অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লায়েট ন-চুঙী গাঁও

লায়েট ন-চুঙী যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ এখন গাঁও। এই গাঁওখন বিৰিণশায়েক গাঁও পঞ্চায়ত আৰু আমগুৰি খৰিকটীয়া মৌজাৰ অন্তৰ্গত॥গাঁওখনৰ দাঁতি-কাষৰীয়া গাঁওকেইখন হ’ল- ফালেঙীচুক, বেপাৰীচুক, হাঁহখোৱা চুক,হাতীপৰা, মৰাণি চুক চেলাউৰীয়া, চেঙেলীচুক, দিহিঙ্গীয়া, অগ্নিগাঁও আৰু বিৰিণাশায়েক গাঁও।

হালনাগাদ: ১১ জুন ২০২০ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লায়েট ন-চুঙী যোৰহাট জিলাৰ তিতাবৰ মহকুমা মহকুমাৰ এখন গাঁও। এই গাঁওখন বিৰিণশায়েক গাঁও পঞ্চায়ত আৰু আমগুৰি খৰিকটীয়া মৌজাৰ অন্তৰ্গত॥গাঁওখনৰ দাঁতি-কাষৰীয়া গাঁওকেইখন হ’ল- ফালেঙীচুক, বেপাৰীচুক, হাঁহখোৱা চুক,হাতীপৰা, মৰাণি চুক চেলাউৰীয়া, চেঙেলীচুক, দিহিঙ্গীয়া, অগ্নিগাঁও আৰু বিৰিণাশায়েক গাঁও।১

নামৰ উৎপত্তি

লায়েট নামটো আহিছে লায়েক শব্দৰ পৰা। পুৰণি কালত অঞ্চলটোত এখন বাচক-বনীয়া উৰ্ব্বৰ পথাৰ আছিল যাৰ নাম আছিলে 'লায়েক বছা পথাৰ'। পিছলৈ ইয়াৰে অপভ্ৰংশ ৰূপত নামটো হয় 'লায়েট বছা পথাৰ'। এই পথাৰৰ উপকণ্ঠত এখনি গাঁও আছিল যাৰ নাম আছিল লায়েট বছা গাঁও। কুৰি শতিকাৰ আৰম্ভণিতে যেতিয়া কলেৰা মহামাৰী হৈছিল তেতিয়া গাঁওখনটো ইয়াৰ প্ৰভাৱ পৰিছিল; যিকেইঘৰ মানুহ সুস্থ আছিল তেওঁলোক এক ফাৰ্লং মান উজাই আহি নতুনকৈ গাঁও স্থাপন কৰিলে আৰু ন-চুং পাতিলে। গাঁৱৰ নাম সলাই তেতিয়া লায়েট ন-চুঙী গাঁও ৰখা হ'ল।১

যাতায়াত

গাঁওখনৰ মাজেদি দিহিঙ্গীয়া-বিৰিণাশায়েক পথটো গৈছে। এই পথটো এটা পকী পথ। এই পথটোৰ পৰা ওলোৱা উপপথবোৰে গাঁওখনক চুবুৰীয়া গাঁওকেইখনৰ লগত সংযোগ কৰিছে।

অনুষ্ঠানসূহ

গাঁওখনৰ মূলপথটোৰ দাঁতিতে গাঁওখনৰ প্ৰাথমিক, আৰু অংগনবাড়ী বিদ্যালয়কেইখন আছে। গাঁওখনৰ যুৱ-সংঘৰ নাম হ’ল ‘জাগৰণ যুৱ সংঘ’। এই সংঘটোৱে ১৯৪৮ চনত জন্ম লাভ কৰিছিল লায়েট ন-চুঙী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ চৌহদত। তেতিয়া ইয়াৰ নাম আছিল লায়েট ন-চুঙী যুৱক সংঘ ।১ গাঁওখনৰ মইনা-পাৰিজাত সংগঠনটোৰ নামো "জাগৰণ"।

তথ্যসূত্ৰ

  1. ↑ বড়া, ৰেব; কছাৰী, চন্দ্ৰ. (২০০৮). জাগৰণ স্মৃতি গ্ৰন্থ. জাগৰণ যুৱ সংঘৰ সোণালী জয়ন্তী উদ্‌যাপনৰ অভ্যৰ্থনা সমিতি

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লায়েট ন-চুঙী গাঁও” প্ৰবন্ধৰ সংশোধন ২৩৭৮৫২ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।