উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। ভাৰত চৰকাৰে ২০০১ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এই মন্ত্ৰণালয় প্ৰতিষ্ঠা কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিমৰ আৰ্থসামাজিক উন্নয়নৰ বাবে এই মন্ত্ৰণালয়ে কাম কৰে।১ ই কেন্দ্ৰীয় চৰকাৰ আৰু মন্ত্ৰণালয়সমূহৰ লগত উত্তৰ পূবৰ ৰাজ্যিক চৰকাৰৰ সমন্বয়ক ভূমিকা গ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন, ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰা আৰু দীৰ্ঘস্থায়ী শান্তি আৰু সুৰক্ষা নিশ্চিত কৰা ইয়াৰ অন্যতম উদ্দেশ্য।
বৰ্তমান উত্তৰ-পূব উন্নয়ন মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ জিতেন্দ্ৰ সিং। তেওঁ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী।২
দায়িত্ব আৰু কৰ্তব্য
উত্তৰ-পূব উন্নয়ন বিভাগ ২০০১ চনত সৃষ্টি কৰা হৈছিল যদিও ২০০৪ চনত ই পূৰ্ণপৰ্যায়ৰ মন্ত্ৰণালয়ৰ স্বীকৃতি লাভ কৰে। ইয়াৰ মুখ্য কাম হল উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা।
উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়ৰ মুখ্য কাৰ্য সমূহ হল,
- অসমাপক কেন্দ্ৰীয় পুঁজিৰ যোগান (Non Lapsible Central Pool of Resources)৩
- উত্তৰ পূব পৰিষদ
- কেন্দ্ৰীয় চৰকাৰ আৰু মন্ত্ৰণালয়সমূহৰ লগত উত্তৰ পূবৰ ৰাজ্যিক চৰকাৰৰ সমন্বয়ক ভূমিকা পালন কৰা
- সামৰ্থ্য নিৰ্মাণ
- অধিবক্তা আৰু প্ৰচাৰ
- আন্তৰ্জাতিক সহযোগ
- বিভাগৰ উদ্যমীতা
সংস্থাসমূহ
উত্তৰ পূব উন্নয়ন মন্ত্ৰণালয়ৰ অন্তৰ্গত সংস্থাসমূহ হ'ল,৪
- উত্তৰ পূব পৰিষদ
- উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম (নেডফি)
- উত্তৰ পূব আঞ্চলিক কৃষি বিপনন নিগম
- ছিক্কিম খনি নিগম
- উত্তৰ পূব হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন নিগম
ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ)
- জিতেন্দ্ৰ সিং: নৱেম্বৰ ২০১৪ – বৰ্তমানলৈকে
- বিজয় কুমাৰ সিং: মে ২০১৪ - নৱেম্বৰ ২০১৪৫
- পৱন সিং ঘাটোৱাৰ: জুলাই ২০১১ - মে ২০১৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ About us. Mdoner.gov.in
- ↑ New Ministers assume office; PM to hold 1st meeting of expanded cabinet. The Indian Awaaz
- ↑ Non-Lapsable Central Pool of Resources. Pib.nic.in
- ↑ Archived copy
- ↑ (27 May 2014). List of ministers in Narendra Modi's government. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়” প্ৰবন্ধৰ সংশোধন ৪২৩৬৩৫ (২০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।