অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

খঞ্জৰী

খঞ্জৰী হৈছে তালৰ এবিধ প্ৰকাৰ। ছয় বা সাত ইঞ্চিমান ব্যাসৰ কাঠৰ খোলা এটাৰ এফালে চামৰাৰে ছোৱা হয়। খোলটো তিনি বা চাৰি ইঞ্চি ডাঠ কৰি ল’ব লাগে। এই খোলাটো কাঠৰ পাৰটোত বিন্ধা কৰি ধাতুৰ সৰু সৰু তাল তিনি বা চাৰিখনকৈ একেলগ কৰি তাঁৰৰ শলাৰে বান্ধি ৰখা হয়।

হালনাগাদ: ১৯ মে’ ২০২১ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

খঞ্জৰী হৈছে তালৰ এবিধ প্ৰকাৰ। ছয় বা সাত ইঞ্চিমান ব্যাসৰ কাঠৰ খোলা এটাৰ এফালে চামৰাৰে ছোৱা হয়। খোলটো তিনি বা চাৰি ইঞ্চি ডাঠ কৰি ল’ব লাগে। এই খোলাটো কাঠৰ পাৰটোত বিন্ধা কৰি ধাতুৰ সৰু সৰু তাল তিনি বা চাৰিখনকৈ একেলগ কৰি তাঁৰৰ শলাৰে বান্ধি ৰখা হয়। এখন হাতেৰে পাৰটোত ধৰি আনখন হাতৰ আঙুলিৰে চামৰা অংশত চপৰিয়াই এই বাদ্যবিধ বজোৱা হয়। এইদৰে বজোৱাৰ লগে লগে বাদ্যবিধৰ তালবোৰো পৰস্পৰে ঘৰ্ষণ কৰাৰ ফলত সিবিলাকো বাজি উঠে। এই বাদ্যটিয়ে সংগীত জগতত খঞ্জৰী নামেৰে জনাজাত। সাধাৰণতে খঞ্জৰী লোকগীত, দিহানাম আদি পৰিৱেশনৰ সময়ত সংগত কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ ধৰ্মেশ্বৰ বৰুৱা. (২০০৫). অসমৰ বাদ্যৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ. বাণী মন্দিৰ. পৃ. ৫০

সম্পৰ্কিত শ্ৰেণী

অসমৰ বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খঞ্জৰী” প্ৰবন্ধৰ সংশোধন ২৭৮০২০ (১৯ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।