অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৮ আগষ্ট

ঘটনাৱলী

  • ১৮০০ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাত ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হয়। কিন্তু অতি দুখৰ বিষয় যে ১৮৫৪ চনত এই কলেজখন বন্ধ হৈ যায়।
  • ১৮৬৪সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়। এই মহান অনুষ্ঠানৰ প্ৰতিষ্ঠাতা আছিল হেনৰী ডুৰাণ্ট।
  • ১৯৫১ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী, পশ্চিমবংগৰ খড়গপুৰত মুকলি হয়।
  • ২০০৪এথেন্স অলিম্পিক শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৰূপক পদক লাভ কৰে।

জন্ম

  • ১৭০০বাজি ৰাও -১ (বাজিৰাও বাল্লাল), মাৰাঠা সাম্ৰাজ্য়ৰ সপ্তম পেছোৱা।
  • ১৮৭২পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
  • ১৮৮০স্বামী নিগমানন্দ, ভাৰতৰ এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা।
  • ১৯০০বিজয়লক্ষ্মী পণ্ডিত, এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তাই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। (মৃত্যু: ১ ডিচেম্বৰ, ১৯৯০)
  • ১৯৩২লুক মণ্টেনিয়াৰ (Luc Montagnier), জীৱ বিজ্ঞানী, এইচ.আই.ভি. (ইংঃ HIV; পূৰ্ণৰূপঃ Human Immunodeficiency Virus; হিউমেন ইমিউন'ডেফিছিয়েঞ্চি ভাইৰাছ) বা মানৱ প্ৰতিৰক্ষা অভাৱ সৃষ্টিকাৰী ভাইৰাছৰ আৱিষ্কাৰক।
  • ১৯৩৬গুলজাৰ ভাৰতৰ প্ৰসিদ্ধ গীতিকাৰ, কবি আৰু চিনেমা পৰিচালক।
  • ১৯৪৬অৰুণা ইৰানী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫৬সন্দীপ পাটিল, প্ৰাক্তন ক্ৰিকেট খেলুৱৈ, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
  • ১৯৫৯নিৰ্মলা সীতাৰমণ, ৰাজনেত্ৰী, ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী।
  • ১৯৬৭দলেৰ মেহেন্দী (দলেৰ সিং), ভাঙ্গৰা-পপ গায়ক।
  • ১৯৮০জেৰিফা ৱাহিদ, অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী।

মৃত্যু

  • ১২২৭ছেঙ্গিজ খান, মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
  • ১৮৫০বালজাক, ফৰাচী ঔপন্যাসিক।
  • ১৯৪৫সুভাষ চন্দ্ৰ বসু, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ফৰমোছা দ্বীপৰ কাষত হোৱা বিমান দুৰ্ঘটনাত বসুৰ মৃত্যু হয় বুলি ধৰা হয়। অৱশ্যে ইয়াকলৈ মতানৈক্য আছে।
  • ১৯৪৬অমূল্য বৰুৱা, অসমীয়া কবি।
  • ১৯৮৮দীননাথ শৰ্মা, "আৱাহন" যুগৰ এগৰাকী গল্পকাৰ।
  • ২০০০লক্ষ্যধৰ চৌধুৰী, অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ২০১৮ক'ফি আন্নান, ৰাষ্ট্ৰসংঘৰ ভূতপূৰ্ব সচিবপ্ৰধান।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ