নগাঁও কাগজ কল অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত এক কাগজ কল। ১৯৭০ চনত প্ৰতিষ্ঠা কৰা এই উদ্যোগটোৰ উৎপাদন আৰম্ভ হয় ১৯৮৫ চনৰ পৰা। ই কলটো কাগজ উৎপাদনত এছিয়াৰ ভিতৰতে প্ৰথম।
স্থাপন
১৯৭০ চনত ভাৰত চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠা হৈছিল হিন্দুস্তান কাগজ নিগমৰ। হিন্দুস্তান কাগজ নিগমে সমগ্ৰ ভাৰততে কাগজৰ নাটনিৰ বাবে পাঠ্যপুথি ছপা কৰাত অসুবিধা হোৱাত ১৯৭৭ চনত নগাঁও কাগজ কল প্ৰতিষ্ঠাৰ প্ৰস্তাৱ লয় আৰু উৎপাদন আৰম্ভ হয় ১৯৭৮ চনত।
অৱস্থিতি
১৯৮৯ চনত নগাঁও জিলাৰ পৰা মৰিগাঁও মহকুমাক জিলা হিচাপে ঘোষণা কৰাত জাগীৰোডত থকা কাগজ কলটোও নগাঁও জিলাৰ পৰিৱৰ্তে মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত হৈ পৰে। কিন্তু নামটো নগাঁও কাগজ কল হিচাপেই থাকি যায়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত, জাগীৰোড চহৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ পূবে নগাঁও কাগজ কল অৱস্থিত। এই কলটোৰ বাবেই জাগীৰোড চহৰখন কাগজ নগৰী হিচাপে জনপ্ৰিয় হৈ পৰিছে।
উৎপাদন আৰু বহনক্ষমতা
প্ৰথম অৱস্থাত কেৱল পাঠ্যপুথি আৰু আন শৈক্ষিক কাম কাজত প্ৰয়োজন হোৱা কাগজহে নগাঁও কাগজ কলে উৎপাদন কৰিছিল। বাণিজ্যিকভাৱে কাগজ উৎপাদন আৰম্ভ হয় ১৯৮৫ চনত। এই কলটো কাগজ উৎপাদনত এছিয়াৰ ভিতৰতে প্ৰথম। ভাৰতৰ অন্য কাগজ কলতকৈ উৎপাদন ক্ষমতা, যন্ত্ৰপাতি আদি সকলো ফালৰ পৰা ডাঙৰ। উৎপাদন কেন্দ্ৰ, আবাসিক অঞ্চল আৰু অন্যান্য অনুষ্ঠান অদিকে লৈ কাগজ কলটোৱে সৰ্বমুঠ ছশ একৰ মাটি আগুৰি আছে। মুঠ পাঁচটা গোটৰ দ্বাৰা ইয়াৰ কাম কাজ পৰিচালিত হয়। গোটকেইটা হৈছে প্ৰশাসনিক,কাৰিকৰী,বাণিজ্যিক,উৎপাদন আৰু বন। বৰ্তমান উৎপাদন গোটটোৱে দৈনিক ৩০০ টন কাগজ উৎপাদন কৰিব পাৰে। উৎপাদন গোটৰ কাৰ্যক্ষমতা সম্পূৰ্ণ নিৰ্ভৰ কৰে বিজুলী যোগানৰ ওপৰত। কাগজ কলটোৱে নিজা উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰে আৰু কিছু পৰিমাণে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে যোগান ধৰে। ১
কেঁচামাল
কেঁচামাল হিচাপে প্ৰধানকৈ বাঁহ ব্যৱহাৰ হয়। উৎপাদনত ব্যৱহৃত বাঁহ,কাঠ অসমৰ বিভিন্ন ঠাইৰ পৰা আহে। বাঁহ যোগানৰ বাবে কলৰ কিছুমান নিৰ্দ্দিষ্ট যোগনিয়াৰ আছে। খুচুৰা যোগনিয়াৰ সকলে বাঁহ, কাঠ আদি ট্ৰাকত আনি মিলৰ যোগনিয়াৰসকলক দিয়েহি। কাগজ কলটোৱে অসমৰ কিছু অঞ্চলত নিজাকৈ বাঁহ উৎপাদনৰ ব্যৱস্থা কৰিছে। এনে খেতিয়কে উৎপাদিত বাঁহ কেৱল কাগজ কলকহে দিব পাৰে। এইবোৰ ব্যৱস্থাৰ উপৰিও বাঁহ মজুতকৰণৰ কেইবাটাও ভঁৰাল অসমৰ বিভিন্ন ঠাইত আছে যাতে বাৰিষা সময়ত বাঁহৰ যোগান কমি নাযায়। ২
বিক্ৰী
নগাঁও কাগজ কলে প্ৰত্যক্ষভাৱে ইয়াৰ উৎপাদিত কাগজ বিক্ৰী নকৰে। হিন্দুস্তান কাগজ নিগমৰ অনুমোদিত কিছু বিতৰক-বিক্ৰেতাৰ যোগেদিহে বিক্ৰীৰ ব্যৱস্থা কৰা হয়। তদুপৰি চৰকাৰী আৰু বাতৰি কাকতৰ যোগানকে ধৰি কিছু কাগজৰ সৰবৰাহ প্ৰত্যক্ষভাৱে কৰা হয়।
প্ৰদূষণ আৰু বিতৰ্ক
নগাঁও কাগজ কল প্ৰদূষণৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰা দেখা যায়। কাগজ কলৰ প্ৰদূষণৰ বাবে ওচৰ পাজৰৰ লোকৰ ছালৰ ৰোগ,শ্বাস-প্ৰশ্বাস জাতীয় ৰোগ হোৱাৰ অভিযোগ শুনা যায়। কাগজ কলৰ দাঁতিত থকা তৰঙা বিলত পেলনীয়া দ্ৰব্য পেলোৱাৰ ফলত পানী দূষিত হৈ মাছ কাছকে ধৰি আন জলজ প্ৰাণীৰ মৃত্যু হোৱাৰ খবৰ পোৱা যায়। প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দুৰ্বল ভূমিকা লোৱা বুলি কৰ্তৃপক্ষ সমালোচিত হৈ আহিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও কাগজ কল” প্ৰবন্ধৰ সংশোধন ২৫০৫২৪ (২৬ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।