অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৯ আগষ্ট

ঘটনাৱলী

  • ১৮৪২গ্ৰেট ব্ৰিটেইন আৰু চীনে নানকিঙ্গ চুক্তিত স্বাক্ষৰিত কৰে।
  • ১৮৮২অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
  • ১৮৮৫গ'টলিব ডায়েমলাৰে মটৰ চাইকেলৰ পেটেণ্ট লাভ কৰে।
  • ১৮৯৮গুডইয়েৰ টায়াৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয়।
  • ১৯১০কোৰিয়া জাপানৰ অধীনলৈ যায়।
  • ১৯৪৭ড॰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ ভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
  • ১৯৫৩ৰাছিয়াই আৰ ডি এছ.-১ (RDS-1) নামৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিষ্ফোৰণ ঘটাই।
  • ১৯৮২১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
  • ১৯৯১ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
  • ২০০৪এথেন্স অলিম্পিক - ২০০৪ৰ সমাপ্তি ঘটে।

জন্ম

  • ১৬৩২জন ল'কে, ইংৰাজ দাৰ্শনিক, উদাৰতাবাদৰ জনক। (মৃঃ ২৮ অক্টোবৰ, ১৭০৪)
  • ১৮৬২মৰিচ মেটাৰলিংক, বেলজিয়ামৰ কবি, নাট্যকাৰ।
  • ১৯০২ভেৰিয়া এলউইন, ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক।
  • ১৯০৫মেজৰ ধ্যান চান্দ, হকীৰ যাদুকৰ। (মৃঃ ৩ ডিচেম্বৰ, ১৯৭৯)
  • ১৯১৫ইনগ্ৰিড বাৰ্গমেন, প্ৰখ্যাত অভিনেত্ৰী।
  • ১৯২৩ৰিছাৰ্ড এটেনবৰ', ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক। (মৃঃ ২৪ আগষ্ট,২০১৪)
  • ১৯৪৯কে ৰাধাকৃষ্ণণ, ভাৰতৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন অধ্যক্ষ। চন্দ্ৰযান-১ আৰু মংগল গ্ৰহৰ কক্ষপথ অভিযানৰ বাবে জনাজাত।
  • ১৯৫৮মাইকেল জেকছন (মাইকেল জেকচন), জনপ্ৰিয় পপ গায়ক। (মৃঃ ২৫ জুন, ২০০৯)
  • ১৯৫৯অক্কিনেনি নাগাৰ্জুনা ৰাও বা অক্কিনেনি নাগাৰ্জুন, টলীউডৰ অভিনেতা।

মৃত্যু

  • ১৮৫৩চাৰ্লছ জেমছ নেপিয়াৰ, ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গৱৰ্ণৰ আছিল। (মৃঃ ১০ আগষ্ট, ১৭৮২)
  • ১৮৬৫ৰবাৰ্ট ৰেমাক, পোলেণ্ড আৰু জাৰ্মানীৰ চিকিৎসা বিজ্ঞানী। (মৃঃ ১৬ জুলাই, ১৮১৫)
  • ১৯৭৬কাজী নজৰুল ইছলাম, জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক আৰু বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত আছিল।
  • ১৯৯০তাৰিকুদ্দিন আহমেদ, অসমীয়া সংগীত শিল্পী।
  • ১৯৯৪তুষাৰকান্তি ঘোষ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন ভাৰতীয় বঙালী সাংবাদিক আৰু লেখক। (মৃঃ ২১ ছেপ্টেম্বৰ, ১৮৯৮)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ