ইতিহাসৰ আজিৰ দিনত
৭ জুন
ঘটনাৱলী
- ১৯৬৩প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।
- ১৯৭২অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
- ১৯৭৯ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।
জন্ম
- ১৪৯০মথুৰা দাস বুঢ়া আতা, ধৰ্ম প্ৰচাৰক। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
- ১৯৩২এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।
- ১৯৩৫শ্যামা, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫২অৰহান পামুক, তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ।
- ১৯৭৪এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্, এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক।
- ১৯৭৪মহেশ ভূপতি, ভাৰতীয় টেনিছ খেলুৱৈ।
- ১৯৭৫একতা কাপুৰ, ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক।
মৃত্যু
- ১৯৫৪এলান ট্যুৰিং, ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী।
- ১৯৬৪পাৰ্ৱতি প্ৰসাদ বৰুৱা, অসমীয়া সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ।
- ১৯৮২কৃষ্ণকান্ত সন্দিকৈ, অসমীয়া লেখক, সংস্কৃত পণ্ডিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য।
- ১৯৮৬অতুল চন্দ্ৰ হাজৰিকা, অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক।
- ২০০০ৰবীন বৰুৱা, সাংবাদিক।
- ২০২১ধীৰজ বাৰ্মা, আন্তঃৰাষ্টীয় পয্যায়ৰ ভাৰতীয় কমিক্ছ শিল্পী। অসমৰ মানাহ অভয়াৰন্যৰ পটভূমিত সৃষ্টি কৰা জনপ্ৰিয় চৰিত্ৰ কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ) আৰু আন্তঃৰাষ্টীয় পয্যায়ত লেডী ডেথ্, ট্ৰান্সফৰ্মাছ আৰু কেনন চৰিত্ৰৰ ৰেখাচিত্ৰ শিল্পী আছিল। (জঃ২২ অক্টোৱৰ, ১৯৬৭)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ