ঘেৰাও, যাৰ অৰ্থ "ঘেৰি ৰখা" হৈছে এনে এটা শব্দ যিয়ে ভাৰতৰ শ্ৰমিক কৰ্মী আৰু সংঘৰ নেতাসকলে ব্যৱহাৰ কৰা কৌশলক বুজায়; ই পিকেটিঙৰ দৰেই। সাধাৰণতে, কোনো ৰাজনীতিবিদ বা চৰকাৰী ভৱন এটাক তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে বা উত্তৰ নিদিয়ালৈকে এটা দলে ঘেৰি ধৰি থাকে।১ এই নীতিটো শ্ৰম খণ্ডত প্ৰতিবাদৰ আনুষ্ঠানিক মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিছিল ক্ৰমে ১৯৬৭ আৰু ১৯৬৯ চনত পশ্চিম বংগৰ সংযুক্ত ফ্ৰণ্ট চৰকাৰত পিডব্লিউডি আৰু শ্ৰম মন্ত্ৰী সুবোধ বেনাৰ্জীয়ে।২৩
জনপ্ৰিয়তাৰ বাবে ২০০৪ চনত সংক্ষিপ্ত অক্সফৰ্ড ইংৰাজী অভিধানত “ঘেৰাও” শব্দটো সংযোজন কৰা হয়। ভাৰতীয়; দাবী পূৰণ নোহোৱালৈকে শ্ৰমিকসকলে নিয়োগকৰ্তাসকলক কৰ্মস্থলী এৰি যোৱাত বাধা দিয়া প্ৰতিবাদ; উৎপত্তি: হিন্দীৰ পৰা” আৰু সুবোধ বেনাৰ্জীক ঘেৰাও মন্ত্ৰী বুলি কোৱা হৈছিল।৪
২০২০–২০২১ চনৰ ভাৰতীয় কৃষকৰ প্ৰতিবাদত চৰকাৰী ভৱনৰ বিৰুদ্ধে কৃষকসকলে ঘেৰাও ব্যৱহাৰ কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ Bandyopadhyay, Ritajyoti. (2022). Streets in Motion: The Making of Infrastructure, Property, and Political Culture in Twentieth-century Calcutta. Cambridge University Press. ISBN 9781009109208
- ↑ Dasgupta, Surajit Kumar; Dāśagupta, Surajit̲a. (December 19, 1992). West Bengal's Jyoti Basu: A Political Profile Page 27. Gian Publishing House. ISBN 9788121204200
- ↑ Populist Governance
- ↑ A Defiant Rebel - Mainstream Weekly. www.mainstreamweekly.net
- ↑ Talwar, Gaurav. (8 December 2020). Farm protests: AAP holds protest march to gherao CM's office, stopped by police · Dehradun News - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘেৰাও” প্ৰবন্ধৰ সংশোধন ৬১৮০১৪ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।