অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মিকিৰ বৰা চুক

১৯০৩ চনত প্ৰতিষ্ঠা হোৱা মিকিৰ বৰা চুক গাঁওখন বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত। তথ্যমতে গাঁৱৰ প্ৰথম পুৰুষ মিকিৰৰ চাংঘৰত জন্ম হোৱা বাবে তেওঁৰ নাম মিকিৰ বৰা ৰাখে আৰু তাৰপৰাই গাঁওখনৰ নাম মিকিৰ বৰা চুক হয়। এই গাঁৱৰ পূৰ্বপুৰুষসকল বৰ্তমান মাজুলী জিলাৰ নাচনীপাৰত বসতি কৰিছিল।

হালনাগাদ: ৪ নৱেম্বৰ ২০২৪ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

১৯০৩ চনত প্ৰতিষ্ঠা হোৱা মিকিৰ বৰা চুক গাঁওখন শিৱ জিলাৰ পূব প্ৰান্তত অৱস্থিত। তথ্যমতে গাঁৱৰ প্ৰথম পুৰুষ মিকিৰৰ চাংঘৰত জন্ম হোৱা বাবে তেওঁৰ নাম মিকিৰ বৰা ৰাখে আৰু তাৰপৰাই গাঁওখনৰ নাম মিকিৰ বৰা চুক হয়। এই গাঁৱৰ পূৰ্বপুৰুষসকল বৰ্তমান মাজুলী জিলাৰ নাচনীপাৰত বসতি কৰিছিল। অত্যাধিক বানপানী আৰু গৰাখহনীয়া বাবে তেওঁলোক মাজুলীৰ পৰা উঠি গৈ গোলাঘাট আৰু কাৰ্বি আংলং জিলা জিলাৰ সীমান্তৱৰ্তীত বসবাস কৰিবলৈ লয়। কিন্তু সেইসময়তে মানৰ তৃতীয় আক্ৰমণ আৰম্ভ হোৱাত পূৰ্বপুৰুষৰ মাকক কোনো মিকিৰৰ চাংঘৰত লুকুৱাই থৈ তেওঁলোক তাৰপৰা পলায়ন কৰে যিহেতু তেওঁ গৰ্ভৱতী আছিল তাৰউপৰি মানে চাংঘৰত বাস কৰা লোকসকল বৰ বিশেষ আক্ৰমণ কৰা নাছিল। এই মানৰ আক্ৰমণ মাৰ যোৱাত‌ পুনৰ মাক আৰু পুতেক মাজুলীলৈ উভতি আহে। মাজুলীত কেইবাবছৰ থকাৰ পিছত ১৯০৩ চনত একেই গৰাখহনীয়া আৰু বানপানীৰ বাবে বৰ্তমান গাঁওখন থকা ঠাইতে হাবি-জঙ্ঘল চাফা কৰি ঘৰ-বাৰী পাতি স্থায়ীভাৱে থাকিবলৈ হয়। লগতে এটি নামঘৰো স্থাপন কৰে। বৰ্তমান এই গাওঁখন আৰু নামঘৰ ভাগে বয়স অনুসাৰে ১২০বছৰ সম্পূৰ্ণ কৰিছে।

গাঁৱৰ অনুষ্ঠানসমূহ

বৰ্তমান এই গাঁওখনত থকা অনুষ্ঠানসমূহ হ'ল—

  1. মিকিৰ বৰা চুক প্ৰাথমিক বিদ্যালয়।
  2. ৰূপজ্যোতি মধ্য ইংৰাজী বিদ্যালয়।
  3. ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়।
  4. মিকিৰ বৰা চুক শাখা ডাকঘৰ।
  5. সীমান্তিকা মইনা পাৰিজাত।
  6. ভৱানী যুৱক সঙ্ঘ।
  7. মিকিৰ বৰা চুক উন্নয়ন সমিতি।
  8. মিকিৰ বৰা চুক মহিলা সমিতি।
  9. মিকিৰ বৰা চুক শিপিনী সঙ্ঘ।

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিকিৰ বৰা চুক” প্ৰবন্ধৰ সংশোধন ৪৪২৬৭৩ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।