অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩ আগষ্ট

ঘটনাৱলী

  • ১৩৪৭আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
  • ১৪৯২ক্ৰিষ্টোফাৰ কলম্বাছে পালোচ দি লা ফ্ৰণ্টেৰোৰ পৰা তিনিখন জাহাজ ছাণ্টা মাৰিয়া, পিণ্টা আৰু ছাণ্টা ক্লাৰা বা নিনাৰ সৈতে নিজৰ প্ৰথম যাত্ৰা আৰম্ভ কৰে।
  • ১৭৮০মেজৰ প'হামৰ (ইংঃ Popham) অধীনত কেপ্টেইন ব্ৰুচে গোৱালিয়ৰ দূৰ্গ দখল কৰে।
  • ১৯১৪প্ৰথম বিশ্বযুদ্ধত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
  • ১৯৩৪হিটলাৰে জাৰ্মানীৰ ৰাষ্ট্ৰপতি আৰু 'চেঞ্চেলৰ' কাৰ্যালয় এক কৰি নিজকে অধিনায়ক (জাঃ Führer বা ইংঃ leader) ঘোষণা কৰে।
  • ১৯৫৪ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
  • ১৯৬০নাইজাৰে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯নৰ্মদা বচাও আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
  • ২০০৪বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।

জন্ম

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ