ইতিহাসৰ আজিৰ দিনত
১৯ আগষ্ট
ঘটনাৱলী
- ১৭৫৭কলকাতা বা কলিকতাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম টকাৰ (ৰুপীয়া) মুদ্ৰা খনন (minted) কৰে।
- ১৯০০অলিম্পিকৰ একমাত্ৰ ক্ৰিকেট খেলখন আৰম্ভ হৈছিল, দুদিনীয়া খেলখন গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত ১৯ আগষ্টৰ পৰা ২০ আগষ্টলৈ হৈছিল। ১৫৮ ৰানত বিজয়ী হৈ গ্ৰেট ব্ৰিটেইনে সোণৰ পদক পাইছিল।
- ১৯৩০চনৰ এই তাৰিখে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। সেই সময়ত এই মহাবিদ্যালয়খনৰ নাম আছিল উজনি অসম মহাবিদ্যালয় (Upper Assam College)। এইখনেই উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়।
- ১৯৪৯ভুৱনেশ্বৰ চহৰক উৰিষ্য়াৰ (ওড়িশা) ৰাজধানী বনোৱা হয়।
জন্ম
- ১৬৪৬জন ফ্লেমষ্টিড, ইংৰাজ আৰু ইংলেণ্ডৰ প্ৰথম ৰয়েল জ্য়োতিৰ্বিজ্ঞানী।
- ১৮৭১অৰভিল ৰাইট, মাৰ্কিন উৰাজাহাজৰ আৱিষ্কাৰক, ৰাইট ভাতৃদ্বয়ৰ এজন।
- ১৮৮০জ্ঞানদাভিৰাম বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ লেখক, শিক্ষাবিদ আৰু অভিনেতা, নগাঁৱৰ ফৌজদাৰীপট্টীত জন্ম হৈছিল।
- ১৯০৪পাৰ্ৱতি প্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, কবি, গীতিকাৰ তথা নাট্যকাৰ, শিৱসাগৰ জিলাত জন্ম হৈছিল।
- ১৯১৮শঙ্কৰ দয়াল শৰ্মা, ভাৰতৰ নৱম ৰাষ্ট্ৰপতি (১৯৯২ পৰা ১৯৯৭ লৈ)।
- ১৯১৯মেলকম ফৰ্বছ, আমেৰিকাৰ বিখ্য়াত ফৰ্বছ আলোচনীৰ প্ৰকাশক।
- ১৯২৬অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক আৰু অনুবাদক, "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য" কবিতা পুথিৰ বাবে তেখেতক "১৯৮৯" চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
- ১৯২৮অনুপমা ভট্টাচাৰ্য, অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী গুৰিধৰোঁতা অভিনেত্ৰী, শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল। তেখেত অসমৰ “মীনা কুমাৰী” হিচাপে খ্যাত।
- ১৯৪৬বিল ক্লিণ্টন, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৬৭সত্য নাডেলা বা নাডেলা সত্য নাৰায়ণ, মাইক্ৰ'ছফ্টৰ চি ই অ'(CEO), হায়দৰাবাদত জন্ম হৈছিল।
- ১৯৮৫বিজয় কুমাৰ, ভাৰতৰ এজন প্ৰসিদ্ধ শ্বুটাৰ, ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক জয় কৰিছিল।
মৃত্যু
- ১৪আগষ্টাছ চিজাৰ, প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ প্ৰথম ৰোমান সম্ৰাট (২৭ খ্ৰীষ্টপূৰ্বৰ পৰা ১৪ খ্ৰীষ্টাব্দ), ৭৫ বছৰ বয়সত মৃত্য়ু হয়।
- ১৬৬২ব্লেইজ পাস্কেল, মহান গণিতজ্ঞ আৰু বিজ্ঞানী, পাস্কেলৰ কেল্কুলেটৰৰ আৱিষ্কাৰক, পেৰিচত জন্ম হৈছিল।
- ১৮২২জ্য়াঁ বেপষ্টিটে জোছেফ ডেলামব্ৰে, ফৰাচী গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ।
- ১৯৯৩উৎপল দত্ত - প্ৰথম, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেতা আৰু পৰিচালক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ