ইতিহাসৰ আজিৰ দিনত
২৫ জুলাই
জন্ম
- ১৮৭৫বিখ্যাত ইংৰাজ চিকাৰী জিম কৰবেট, লগতে লেখক আৰু প্ৰকৃতিবিদ।
- ১৯২০ৰ'জেলিণ্ড ফ্ৰেংকলিন, ব্ৰিটিছ ৰসায়ন বিজ্ঞানী আৰু এক্স ৰে'-ক্ৰিষ্টেল'গ্ৰাফাৰ (ইংঃ X-ray crystallographer)। (মৃঃ ১৯৫৮)
- ১৯২৯সোমনাথ চেটাৰ্জি, ৰাজনেতা, চতুৰ্দশ লোকসভাৰ অধ্য়ক্ষ।
- ১৯৮৭লুইজ জয় ব্ৰাউন, বিশ্বৰ প্ৰথম টে'ষ্ট টিউব শিশু।
মৃত্যু
- ১৮৩৪ছেমুয়েল টেইলৰ ক'লাৰিজ ব্ৰিটিছ ৰোমাণ্টিক কবি।
- ১৯৯১নিপ বৰুৱা, বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক। স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)ৰ যোগেদি অসমীয়া বোলছবি জগতত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা বৰুৱাৰ উল্লেখযোগ্য আন কেইখনমান চলচ্চিত্ৰ হ’ল আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, এণ্টনি মোৰ নাম, বৰুৱাৰ সংসাৰ আদি।
- ২০০১দস্যু ৰাণী ফুলন দেৱী, দস্যু তথা পৰৱৰ্তী পৰ্যায়ৰ লোকসভাৰ এগৰাকী সাংসদ।
- ২০০৬পদুম বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ