাৰ্লো ফেলিচৰ গ্ৰেণ্ড-হোটেল লিগুৰে আৰু ভিয়া ৰোমাৰ গেলেৰিয়া নেচনেলত থকা আমেৰিকান বাৰ ক্ৰয় কৰিছিল।৪

প্ৰথম এস্প্ৰেছ’ মেচিন

এস্প্ৰেছ’ কফি মেচিনৰ প্ৰথম পেটেণ্ট (১৬ মে’, ১৮৮৫)।
এস্প্ৰেছ’ কফি মেচিনৰ প্ৰথম পেটেণ্ট (১৬ মে’, ১৮৮৫)।ছবি: Mr. Angelo Moriondo · Public domain

১৮৮৪ চনত টুৰিনৰ জেনেৰেল এক্সপ’ত মৰিঅণ্ডোৱে তেওঁৰ উদ্ভাৱন উপস্থাপন কৰে, য’ত তেওঁক ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। ১৮৮৪ চনৰ ১৬ মে'ত ছয় বছৰৰ বাবে এই পেটেণ্টটো "কফি পানীয়ৰ অৰ্থনৈতিক আৰু তৎক্ষণাত মিঠাই প্ৰস্তুত কৰাৰ নতুন ভাপ যন্ত্ৰ, পদ্ধতি ‘এ. মৰিঅণ্ডো’" শীৰ্ষক শিৰোনামেৰে প্ৰদান কৰা হয়। এই মেচিনটো নিৰ্মাণ কৰিছিল মাৰ্টিনা নামৰ এগৰাকী মিস্ত্ৰীয়ে, যিয়ে উদ্ভাৱকজনৰ প্ৰত্যক্ষ তত্বাৱধানত কাম কৰিছিল। ৫

ইয়াক ক্ৰমাগতভাৱে ২০ নৱেম্বৰ ১৮৮৪ চনত পেটেণ্টৰ সৈতে আপডেট কৰা হয়(খণ্ড ৩৪, নংঃ ৩৮১।৬ তাৰ পিছত ১৮৮৫ চনৰ ২৩ অক্টোবৰত পেৰিছত পঞ্জীয়ন কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পেটেণ্ট আবেদনৰ জৰিয়তে এই উদ্ভাৱনটো নিশ্চিত কৰা হয়। পৰৱৰ্তী বছৰবোৰত মৰিয়ণ্ডোৱে নিজৰ উদ্ভাৱনৰ ক্ষীপ্ৰ উন্নতি সাধন কৰি থাকে, আৰু প্ৰতিটো উন্নতিৰ বাবে পেটেণ্ট লাভ কৰে।৭

গেলেৰিয়া নেচনেলত আমেৰিকান বাৰ
গেলেৰিয়া নেচনেলত আমেৰিকান বাৰছবি: Mr. Angelo Moriondo · Public domain

মৰিঅণ্ডোৱে এই উদ্ভাৱনক কেতিয়াও ঔদ্যোগিক পৰিসৰৰ উৎপাদনলৈ লৈ যোৱা নাছিল।৬তেওঁ হস্তনিৰ্মিত কেইটামান যন্ত্ৰৰ নিৰ্মাণত নিজকে সীমাবদ্ধ কৰি ৰাখিছিল। এইবোৰ তেওঁ নিজৰ প্ৰতিষ্ঠানত সংৰক্ষণ কৰিছিল, আৰু নিশ্চিত হৈছিল যে এইটো তেওঁলোকৰ বাবে এক উল্লেখযোগ্য বিজ্ঞাপন।

কফিৰ ইতিহাসৰ বুৰঞ্জী লিখা ইয়ান বাৰ্ষ্টেনে এই যন্ত্ৰটোক "কফিৰ জৰিয়তে পৃথকে পৃথকে ভাপ আৰু পানীৰ যোগান নিয়ন্ত্ৰণ কৰা প্ৰথমটো ইটালীৰ বাৰ মেচিন" বুলি অভিহিত কৰিছে আৰু মৰিঅণ্ডোক "এস্প্ৰেছ' মেচিনৰ আটাইতকৈ প্ৰাচীন আৱিষ্কাৰকাৰীসকলৰ ভিতৰত "অন্যতম" বুলি আখ্যায়িত কৰিছে।৮ দৰাচলতে এই মেচিনটো প্ৰকৃত এস্প্ৰেছ’ মেচিনৰ দৰে নহয়। ই আছিল এটা বৃহৎ ব্ৰুয়াৰ, আৰু ব্যক্তিগত গ্ৰাহকৰ বাবে ইয়াত কফি প্ৰস্তুত কৰা নহৈছিল।

উত্তৰাধিকাৰ

২০২২ চনৰ ৬ জুনত চাৰ্চ ইঞ্জিন গুগলে মৰিঅণ্ডোক ১৭১ সংখ্যক জন্ম জয়ন্তীত ডুডলৰ জৰিয়তে স্মৰণ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Stamp, Jimmy. (19 June 2012). The Long History of the Espresso machine. Smithsonian
  2. ↑ Delprat, Sebastien Luc. (18 June 2021). Angelo Moriondo: The Myth of the Selfish Barista
  3. ↑ Racineux, Sebastien; Tran, Chung-Leng. (2019-11-07). Coffee: It's not rocket science: A quick & easy guide to brewing, serving, roasting & tasting coffee. Octopus. ISBN 978-0-600-63683-0
  4. ↑ Bersten, Ian. The first Espresso machine - Angelo Moriondo
  5. ↑ (24 July 1884). Chiosco del caffè Ligure. La Stampa. পৃ. 3
  6. ↑ The hidden story behind Moriondo's invention of the espresso machine — Italianmedia. ilglobo.com.au
  7. ↑ Angelo Moriondo's 171st Birthday. Google
  8. ↑ Bersten, Ian. (1993). Coffee Floats Tea Sinks: Through History and Technology to a Complete Understanding. Helian Books. ISBN 0-646-09180-8
  9. ↑ Coffee Lovers Sip! Google Pays Tribute To Godfather Of Espresso Machines. NDTV.com

সম্পৰ্কিত শ্ৰেণী

উদ্ভাৱক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এঞ্জেলো মৰিঅণ্ডো” প্ৰবন্ধৰ সংশোধন ৬১৫০৪১ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।