অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২৬ জুলাই

ঘটনাৱলী

  • ১৮৫৬ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
  • ১৯০৮ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়।
  • ১৯৬৫মালদ্বীপে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
  • ২০০১শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
  • ২০২৪বিশ্ব ঐহিত্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ইউনেস্ক'ৰ ছীল-মোহৰ। দেশৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল চৰাইদেউ মৈদাম।
  • ২০২৪এশ বছৰ বিৰতিৰ অন্তত পেৰিছ চহৰত ৩৩ সংখ্যক অলিম্পিক খেল আৰম্ভ। এই অলিম্পিকত ২০৬খন দেশৰ ১০,৭১৪জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ৩২৯টা শাখাত ৩২বিধ খেল অনুষ্ঠিত হ'বলগীয়া এই অলিম্পিকত ভাৰতৰ ১১৭জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

জন্ম

  • ১৮৫৬জৰ্জ বাৰ্ণাৰ্ড শ্ব, এগৰাকী বিখ্যাত আইৰিছ নাট্যকাৰ।
  • ১৮৯৪আলডুছ হাক্সলী, প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক।
  • ১৯২৮ষ্টেনলি কুবৰিক, আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
  • ১৯৬৪ছান্দ্ৰা বুলক, হলিউডৰ অভিনেত্ৰী।
  • ১৯৬৭জেছন ষ্টাথাম, হলিউডৰ অভিনেতা।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ