অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হৰিপুৰ গাঁও

হৰিপুৰ গাঁওখন শদিয়া মহকুমা তথা শদিয়া মৌজাৰ অন্তৰ্গত। শদিয়া মহকুমাৰ সদৰ ঠাই চপাখোৱৰ পশ্চিম দিশত হৰিপুৰ গাঁও অৱস্থিত। এই গাঁওখন চপাখোৱাৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। হৰিপুৰলৈ যাবলৈ ইচলামপুৰ তিনিআলিৰ পৰা ফালৰি কাতি যোৱা পথটোৰে যাব লাগে।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

হৰিপুৰ গাঁওখন শদিয়া মহকুমা তথা শদিয়া মৌজাৰ অন্তৰ্গত। শদিয়া মহকুমাৰ সদৰ ঠাই চপাখোৱৰ পশ্চিম দিশত হৰিপুৰ গাঁও অৱস্থিত। এই গাঁওখন চপাখোৱাৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। হৰিপুৰলৈ যাবলৈ ইচলামপুৰ তিনিআলিৰ পৰা ফালৰি কাতি যোৱা পথটোৰে যাব লাগে। তিনিচুকীয়া চহৰৰ পৰা আহিলে শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুৰ পৰা প্ৰায় ১০ কিলোমিটাৰ অতিক্ৰম কৰি কুণ্ডিল নদীৰ ওপৰৰ দলংখন পাৰ হৈ ৩৭ নং ঘাই পথৰ পৰা বাঁওফালৰ পথটোৰেও হৰিপুৰ গাঁৱলৈ যোৱা হয়।

গাঁওখনৰ বাসিন্দাসকল কৈৱৰ্ত সম্প্ৰদায়ৰ। জনসংখ্যা প্ৰায় ছশ। গাঁওখনত দুখন প্ৰাথমিক বিদ্যালয় আছে। এখনৰ নাম হৰিপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু আনখনৰ নাম ২ নং হৰিপুৰ প্ৰাথমিক বিদ্যালয়। গাঁওখনত এটা নামঘৰ আছে। এই গাঁওখনৰ বাসিন্দাসকল মূলতঃ গোলাঘাটৰ নগোৰা সত্ৰৰ শিষ্য।

জীৱিকা হিচাবে অতিততে প্ৰায় সকলো লোকেই মাছমৰীয়া আছিল যদিও বৰ্তমান এতিয়া এই বৃত্তি সকলোৱে ত্যাগ কৰি অন্যান্য কৰ্মত নিয়োজিত হৈছে। বহু সংখ্যকে চৰকাৰী চাকৰি কৰাৰ উপৰিও অন্যান্য ব্যৱসায়ৰ লগতো জড়িত হৈ পৰিছে।

বৰ্তমান হৰিপুৰৰ গাঁও-বুঢ়াজন হ’ল শ্ৰীযুত তুলন কুমাৰ দাস আৰু গাঁও পঞ্চায়তৰ সদস্য জনৰ নাম হ'ল শ্ৰীমতী নিহাৰিকা দাস। গাঁও পঞ্চায়তৰ নাম - ৰাজগড় গাঁও পঞ্চায়ত৷

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিপুৰ গাঁও” প্ৰবন্ধৰ সংশোধন ৫৩৬৯১১ (২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।